শ্ৰীশ্ৰীশঙ্কৰদেৱ বিৰচিত
কীৰ্ত্তন ঘােষা
কীৰ্ত্তন ঘােষা
শিশু লীলা
।। প্রথম কীৰ্ত্তন।।
ঘােষঃ কৃষ্ণ গােপাল কৰুণাময় ৰাম ৰাম হৰি।। ১
পদঃ কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ।
শঙ্খ চক্র গদা পদ্ম কৰত তােহ্মাৰ।।
পীত বস্ত্রে শােভে অতি শ্যাম কলেৱৰ।
কমল লােচন চাৰু অৰুণ অধৰ।। ১
সুন্দৰ নাসিকা কর্ণে মকৰ কুণ্ডল।
কণ্ঠত কৌস্তুভ শিৰে কিৰীটি উজ্জ্বল।।
আপাদ লম্বিত বনমালা জ্বলে গলে।
শােভে আতি শ্রীবৎস বহল বক্ষঃস্থলে।। ২
চাৰু চাৰি ভুজ জ্বলে আজানুলম্বিত।
কৰিকৰ সম ঊৰু বৰ্ত্তুল বলিত।।
চৰণ কমল যেন নৱ পদ্মকোষ।
যাক দেখি ভকতৰ পৰম সন্তোষ।। ৩
প্রসন্ন বদন জ্বলে অলকা তিলক।
বসুদেৱে দেখিলন্ত অদ্ভুত বালক।।
পড়ি দুয়াে প্রাণী পাছে কৰিলন্ত স্তুতি।
পিতৃত কহিলা প্রভু সমস্ত যুগুতি।। ৪
ভৈলা শিশু ৰূপ তৈতে প্রভু নাৰায়ণ।
কোলে লৈয়া বসুদেৱ লড়িলা তেখন।।
ভাগিল নিহাল ভৈলা মেলান কপাট।
দেখি ভয়ে যমুনা আপুনি দিলা বাট।। ৫
বৰিষে কণিকা মেঘে ওপৰত গাজে।
ফণায়ে ধৰিলা ছত্র আসি সৰ্পৰাজে।।
যশােদাৰ তৈতে উপজিলা যােগমায়া।
আতি অচেতনে নিদ্রা গৈলা নন্দজায়া।। ৬
তাহানে শয্যাত নিয়া থৈলন্ত তােহ্মাক।
বসুদেৱে আনিলন্ত নন্দৰ কন্যাক।।
শিশুৱে গােকুলত ক্ৰীড়িলা অপাৰ।
সাধিলা অনেক প্রীতি নন্দ যশােদাৰ।। ৭
অচিন্ত্য মহিমা হৰি পুৰুষ পুৰাণ।
লীলা কৰি অনেক দৈত্যৰ লৈলা প্রাণ।।
কংসৰ পাঞ্চনি পাই যত দৈত্য আসে।
তুমি অগনিত যেন পুৰি মৰে ঝাসে।। ৮
আসিলেক পূতনা মােহিনী নাৰী বেশে।
স্তন দিয়া শিশু মাৰি ফুৰে দেশে দেশে।।
কোলে ধৰি তােমাক দিলেক স্তন দান।
স্তন পানে পূতনাৰ শুষিলাহা প্রাণ।। ৯
শকটৰ তলে থৈলা যশােদা শুৱাই।
লাথি হানি পেলাইলা শকট ওভতাই ।।
হেন দেখি যশােদা সুন্দৰী মহাদুখে।
আথে বেথে কোলে লৈয়া স্তন দিলা মুখে।। ১০
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে যুগুতি।
ৰাম নাম বিনা নাহি কাহাৰাে মুকুতি।।
হেন জানি নিৰন্তৰে এড়ি আন কাম।
পাতেক ছাড়ােক ডাকি বােলা ৰাম ৰাম।। ১১
।। দ্বিতীয় কীৰ্ত্তন।।
ঘােষাঃ ৰাম পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে।। ২
পদঃ চক্ৰৱাত অসুৰে কৃষ্ণক নিলে হৰি।
আকাশত মাৰিলা গলত চেপি ধৰি।।
কৃষ্ণক হিয়াত লৈয়া পড়িলা ভূমিত।
জুৰাইলা তােহ্মাক পায়া যশােদাৰ চিত্ত।। ১২
ছলে হামি তুলি তুমি দেখাইলা মাৱত।
