কীৰ্ত্তন ঘােষা
দামােদৰ বিপ্র উপাখ্যান
।। প্রথম কীৰ্ত্তন।।
ঘােষাঃ ৰাম হৰি গােপাল গােৱিন্দ।
যদুমণি মুকুন্দ মুৰাৰি।। ১
পদঃ শুক নিগদতি শুনা কুৰুপতি
কৃষ্ণৰ আৰাে চৰিত্ৰ।
আছিল দৰিদ্র বিপ্র দামােদৰ
বৈষ্ণৱ আতি পৱিত্ৰ।।
কৃষ্ণএৰে তান মহামিত্ৰৱতি
পঢ়ন্তে গুৰু গৃহত।
খাইবে খুন্টিবাক একোকে নাহিকে
বস্ত্রহীন শৰীৰত।। ১
আতি পতিব্রতা তাহান ব্রাহ্মণী
দুখে দণ্ডে যুগ যায়।
কাম্পন্তে আসিয়া স্বামীক বুলিলা
মুখৰ মাত নােলায়।।
শুনিয়ােক স্বামী মন্দভাগী আমি
সহিবাে কত নিকাৰ।
দ্বাৰাকাত আছে প্রভু নাৰায়ণ
পৰম মিত্র তােমাৰ।। ২
দীন দায়াকৰ জগত ঈশ্বৰ
সাক্ষাতে লক্ষ্মীৰ পতি।
তােমাৰ নিকাৰ দেখিয়া দিবন্ত
অনেক ধন সম্পত্তি।।
তাহান চৰণ চিন্তে যিটো জন
আপােনাকো দেন্ত তাক।।
নকৰা বিমন পাইবা বহু ধন
নবাধিবা মােক বাক।।
ভাৰ্য্যাৰ বচন শুনিয়া ব্রাহ্মণে
দৃঢ় কৰিলন্ত মতি।
কৃষ্ণ দৰশনে মােৰ মহালাভ
যাইবাে দ্বাৰকাক প্রতি।।
ভাৰ্য্যাক বােলন্ত যি পাৰা সন্দেশ
আনি দিয়া ঝাণ্টে উঠি।
শুনিয়া ব্রাহ্মণী মাগি আনিলন্ত
চাউল চিৰা চাৰি মুঠি।। ৪
কানিৰ টুপলি বান্ধি আনি দিলা
ব্রাহ্মণে কাষত লৈলা।
কৃষ্ণৰ চৰণ দেখিবাক মনে
দ্বাৰকাক লাগি গৈলা।।
কৃষ্ণক দেখিবে কত বেলি পাও
মনে গুণি দ্বিজবৰ।
সেনাৰ বাজুক ছড়াই তিনি স্বাদ
পাইলা গৈয়া অভ্যন্তৰ।। ৫
ষােড়শ হাজাৰ আৱাস প্ৰকাশে
বৈকুণ্ঠপুৰ সমান।
যদুগণ যাত পশিবে নপাৰে
কৃষ্ণৰ ৰহস্য স্থান।।
তাৰ এক গৃহে পশিলা ব্রাহ্মণ
কোহােৱে বাধন্তা নাই।
সব্যা ভাৰ্য্যা সমে সােণাৰ খাটত
শুতি আছা যদুৰায়।। ৬
মিত্ৰক দেখিয়া ভাৰ্য্যাক এড়িয়া
উঠি আসি আথেবেথে।
দুই হাতে সাৱটি ধৰিলা আনন্দে
তিনিও লােকৰ নাথে।।
সখিক আলিঙ্গি আতি প্রীতি পাইলা
আনন্দে লােতক ঝৰে।
সােণাৰ খাটত বসুৱাইলা আনি
ধৰিয়া আতি সাদৰে।। ৭
আপুনি চৰণ ধুৱাইলা বিপ্লব
পাদোদক লৈল শিৰে।
সুগন্ধি চন্দন কুম্কুমে সখিৰ
ঘষিলা সৱ শৰীৰে।।
দীপ ধূপ লগাই পূজিল বিপ্রক
