কীৰ্ত্তন ঘােষা
বিপ্র পুত্র আনয়ন
ঘােষাঃ মন বােল ৰাম শ্ৰীৰাম জয় জয় ৰাম।। ১
পদঃ শুক মুনি বদতি শুনিয়াে পৰীক্ষিত।
একদিনা যেন ভৈলা দ্বাৰকা পুৰীত।।
এক বিপ্র পত্নীৰ উপজি পুত্রগুটি।
ভূমিক ছুইলেক মাত্র গৈল প্রাণ ছুটি।। ১
মৃতক পুত্ৰক বিপ্রে কোলে কৰি লই।
কান্দিলা অনেক ৰাজ দুৱাৰত থই।।
ৰাজাকো ভৎসন্ত আতি কৰি তিৰস্কাৰ।
ইটো দুষ্ট দুৰ্জ্জন ক্ষত্রিয় কুলাঙ্গাৰ।। ২
কোথেৰ পাপিষ্ঠ ব্রহ্মদ্বেষী মন্দ কৰ্ম্ম।
শঠ বুদ্ধি কৰে ইটো অনেক অধৰ্ম্ম।।
পৰম লুভীয়া ৰাজা জগতকে মােষে।
মৰিল তনয় মােৰ ইহাৰেসে দোষে।। ৩
এহি বুলি গৈল দ্বিজ গৃহক উলটি।
এহিমতে উপজি মৰিল আৰগুটি।।
তাকো আনি পেলাইলন্ত ৰাজাৰ দুৱাৰে।
পূৰ্বৱতে নিন্দিলন্ত বচন প্রহাৰে।। ৪
এহি মতে বিগ্রৰ মৰি পুত্ৰ নৱ।
ভসন্ত ব্রাহ্মণে দুৱাৰত পেলাই শৱ।।
আছস্ত অৰ্জ্জুন বসি কেশৱৰ কাছে।
হেন শুনি ব্রাহ্মণক মাতিলন্ত পাছে।।
কি কাৰণে পুত্র শােকে কান্দা দ্বিজবৰ।
তােমাৰ ৰাজ্যত তেৱে নাহি ধনুদ্ধৰ।।
যাহাৰ ৰাজ্যত শােকে কান্দে দ্বিজগণ।
নুহিকে ক্ষত্রিয় সিটো নটৰ লক্ষণ।। ৬
বুজিয়ােক বিপ্র আৱে মােৰ কেন কক্ষা।
তােহ্মাৰ পুত্ৰক মই কৰিবােহাে ৰক্ষা।।
ৰাখিবে নৱাৰাে যেৱে শুনা মহাভাগ।
অগনিত ঝাসিয়া কৰিবাে তনু ত্যাগ।। ৭
শুনি বিপ্রে অৰ্জ্জুনক বুলিলা বচন।
যাক ৰাখিবাক নৱাৰিলা নাৰায়ণ।।
ৰাম কামদেৱ অনিৰুদ্ধে নাটে যাক।
তাত যত্ন কৰা ইটো মিছা গৰ্ব্ব বাক।। ৮
অৰ্জ্জুনে বােলন্ত মঞি নােহাে হলায়ুধ।
নােহাে বাসুদেৱ কামদেৱ অনিৰুদ্ধ।।
আহ্মাৰ অৰ্জ্জুন নাম দশােদিশে জানে।
গাণ্ডীৱ ধনুক মােৰ জগতে বখানে।। ৯
শঙ্কৰকো তুমি আছাে মােৰ পৰাক্রমে।
যদি কোপে আটোপে আসন্ত সাজি যমে।।
তাঙ্কো জিনি তােমাৰ পুত্ৰক দিবাে আনি।
গৈলন্ত সঞ্জাত দ্বিজে শুনি হেন বাণী।। ১০
অৰ্জ্জুনৰ বচনত হুয়া ভয়হীন।
প্রীত হুয়া গৃহত আছন্ত কতাে দিন।।
প্রসৱৰ কাল আসি মিলিল দুনাই।
ত্ৰাহি ধনঞ্জয় বুলি ব্রাহ্মণে চেঞ্চাই।। ১১
।। দ্বিতীয় কীৰ্ত্তন।।
ঘােষাঃ ৰাখা কি দয়াময় মােক যদুৰায়।