গৰ্ভৰ ভিতৰে আছে সমস্তে জগত।।
কম্পিল শৰীৰ যশােদাৰ হেন দেখি।
পৰম বিস্ময় হুয়া মুদিলন্ত আখি।। ১৩
বসুদেৱে পঠাইলা আসিলা গর্গ ঋষি।
গােপ্য কৰি জাতকৰ্ম্ম কৰিলা হৰিষি।।
কহিলা নন্দৰ আগে যত গুণ গ্রাম।
বিধিমতে তােহ্মাৰ থৈলন্ত কৃষ্ণ নাম।। ১৪
আঠু কাঢ়ি ৰিঙ্গ পাড়ি ফুৰা ব্ৰজ মাজে।
সােণাৰ ঘাঘৰাচয় কঙ্কালত বাজে।।
বৃষৰ শুনিয়া নাদ চমকি উলটি।
আথে বেথে ধৰা গৈয়া মাৱক সাৱটি।। ১৫
থিয়দঙ্গা দিয়া পাছে তুমি দামােদৰ।
অনর্থ কৰিয়া ফুৰা গােৱালীৰ ঘৰ।।
আনন্দতে সমস্তে গােৱালীগণ আসি।
কৃষ্ণৰ অকীৰ্ত্তি যশােদাত দেয় হাসি।। ১৬
কি ভৈল তােহ্মাৰ ইটো তনয় দুর্জ্জন।
কৃষ্ণৰ নিমিত্তে আউৰ নৰহে জীৱন।।
গাই নতু দোহন্তে দামুৰি মেলে গই।
গৃহ পশি চুৰি কৰি খান্ত দুগ্ধ দই।। ১৭
বানৰকো খুৱাৱে গােৱিন্দ কিনাে চাণ্ড।
বানৰে নখান্ত জানি কোবাই ভাঙ্গে ভাণ্ড।।
ঢুঙ্কি যেৱে নপাৱে মনত নাহি তুষ্টি।
শিকিয়াৰপৰা আনে উড়লত উঠি।। ১৮
শৰীৰৰ ৰত্নগণে ফুৰে পসৰাই।
আন্ধাৰতাে খুজি পান্ত লুকান নযায়।।
বস্তুক নপাইলে ধৰি মাৰন্ত ছৱালি।
গৃহক ভৰ্ৎসিয়া পলাই যান্ত বনমালী।। ১৯
মাৱৰ কোলাত আছা তুমি জগন্নাথ।
সভয় নয়ন হুয়া চপৰাইলা মাথ।।
হেন শুনি যশােদা কৃষ্ণক নােবােলয়।
আনন্দে ৰহিলা হাসি পুত্র মুখ চাই।। ২০
ডৰিবাৰ দেৰিয়া পুত্ৰক বৰনাৰী।
বুকুত সাৱটি ধৰিলন্ত চুমা পাৰি।।
মাধৱৰ শিশুলীলা শুনা সৰ্ব্ব লােক।
বােলা হৰি হৰি যত পাতেক ছাড়োক।। ২১
।। তৃতীয় কীৰ্ত্তন।।
ঘােষাঃ কেশৱ কৃষ্ণ কৰুণাসিন্ধু।
ত্রাহি জগন্নাথ অনাথবন্ধু।। ৩
পদঃ এহি মতে ব্রজে আনন্দে হৰি।
কৰন্ত ক্রীড়া শিশু ৰূপ ধৰি।।
যত গােপ শিশু বলাই আদি।
সৱে ভৈল গৈয়া কৃষ্ণৰ বাদী।। ২২
সৱে ভৈল গৈয়া কৃষ্ণৰ বাদী।। ২২
যশােদাৰ আগে দিলেক খল।
খাইলন্ত কৃষ্ণে মাটি একদল।।
শুনিয়া যশােদা সুন্দৰী হাসি।
পুত্ৰৰ হাতত ধৰিলা আসি।। ২৩
খাইলন্ত কৃষ্ণে মাটি একদল।।
শুনিয়া যশােদা সুন্দৰী হাসি।
পুত্ৰৰ হাতত ধৰিলা আসি।। ২৩
কেনে মাটি খাইলি অৰে গােপাল।
কোবাই আজি তােৰ ফাড়িবাে ছাল।।
শুনিয়া কৃষ্ণৰ হৰিল মাত।
চক্ষু টেৰ কৰি মাৱক চান্ত।। ২৪
ভয়তে যেন কাম্পৈ হাত ভৰি।
যশােদা দেখে পুত্র গৈল ডৰি।।
মুখক চাহন্তে লাগয় বেথা।
কিয় মাটি খাইলি সােধন্ত কথা।। ২৫
লগৰ শিশু বােলে সমূদায়।
বলায়াে বােলে তােৰ জ্যেষ্ঠ ভাই।।
মাতন্ত কৃষ্ণে যশােদাক চাই।