কৰ্পূৰ তাম্বুল দিয়া।
সাদৰে চামৰে বিঞ্চন্ত বিপ্ৰক
সব্যা মাধৱৰ প্রিয়া।। ৮
কৃষ্ণৰ আৰাে চৰিত্ৰ।
আছিল দৰিদ্র বিপ্র দামােদৰ
বৈষ্ণৱ আতি পৱিত্ৰ।।
কৃষ্ণএৰে তান মহামিত্ৰৱতি
পঢ়ন্তে গুৰু গৃহত।
খাইবে খুন্টিবাক একোকে নাহিকে
বস্ত্রহীন শৰীৰত।। ১
আতি পতিব্রতা তাহান ব্রাহ্মণী
দুখে দণ্ডে যুগ যায়।
কাম্পন্তে আসিয়া স্বামীক বুলিলা
মুখৰ মাত নােলায়।।
শুনিয়ােক স্বামী মন্দভাগী আমি
সহিবাে কত নিকাৰ।
দ্বাৰাকাত আছে প্রভু নাৰায়ণ
পৰম মিত্র তােমাৰ।। ২
দীন দায়াকৰ জগত ঈশ্বৰ
সাক্ষাতে লক্ষ্মীৰ পতি।
তােমাৰ নিকাৰ দেখিয়া দিবন্ত
অনেক ধন সম্পত্তি।।
তাহান চৰণ চিন্তে যিটো জন
আপােনাকো দেন্ত তাক।।
নকৰা বিমন পাইবা বহু ধন
নবাধিবা মােক বাক।।
ভাৰ্য্যাৰ বচন শুনিয়া ব্রাহ্মণে
দৃঢ় কৰিলন্ত মতি।
কৃষ্ণ দৰশনে মােৰ মহালাভ
যাইবাে দ্বাৰকাক প্রতি।।
ভাৰ্য্যাক বােলন্ত যি পাৰা সন্দেশ
আনি দিয়া ঝাণ্টে উঠি।
শুনিয়া ব্রাহ্মণী মাগি আনিলন্ত
চাউল চিৰা চাৰি মুঠি।। ৪
কানিৰ টুপলি বান্ধি আনি দিলা
ব্রাহ্মণে কাষত লৈলা।
কৃষ্ণৰ চৰণ দেখিবাক মনে
দ্বাৰকাক লাগি গৈলা।।
কৃষ্ণক দেখিবে কত বেলি পাও
মনে গুণি দ্বিজবৰ।
সেনাৰ বাজুক ছড়াই তিনি স্বাদ
পাইলা গৈয়া অভ্যন্তৰ।। ৫
ষােড়শ হাজাৰ আৱাস প্ৰকাশে
বৈকুণ্ঠপুৰ সমান।
যদুগণ যাত পশিবে নপাৰে
কৃষ্ণৰ ৰহস্য স্থান।।
তাৰ এক গৃহে পশিলা ব্রাহ্মণ
কোহােৱে বাধন্তা নাই।
সব্যা ভাৰ্য্যা সমে সােণাৰ খাটত
শুতি আছা যদুৰায়।। ৬
মিত্ৰক দেখিয়া ভাৰ্য্যাক এড়িয়া
উঠি আসি আথেবেথে।
দুই হাতে সাৱটি ধৰিলা আনন্দে
তিনিও লােকৰ নাথে।।
সখিক আলিঙ্গি আতি প্রীতি পাইলা
আনন্দে লােতক ঝৰে।
সােণাৰ খাটত বসুৱাইলা আনি
ধৰিয়া আতি সাদৰে।। ৭
আপুনি চৰণ ধুৱাইলা বিপ্লব
পাদোদক লৈল শিৰে।
সুগন্ধি চন্দন কুম্কুমে সখিৰ
ঘষিলা সৱ শৰীৰে।।
দীপ ধূপ লগাই পূজিল বিপ্রক
কৰ্পূৰ তাম্বুল দিয়া।
সাদৰে চামৰে বিঞ্চন্ত বিপ্ৰক
সব্যা মাধৱৰ প্রিয়া।। ৮