তােমাৰ ভকতি বিনে বৃথা আয়ু যায়।। ২
পদঃ শুনি পার্থে আথে বেথে গৈল দৃঢ় হুই।
কৰিলন্ত আচান্ত পৱিত্র জল ছুই।।
ইষ্টদেৱ শঙ্কৰক নমিলা অৰ্জ্জুন।
দিব্য অস্ত্র স্মৰি গাণ্ডীৱত দিলা গুণ।। ১২
টঙ্কাৰিয়া দিব্য অস্ত্ৰচয়ক জাকিলা।
অধে উৰ্দ্ধে সিটো সূতি গৃহক ঢাকিলা।।
নথাকিল সন্ধি চাইলা আঞ্জৰ পাঞ্জৰ।
গৃহক ঢাকিয়া শৰে সাজিলা পিঞ্জৰ।। ১৩
সেহিবেলা উপজিল বিপ্ৰৰ কুমাৰ।
পৃথিৱীত পড়িয়া কান্দিল বাৰম্বাৰ।।
তেখনে অদৃশ্য ভৈল শৰীৰে সহিতে।
নাকহিলা কেৱে তাক আগতে তহিতে।। ১৪
দেখি পাছে বিদ্রে পুত্রশােকৰ জমক।
কেশৱৰ আগত ভৎসিলা অৰ্জ্জুনক।।
মঞি কেন মূঢ় দেখিয়ােক সৰ্ব্বজনে।
কৰিলাে সঞ্জাত নপুংসকৰ বচনে।। ১৫
সবংশে কেশৱে নৱাৰিলে ৰাখিবাক।
আৰ কোনে পৰিত্ৰাণ কৰিবে আমাক।।
বিধিৰ বিপাকে সিটো দৈৱে ভৈলা নাশ।
কিনো মূখ তঞি তাক ৰাখিবাক চাস।। ১৬
ধিক ধনঞ্জয় ধিক গাণ্ডীৱ তােমাৰ।
মিছা কার্য্যে কিসক কৰিলি অঙ্গীকাৰ।।
বিকর্থনা অনেক কৰিল দ্বিজবৰ।
শুনি নসহিল অৰ্জ্জুনৰ কলেৱৰ।। ১৭
ধনু তুলি ধৰি পাছে মহাবিদ্যা কৰি।
তেখনে আণ্টাইল গৈয়া যমৰ নগৰী।।
পাত পাত কৰি বিচাৰিল মহাভাগ।
বিপ্রৰ পুত্ৰক তৈতে নপাইলেক লাগ।। ১৮
ইন্দ্ৰৰ নগৰে গৈয়া বিচাৰিল পশি।
তৈতাে বিপ্র পুত্রক নপাইলা মহাযশী।।
অগনি বৰুণ বায়ু চন্দ্র নৈঋতিৰ।
সবাৰাে থানক বিচাৰিলা মহাবীৰ।। ১৯
বিত বিত কৰিলন্ত সাতাে পাতালক।
তৈতাে খুজি নপাইলন্ত বিপ্ৰৰ পুত্ৰক।।
একো স্থানে বিচাৰিবে নাথাকিল ঠাই।
উলটিয়া দ্বাৰকাক আসিলা দুনাই।। ২০
ভ্রষ্ট ভৈল অঙ্গীকাৰ জানিয়া নিশ্চয়।
অগনিৰ জাম্প দিবে যান্ত ধনঞ্জয়।।
হেন দেখি সখিক ধৰিলে হৰি আসি।
মৰিবাক নেদিয়া বুলিলা পাছে হাসি।। ২১
দেখাইবাে দ্বিজৰ সৱে পুত্ৰক তােমাক।
নকৰিয়াে ঝাস লখি ৰাখা আপােনাক।।
তােমাৰ বিপুল কীৰ্ত্তি থাকিবে লােকত।
মােহােৰ বচনে নকৰিয়ে প্রাণ হত।। ২২
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্রতি।
হৰি নাম বিনা আৰ নাহি কাৰাে গতি।।
বেদৰ প্রমাণ বাণী জানি সৰ্ব্বজন।
বােলা হৰি হৰি কৰি অনেক যতন।। ২৩