মিছা মাতে সৱে শুনিয়াে আই।। ২৬
কোবাই আজি তােৰ ফাড়িবাে ছাল।।
শুনিয়া কৃষ্ণৰ হৰিল মাত।
চক্ষু টেৰ কৰি মাৱক চান্ত।। ২৪
ভয়তে যেন কাম্পৈ হাত ভৰি।
যশােদা দেখে পুত্র গৈল ডৰি।।
মুখক চাহন্তে লাগয় বেথা।
কিয় মাটি খাইলি সােধন্ত কথা।। ২৫
লগৰ শিশু বােলে সমূদায়।
বলায়াে বােলে তােৰ জ্যেষ্ঠ ভাই।।
মাতন্ত কৃষ্ণে যশােদাক চাই।
মিছা মাতে সৱে শুনিয়াে আই।। ২৬
কদাচিতাে মঞি নখাও মাটি।
দাদা বলভদ্রে মাতন্ত ঘাটি।।
পতিয়ান নাই চৱা বিচাৰি।
হেন শুনি মাতে যশােদা নাৰী।। ২৭
বায়াে বেন্ত যেৱে মাটি নখাইলি।
শুনিয়া শিশুৰূপী বনমালী।।
চোৱা মুখ বুলি মাৱক মাতি।
বাইলন্ত বেন্ত প্রকাশিত আতি।। ২৮
যশােদা সুন্দৰী দেখন্ত পাছে।
সমস্ত জগত গৰ্ভতে আছে।।
সাতােখান দ্বীপ সাতাে সাগৰ।
গিৰি বন নদী গ্রাম নগৰ।। ২৯
বায়ু সূৰ্য্য শশী দিশ আকাশ।
তাৰাগণ তৈতে কৰে প্ৰকাশ।।
সমস্ত জীৱ জ্যোতি তেজ জল।
সত্ত্ব ৰজ তম ইন্দ্রিয় বল।। ৩০
বল বুদ্ধি কাল কৰ্ম্ম যতেক।
সৱাকো গৰ্ভতে দেখি প্রত্যেক।।
যতেক ধেনু গােপ গােপীজাক।
যশােদা দেখে তৈতে আপুনাক।। ৩১
পৰম শঙ্কাক পাইলন্ত আতী।
অদ্ভুত দেখিয়া বােলন্ত মাতি।।
কিবা ভ্রম ভৈল মােহক পায়া।
দেখিলাে স্বপ্ন কিবা দেৱমায়া।। ৩২
কিবা জানে মায়া মােৰ তনয়।
কৰিবে নৱাৰাে একো নিশ্চয়।।
নুহিকন্ত মােৰ পুত্র মানুষ।
এহেন্তেসে বিষ্ণু আদি পুৰুষ।। ৩৩
এহি বুলি চিত্ত দঢ়ায়া সতী।
কৰযােড়ে কৰে কৃষ্ণক স্তুতি।।
বটো ব্ৰহ্ম নােহে তর্ক গােচৰ।
নপাৱে বচনে মনে ওচৰ।। ৩৪
নাহি উতপতি নাহি মৰণ।
সদায়ে প্ৰণামাে তান চৰণ।।
মঞি যশােদা মােৰ পুত্র স্বামী।
ব্রজৰ সৱে অধিকাৰী আমি।। ৩৫
হেন অহম্মম সদায়ে কৰাে।
যাহাৰ মায়াত উপজো মৰাে।।
হেন ভগৱন্ত হুয়ােক গতি।
খণ্ডিয়ােক আৱে মােৰ কুমতি।। ৩৬
গুণন্ত শুনি ত্রিজগত পতি।
বিষ্ণু হেন মােক জানিলা সতী।।
কৰিলা বৈষ্ণৱী মায়া বিস্তাৰ।
গুচিল বিষ্ণু জ্ঞান যশােদাৰ।। ৩৭
কৃষ্ণত পুত্র বুদ্ধি ভৈল জাত।
ধূলা জাৰি তুলি লৈলা কোলাত।।
পাড়ন্ত চুমা মুখে স্তন দিয়া।
মােৰ আয়ু লই পুতাই জীয়া।। ৩৮
দাদা বলভদ্রে মাতন্ত ঘাটি।।
পতিয়ান নাই চৱা বিচাৰি।
হেন শুনি মাতে যশােদা নাৰী।। ২৭
বায়াে বেন্ত যেৱে মাটি নখাইলি।
শুনিয়া শিশুৰূপী বনমালী।।
চোৱা মুখ বুলি মাৱক মাতি।
বাইলন্ত বেন্ত প্রকাশিত আতি।। ২৮
যশােদা সুন্দৰী দেখন্ত পাছে।