দেখিয়া অন্তেষ পুৰৰ লােকৰ
বিস্ময় ভৈ গৈল পাছে।
ইটো মহাদুখী ভিক্ষুক ব্রাহ্মণে
কত পুণ্য কৰি আছে।।
ত্রৈলােক্যৰ গুৰু লক্ষ্মীৰ নিৱাস
আপুনি সেৱন্ত যাক।
ভাৰ্য্যাক এৰিয়া আঙ্ক আলিঙ্গন্ত
যেহেন শ্রেষ্ঠ দদাক।। ৯
বিস্ময় ভৈ গৈল পাছে।
ইটো মহাদুখী ভিক্ষুক ব্রাহ্মণে
কত পুণ্য কৰি আছে।।
ত্রৈলােক্যৰ গুৰু লক্ষ্মীৰ নিৱাস
আপুনি সেৱন্ত যাক।
ভাৰ্য্যাক এৰিয়া আঙ্ক আলিঙ্গন্ত
যেহেন শ্রেষ্ঠ দদাক।। ৯
।। দ্বিতীয় কীৰ্ত্তন।।
ঘােষাঃ যাদৱানন্দ দায়াশীল ৰামহৰি দায়াশীল কেশৱ গােপাল।। ২
পদঃ পাছে হৰি হাস্য কৰি সখাৰ হাতত ধৰি
সুধিলন্ত কৰি সতকাৰ।
গুৰুৰ গৃহৰ তথা সুমৰা পুৰণি কথা
যেন ভৈল আমাৰ নিকাৰ।।
গুৰু পত্নীগণে আসি আহ্মাক বুলিলা হাসি
খড়ি লুড়ি দিয়া শিষ্যগণ।
আমি সৱাে হেন শুনি কটিত বান্ধিয়া ভুনি
আনন্দে লড়িলাে ৰঙ্গমন।। ১০
অৰণ্যৰ পশি সান্ধি খড়ি লুড়ি বােজা বান্ধি
গৃহক চলিলাে ৰঙ্গমনে।
যাও কথা মাতে হাসি আকস্মিতে তৈতে আসি
পাইলে ঘােৰ বাত বৰিষণে।।
গর্জ্জনতে ভূমি লড়ে ঘনে ঘনে বজ্ৰ পড়ে
খাল বাম সম ভৈল আতি।
নাকলিয়া একো পথ সূৰ্য্য পাছে গৈল অস্ত
ভৈল ঘােৰ অন্ধকাৰ ৰাতি।। ১১
পাছে আমি সৱে শিষ্য নাকলিলাে একো দৃশ্য
বাতবৃষ্টি পীড়িলে আমাক ।
কাম্পে তনু ততৰৰি অন্যোঅন্যে হাতে ধৰি
বাট নপাই তৈতে ফুৰাে পাক।।
মাথাত খড়িৰ বােজা যান নযায় একো খােজা
ফুৰন্তে ৰজনী গৈল ক্ষয়।
নযাও কেহাে কাকো এড়ি কিৰণে আন্ধাৰ ফাড়ি
ভৈল আসি আদিত্য উদয়।। ১২
সান্দীপনি দ্বিজৰাজে বিচাৰিয়াে বন মাজে
ভৈলা আসি আমাক প্রত্যেক।
জাৰে কাম্পে শিষ্য যত শৰীৰত নাহি তত
দেখি খেদ কৰিলা অনেক।।
আমাক বােলন্ত বাক শুনা সৱে শিষ্যজাক
মােৰ পদে কিনাে দুখ ভৈল।
প্রাণতাে এৰিলা আশ খপিলাহা বনবাস
গুৰুঋণ সৱে সুজা গৈল।। ১৩
মাথাত খড়িৰ বােজা যান নযায় একো খােজা
ফুৰন্তে ৰজনী গৈল ক্ষয়।
নযাও কেহাে কাকো এড়ি কিৰণে আন্ধাৰ ফাড়ি
ভৈল আসি আদিত্য উদয়।। ১২
সান্দীপনি দ্বিজৰাজে বিচাৰিয়াে বন মাজে