।। তৃতীয় কীৰ্ত্তন।।
ঘােষাঃ শ্ৰীৰাম মাধৱ ৰাঘৱ ৰঘুপতি।। ৩
পদঃ অৰ্জ্জুনক বুলি হেন বাণী।
দিব্য ৰথে চড়ি চক্রপাণি।।
ধৰিল উত্তৰ দিশ পথ।
অৰ্জ্জুনে ডাকন্তে যান্ত ৰথ।। ২৪
সাতখান পৃথিৱী এড়াইল।
গৈয়া সাতাে সাগৰ ছড়াইল।।
ধৰি মহা মনােজয় গতি।
ভৈলা লােকালােকৰ সিভিতি।। ২৫
প্ৰৱেশিলা গােৰ অন্ধকাৰে।
ঘোঁৰা আৰ যাইবাক নপাৰে।।
হেন দেখি যােগেশ্বৰ হৰি।
আগক হানিলা চক্ৰ ধৰি।। ২৬
মহাৰশ্মি পুঞ্জে পসৰাই।
আগত আন্ধাৰ ফাড়ি যাই।।
যেন ৰাঘৱৰ শৰ ঝাকে।
বিদাৰয় ৰাক্ষস সেনাকে।। ২৭
হাজাৰেক সূৰ্য্য যেন জ্বলে।
তাহাৰ পাছত ঘোঁৰা চলে।।
ঘােৰ তম তৰিয়া সত্বৰে।
জ্যোতিপুঞ্জ পাইল তাত পৰে।। ২৮
ৰশ্মি লাগি চক্ষু ফুটে দেখি।
মুদিলা অৰ্জ্জুনে দুই আখি।।
তাক এড়ায় জল পাইলা গই।
ঘােৰ উৰ্ম্মি বায়ু উথলয়।। ২৯
পাছে ধনঞ্জয়ে যদুৰাজে।
প্ৰৱেশিলা সেহি জল মাজে।।
দুয়াে গৈয়া দেখিলা প্রত্যেক।
স্ফটিকৰ স্তম্ভ হাজাৰেক।। ৩০
দিব্য গৃহ প্রকাশন্তে আছে।
পশিলা ভিতৰ তাৰ পাছে।।
অনন্তক গৈয়া ভৈলা ভেট।
তুলি আছে হাজাৰেক ফেট।। ৩১
ফণামণি কৰে তিৰমিৰি।
প্রকাশন্ত যেন শুক্লগিৰি।।
তান শৰীৰত সুখাসনে।
প্রকাশন্ত বসি নাৰায়ণে।। ৩২
সুন্দৰ শৰীৰ মেঘ শ্যাম।
পীত বস্ত্রে আতি অনুপাম।।
প্রসন্ন বদন মনােহৰ।
আয়ত লােচন ৰুচিকৰ।। ৩৩
শিৰত কিৰীটি ৰত্নময়।
তাৰ ৰশ্মি শােভে কেশচয়।।
জ্বলে গণ্ড মকৰ কুণ্ডলে।
প্রকাশে শ্রীবৎস বক্ষঃস্থলে।। ৩৪
কণ্ঠত কৌস্তুভ নৱ সূৰ্য্য।
প্রলম্ব বর্তুল অষ্টভুজ।।
কেয়ূৰ কঙ্কণে সুশােভিত।
বনমালা আপাদলম্বিত।। ৩৫
পদ দুই পঙ্কজৰ কান্তি।
পাসি ভৈলা আঙ্গুলিৰ পান্তি।।
জ্বলে আতি নখ চন্দ্ৰচয়।
ভকতৰ প্রকাশে হৃদয়।। ৩৬
সুনন্দ প্রমুখ্যে পাৰিষদে।
চৌপাশে উপাশে নিশবদে।।
চক্র আদি অস্ত্রে মূৰ্ত্তি ধৰি।
সেৱা কৰে বিষ্ণুক আৱৰি।। ৩৭
পুষ্টি আদি ঋদ্ধি দিব্য কাছে।
মাধৱক আধাৰন্তে আছে।।
ভণিল শঙ্কৰে কৃষ্ণ পদে।
হৰি হৰি বােলা সভাসদে।। ৩৮
।। চতুর্থ কীৰ্ত্তন।।
ঘােষাঃ ৰাম বােল ৰাম বােল লােকাই।
ৰাম নাম বিনা বান্ধৱ নাই।। ৪