ভৈলা আসি আমাক প্রত্যেক।
জাৰে কাম্পে শিষ্য যত শৰীৰত নাহি তত
দেখি খেদ কৰিলা অনেক।।
আমাক বােলন্ত বাক শুনা সৱে শিষ্যজাক
মােৰ পদে কিনাে দুখ ভৈল।
প্রাণতাে এৰিলা আশ খপিলাহা বনবাস
গুৰুঋণ সৱে সুজা গৈল।। ১৩
শুনা শিষ্য নিৰন্তৰ তুষ্ট হুয়া দিঞো বৰ
জানা সৱে শাস্ত্র এতিক্ষণে।
পূর্ণ ভৈল মনােৰথ গৃহক ধৰিলাে পথ
পাছে আমি সৱে শিষ্যগণে।।
আনাে দুখ নানা মত গুৰুগৃহে পাইলাে যত
প্রাণসখি সুমৰাহা তাক।
হেন শুনি দ্বিজবৰে কৰযােৰে অনন্তৰে
কৃষ্ণক বুলিলা মৃদু বাক।। ১৪
শুনিয়ােক পৰম ব্রহ্ম আমাৰ সাম্ফল জন্ম
সমস্ত পাতেক ভৈল নাশ।
যিহেতু জগত স্বামী তােমাৰ লগত আমি
গুৰু গৃহে কৰিলাে নিবাস।।
কাম মােক্ষ ধৰ্ম্ম অর্থ পাৱে আন মনােৰথ
যিটো চিন্তে তােমাৰ চৰণ।
আপুনি নির্ম্মিলা শাস্ত্র তাকো পঢ়া হুয়া ছাত্র
ইটো কিনাে ভৈল বিড়ম্বন।। ১৫
জানা সৱে শাস্ত্র এতিক্ষণে।
পূর্ণ ভৈল মনােৰথ গৃহক ধৰিলাে পথ
পাছে আমি সৱে শিষ্যগণে।।
আনাে দুখ নানা মত গুৰুগৃহে পাইলাে যত
প্রাণসখি সুমৰাহা তাক।
হেন শুনি দ্বিজবৰে কৰযােৰে অনন্তৰে
কৃষ্ণক বুলিলা মৃদু বাক।। ১৪
শুনিয়ােক পৰম ব্রহ্ম আমাৰ সাম্ফল জন্ম
সমস্ত পাতেক ভৈল নাশ।
যিহেতু জগত স্বামী তােমাৰ লগত আমি
গুৰু গৃহে কৰিলাে নিবাস।।
কাম মােক্ষ ধৰ্ম্ম অর্থ পাৱে আন মনােৰথ
যিটো চিন্তে তােমাৰ চৰণ।
আপুনি নির্ম্মিলা শাস্ত্র তাকো পঢ়া হুয়া ছাত্র
ইটো কিনাে ভৈল বিড়ম্বন।। ১৫
।। তৃতীয় কীৰ্ত্তন।।
ঘােষাঃ যদুৰায় চৰণে শৰণ দিয়াে।জগজীৱ সেৱক পালিয়া নিয়াে।। ৩
পদঃ হেন শুনি হাসি বিপ্রত পুছন্ত
সৰ্ব্বজান হৃষীকেশ।
আমাক লাগিয়া আনি আছা যিবা
দিয়ােক সখি সন্দেশ।।
ভকত সকলে পূজে ফুলে জলে
তুষ্ট হও তাকে পাই।
অভকতে যদি নানা দ্ৰৱ্য দেই
তাতাে মােৰ তুষ্টি নাই।। ১৬
হেন জানি মিত্র দিয়ােক আমাক
যিবা দ্রব্য আছা আনি।
পৰম সঙ্কোচ ভৈলা দ্বিজবৰ
কৃষ্ণৰ শুনিয়া বাণী।।
চাউল চিৰামুঠি নেদন্ত কৃষক
লাজে চপৰাই মাথ।
হেন দেখি পাছে মনত গুণন্ত
তিনিও লােকৰ নাথ।। ১৭
ইটো দ্বিজবৰে পূৰ্ব্বতাে আমাক
লক্ষ্মী কামে নৰাধিলা।
ভাৰ্য্যাৰেসে প্রীতি সাধিবাক প্রতি
আমাৰ ঠাইক আসিলা।।
মনুষ্য দুর্ল্লভ পৰম সম্পদ
দিবাে আজি আঙ্ক আমি।
কানিৰ টুপলি বিচাৰি আনিলা
আপুনি জগত স্বামী।। ১৮
ইটো কি বুলিয়া টুপলি মেলিয়া
সখিত বুলিলা বাক।
ইটো চাউল চিৰা জগতে সহিতে
তৃপিতি কৰে আমাক।।
এহি বুলি হৰি এক মুঠি ধৰি
ভুঞ্জিলন্ত আনন্দত।
আউৰ মুঠি ধৰি খাইবাক খােজন্তে
ধৰিলা লক্ষ্মী হাতত।। ১৯
যত লাগে মানে সৱ সম্পত্তিক
এহি মুঠি দিবে পাৰে।
নখায়ােক আৰ বুলি লক্ষ্মী মাৱে
স্বামীক বুলিলা ঠাৰে।।
হেন শুনি হৰি চাউল চিৰা এড়ি
থাকিলা হাসি নমাতি।
দিব্য ভােগ ভুঞ্জি কৃষ্ণৰ গৃহত
ব্রাহ্মণাে বঞ্চিলা ৰাতি।। ২০
শয়নক লাগি সুৱৰ্ণ খাটত
বিছায়া দিলন্ত তুলি।
মহাসুখে তাতে শুতিয়া আছিল
আজি স্বর্গ পাইলাে বুলি।।
প্রভাততে উঠি লৰিলা ব্রাহ্মণ
কৃষ্ণক মাগি মেলানি।
সখিক ধৰিয়া মাধৱে অনেক
বুলিলা মধুৰ বাণী।। ২১
আগবঢ়াই নিয়া গৃহক পঠাইল
ব্রাহ্মণ চলিল সুখে।
কৃষ্ণে নেদিলন্ত নুখুজিলা ধন
ব্রাহ্মণে আপুন মুখে।।
মনত গুণন্ত দ্বিজত ভকত
কিনাে দেৱ বনমালী।
কোথেৰ দৰিদ্র মঞি পাপী মােক
ধৰিলন্ত আঙ্কোৱালি।। ২২
আপুনাৰ খাটে নিয়া বসুৱাইল
ঘষি ধুৱাইলেক ভৰি।
শ্রম দেখি লক্ষ্মী আপুনি বিঞ্চিলা
চামৰক কৰে ধৰি।।
তিনিও লােকৰ ঐশ্বৰ্য্যক পাৱে
অৰ্চ্চিয়া যাৰ চৰণ।
আমাৰ কুৎসিত সন্দেশকো খাইল
হেন প্রভু নাৰায়ণ।। ২৩
দৰিদ্র ব্রাহ্মণে ধন পাইলে মােক
পাসৰিবে সমুদায়।
এহি বুলি ধন নেদিলে আমাক
জানিলাে কৃষ্ণ গােসাঞি।।
হেন গুণি গান্থি যাহন্তে গৃহৰ
সমীপ পাইলন্ত পাছে।
চন্দ্র সূৰ্য্য সম অনেক বিমান
দেখন্ত তহিতে আছে।। ২৪
দিব্য উপবন পড়ি পক্ষীগণে
সুললিত ৰাৱ তেজে।।
দীঘি সৰােবৰ পুষ্পিত উৎপল
প্রফুল্ল পঙ্কজে ৰঞ্জে।।
দিব্য নৰ নাৰী গণ ফুৰে তৈতে
পিন্ধি বস্ত্র অলঙ্কাৰ।
দেখিয়া ব্রাহ্মণে বিস্ময়ে গুণন্ত
ইটো দিব্য পুৰী কাৰ।। ২৫