পদঃ অদ্ভুত ৰূপ দেখি ধনঞ্জয়।
কম্পিল শৰীৰ ভৈল বিস্ময়।।
আত্মাক কৃষ্ণে দৰশন পাই।
পড়ি প্রণামিলা মাথা দৱাই।। ৩৯
অৰ্জ্জুনাে দণ্ডৱতে পড়ি আগে।
নমিলা গৈয়া আতি অনুৰাগে।।
বিষ্ণুৰ পৰম মহিমা দেখি।
কৰিলা কৰযােড় দুয়াে সখি।। ৪০
দেখিয়া পাছে দুইকো চক্রপাণি।
হাসিয়া হেন বুলিলন্ত বাণী।।
তােমাৰ নৰ নাৰায়ণ দুই।
ভৈলা অৱতাৰ মনুষ্য হুই।। ৪১
ধৰ্ম্মক দ্বিজক ৰাখিবে লাগি।
ব্রহ্মাদেৱে দুইকো নিলন্ত মাগি।।
পৃথিৱীৰ সৱে ভাৰ সংহৰি।
আসা মােৰ ঠাইক সত্বৰ কৰি।। ৪২
তােমাৰা দুইক দেখিবাক মন।
আনিলাে সৱে দ্বিজ পুত্রগণ।।
ভৈলাে দেখা দেখি এ চিৰকালে।
পৃথিৱীক এড়ি আসা সকালে।। ৪৩
যদি পূর্ণকাম দুয়াে তােমাৰা।
সৃষ্টিৰ অর্থে আসি তপ কৰা।।
হাসিয়া এহি বুলি চক্রপাণি।
ব্রাহ্মণৰ দশ ছৱালি আনি।। ৪৪
দিলন্ত কৃষ্ণ অৰ্জ্জুনৰ হাতে।
নমিলা পাছে দুয়াে প্রণিপাতে।।
তােহ্মাৰ আজ্ঞাক পালিবাে স্বামী।
থাকিয়াে গৃহক লড়িলাে আমি।। ৪৫
এহি বুলি কৃষ্ণ অৰ্জ্জুন দুই।
উঠিলা ৰথত আনন্দ হুই।।
ব্রাহ্মণৰ সৱে পুত্ৰক লৈলা।
পুৰাণি পথে দ্বাৰকাক গৈলা।। ৪৬
পাছে ধনঞ্জয় প্রতিজ্ঞা পালি।
দিলন্ত দ্বিজৰ দশাে ছৱালি।।
মৰা পুত্রগণ পায়া ব্রাহ্মণে।
পৰম আনন্দ মিলিল মনে।। ৪৭
সভাৰ্য্যে ওলায়া যেন নাচন্ত।
অৰ্জ্জুন ধন্য বুলি বখানন্ত।।
কৃষ্ণৰ প্রসাদে বীৰ বিজয়।
এড়াইল দাৰুণ মৰণ ভয়।। ৪৮
বিষ্ণুৰ তেজ দেখি ধনঞ্জয়।
ভৈলন্ত মনত আতি বিস্ময়।।
পৌষ পুৰুষৰ কিছু নুই।
কৃষ্ণৰ প্রসাদে সমস্তে হুই।। ৪৯
এহি বুলি বীৰ দঢ়ায়া মতি।
একান্ত কৰিলা হৰি ভকতি।।
এহি মতে হৰি জগত গুৰু।
সম্যকে ভকতৰ কল্পতৰু।। ৫০
দুৰ্জ্জন জনৰ চিন্তিয়া মাৰ।
লীলায়ে ভূমিৰ হৰিলা ভাৰ।।
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
কৰিয়ো কীৰ্ত্তন সমস্ত জনে।। ৫১
আত পৰে ধৰ্ম্ম নাহিকে আন।
ব্যাসৰ বচন বেদ প্রমাণ।।
হেন জানি সুখে গৃহত থাকি।
হৰি হৰি বােল সমাজে ঢাকি।। ৫২
।। বিপ্র-পুত্র আনয়ন সমাপ্ত।।
------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.