নুহি গৃহ মােৰ কৈক আইলাে বুলি
থমকি আছন্ত চাই।
নৰ নাৰীগণো বিপ্ৰক বেঢ়িল
দিব্য বাদ্য ভণ্ড বাই।।
স্বামী আসিবাৰ শুনিয়া ব্রাহ্মণী
গৃহৰ বজাইল ৰঙ্গে।
সালস্কৃত দাসী সহস্রেকে বেঢ়ি
যােগানে লড়িলা সঙ্গে।। ২৬
দিব্য আভৰণে ভূষিতা সুন্দৰী
যাহন্ত যেন নাচন্তে।
ৰূপ ধৰি লক্ষ্মী যেন বাজ ভৈল
আপুন থানৰ হন্তে।।
দিব্য পৰিচ্ছদে আগবাঢ়ি আসি
স্বামীক দেখিলা গই।
আনন্দে লােতক বজাই আখি মুদি
থাকিল থমকি ৰই।। ২৭
পতিক বুদ্ধিয়ে নমিলা ব্রাহ্মণী
মনে ধৰি আলিঙ্গিলা।
কন্যাগণ মধ্যে প্রকাশন্তে সতী
ভাৰ্য্যাক দ্বিজে দেখিলা।।
ভৈলা মহাপ্রীতি ভাৰ্য্যায়ে সহিতে
এক ঠাই হুয়া পাছে।
পৰম আনন্দে পশিলা মন্দিৰ
দ্বিজবৰ দিব্য কাছে।। ২৮
।। চতুর্থ কীৰ্ত্তন।।
ঘােষাঃ ত্রাহি ৰাম নিৰঞ্জন জীৱেৰ জীৱনমুকুন্দ ৰাম মুৰাৰি।
তােমাৰ চৰণে পশিলাে শৰণ
নিয়ােক মােক উদ্ধাৰি।। ৪
পদঃ সুৱৰ্ণ ৰুৱলী মৰকত থলী
স্ফটিকৰ দ্বাৰ বাৰ।
ৰত্নময় স্তম্ভ গৃহৰ আৰম্ভ
দেখি ভৈলা চমৎকাৰ।।
দুগ্ধ ফেন সম শয্যাসৱ আছে
সােণাৰ খাটে বিছাই।
সুৱর্ণ আসন ভাজন যতেক
যাৰ সীমা সংখ্যা নাই।। ২৯
চন্দ্ৰতাপ সৱ টানিয়া আছয়
মুকুতাৰ মালা আৰি।
দিব্য কন্যাগণে যাতায়াত কৰে
শুনি নূপুৰৰ সাৰি।।
ৰত্নৰ অনেক প্রদীপ প্রকাশে
নজানয় ৰাত্রি দিন।
ইন্দ্ৰতাে অধিক পাইলা সমৃদ্ধিক
গুচিল দাৰিদ্ৰ চিন।। ৩০
কৃষ্ণৰেসে কৃপা বােলন্ত ব্রাহ্মণে
আত নাহি আন হেতু।
ভকতৰ অল্প বস্তুক বিস্তৰ
কৰন্ত গৰুড়কেতু।।
আমাৰ সন্দেশ খাইলা হৃষীকেশ
চাউল চিৰা এক মুষ্টি।
এতেকতে মােক মহা সম্পত্তিক
দিলন্ত পৰম তুষ্টি।। ৩১
তাহান চৰণে সৌহৃদ্য সখিত্ব
মিত্র ভাৱ নুগুচোক।
জন্মে জন্মে মঞি তান দাস হৈবাে
মােক মােহে নলঙ্ঘক।।
এহি বুলি দ্বিজে ভুঞ্জিলা পৰম
ভােগ্যক পত্নী সহিত।
কিছু কিছু কৰি বিষয় এড়ন্ত
কৃষ্ণত অর্পিয়া চিত্ত।। ৩২
অজিত বিষ্ণুক ভকতেসে জিনে
জানি বিপ্র দামােদৰ।
একচিত্ত মনে কৃষ্ণৰ চৰণে
ভৈলন্ত ধ্যান তৎপৰ।।
দৃঢ় ভক্তি কৰি ছিণ্ডি মােহ জৰী
কৰ্ম্ম বন্ধে ভৈলা হীন।
পায়া মহোদয় দেখি বম ময়
কৃষ্ণতে গৈলন্ত লীন।।
পৰম পুৰুষ প্ৰভু নাৰায়ণ
ভকতৰ যেন নিধি।
ভকতৰ অল্প বস্তুক বিস্তৰ
কৰন্ত গৰুড়কেতু।।
আমাৰ সন্দেশ খাইলা হৃষীকেশ
চাউল চিৰা এক মুষ্টি।
এতেকতে মােক মহা সম্পত্তিক
দিলন্ত পৰম তুষ্টি।। ৩১
তাহান চৰণে সৌহৃদ্য সখিত্ব
মিত্র ভাৱ নুগুচোক।
জন্মে জন্মে মঞি তান দাস হৈবাে
মােক মােহে নলঙ্ঘক।।
এহি বুলি দ্বিজে ভুঞ্জিলা পৰম
ভােগ্যক পত্নী সহিত।
কিছু কিছু কৰি বিষয় এড়ন্ত
কৃষ্ণত অর্পিয়া চিত্ত।। ৩২
অজিত বিষ্ণুক ভকতেসে জিনে
জানি বিপ্র দামােদৰ।
একচিত্ত মনে কৃষ্ণৰ চৰণে
ভৈলন্ত ধ্যান তৎপৰ।।
দৃঢ় ভক্তি কৰি ছিণ্ডি মােহ জৰী
কৰ্ম্ম বন্ধে ভৈলা হীন।
পায়া মহোদয় দেখি বম ময়
কৃষ্ণতে গৈলন্ত লীন।।
পৰম পুৰুষ প্ৰভু নাৰায়ণ
ভকতৰ যেন নিধি।
তাহান চৰণে ভকতি কৰিলে
অৱশ্যে হুইবেক সিদ্ধি।।
মাধৱৰ ইটো পৱিত্ৰ কথাক
শুনিবে যাৰ প্ৰৱন্ধ।
কৃষ্ণৰ চৰণে তাৰ ভক্তি বাঢ়ে
এৰাই সিটো কৰ্ম্ম বন্ধ।। ৩৪
ভণিল শঙ্কৰে কৃষ্ণৰ কীৰ্ত্তন
কৰিয়াে সৱে সমাজে।
ইটো কলি যুগে আন গতি নাহি
হৰিৰ নামত বাজে।।
বৃথা আয়ু যায় কৰিয়াে লােকাই
বৈকুণ্ঠে যাইবাৰ কাম।
মায়াময় ইটো বিষয় এড়িয়া
ডাকি বােলা ৰাম ৰাম।। ৩৫
।। দামােদৰ বিপ্রােপাখ্যান সমাপ্ত।।
------------------------------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
অৱশ্যে হুইবেক সিদ্ধি।।
মাধৱৰ ইটো পৱিত্ৰ কথাক
শুনিবে যাৰ প্ৰৱন্ধ।
কৃষ্ণৰ চৰণে তাৰ ভক্তি বাঢ়ে
এৰাই সিটো কৰ্ম্ম বন্ধ।। ৩৪
ভণিল শঙ্কৰে কৃষ্ণৰ কীৰ্ত্তন
কৰিয়াে সৱে সমাজে।
ইটো কলি যুগে আন গতি নাহি
হৰিৰ নামত বাজে।।
বৃথা আয়ু যায় কৰিয়াে লােকাই
বৈকুণ্ঠে যাইবাৰ কাম।
মায়াময় ইটো বিষয় এড়িয়া
ডাকি বােলা ৰাম ৰাম।। ৩৫
।। দামােদৰ বিপ্রােপাখ্যান সমাপ্ত।।
------------------------------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.