সমস্ত জগত গৰ্ভতে আছে।।
সাতােখান দ্বীপ সাতাে সাগৰ।
গিৰি বন নদী গ্রাম নগৰ।। ২৯
বায়ু সূৰ্য্য শশী দিশ আকাশ।
তাৰাগণ তৈতে কৰে প্ৰকাশ।।
সমস্ত জীৱ জ্যোতি তেজ জল।
সত্ত্ব ৰজ তম ইন্দ্রিয় বল।। ৩০
বল বুদ্ধি কাল কৰ্ম্ম যতেক।
সৱাকো গৰ্ভতে দেখি প্রত্যেক।।
যতেক ধেনু গােপ গােপীজাক।
যশােদা দেখে তৈতে আপুনাক।। ৩১
পৰম শঙ্কাক পাইলন্ত আতী।
অদ্ভুত দেখিয়া বােলন্ত মাতি।।
কিবা ভ্রম ভৈল মােহক পায়া।
দেখিলাে স্বপ্ন কিবা দেৱমায়া।। ৩২
কিবা জানে মায়া মােৰ তনয়।
কৰিবে নৱাৰাে একো নিশ্চয়।।
নুহিকন্ত মােৰ পুত্র মানুষ।
এহেন্তেসে বিষ্ণু আদি পুৰুষ।। ৩৩
এহি বুলি চিত্ত দঢ়ায়া সতী।
কৰযােড়ে কৰে কৃষ্ণক স্তুতি।।
বটো ব্ৰহ্ম নােহে তর্ক গােচৰ।
নপাৱে বচনে মনে ওচৰ।। ৩৪
নাহি উতপতি নাহি মৰণ।
সদায়ে প্ৰণামাে তান চৰণ।।
মঞি যশােদা মােৰ পুত্র স্বামী।
ব্রজৰ সৱে অধিকাৰী আমি।। ৩৫
হেন অহম্মম সদায়ে কৰাে।
যাহাৰ মায়াত উপজো মৰাে।।
হেন ভগৱন্ত হুয়ােক গতি।
খণ্ডিয়ােক আৱে মােৰ কুমতি।। ৩৬
গুণন্ত শুনি ত্রিজগত পতি।
বিষ্ণু হেন মােক জানিলা সতী।।
কৰিলা বৈষ্ণৱী মায়া বিস্তাৰ।
গুচিল বিষ্ণু জ্ঞান যশােদাৰ।। ৩৭
কৃষ্ণত পুত্র বুদ্ধি ভৈল জাত।
ধূলা জাৰি তুলি লৈলা কোলাত।।
পাড়ন্ত চুমা মুখে স্তন দিয়া।
মােৰ আয়ু লই পুতাই জীয়া।। ৩৮
ব্রহ্মায়াে নজানে যাৰ মহিমা।
চাৰি বেদে কহি নপাৱে সীমা।।
হেন মাধৱক তনয় পাইল।
যশােদা নন্দে কিনাে তপসাইল।। ৩৯
সুনন্দ আদি যত যােগীগণ।
চিন্তিও নেদেখে যাৰ চৰণ।।
হেন পৰমব্রহ্ম যশােদা সুত।
ভৈলন্ত কিনাে আতি অদভুত।। ৪০
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
শুনা শিশুলীলা সমস্ত জনে।।
যেৱে সুখে যাইবা বৈকুণ্ঠপুৰী।
সদায় ডাকিয়া ঘুষিয়ে হৰি।। ৪১
চাৰি বেদে কহি নপাৱে সীমা।।
হেন মাধৱক তনয় পাইল।
যশােদা নন্দে কিনাে তপসাইল।। ৩৯
সুনন্দ আদি যত যােগীগণ।
চিন্তিও নেদেখে যাৰ চৰণ।।
হেন পৰমব্রহ্ম যশােদা সুত।
ভৈলন্ত কিনাে আতি অদভুত।। ৪০
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
শুনা শিশুলীলা সমস্ত জনে।।
যেৱে সুখে যাইবা বৈকুণ্ঠপুৰী।
সদায় ডাকিয়া ঘুষিয়ে হৰি।। ৪১
।। চতুর্থ কীৰ্ত্তন।।
ঘােষাঃ হে কৰুণাময় ৰাম।
ৰাম কৃষ্ণ প্রভু ৰঘুপতি।। ৪
পদঃ দিনেক যশােদা নন্দ জায়া।
আপুনি মথন্ত দধি গৈয়া।।
কৃষ্ণৰ শৈশৱ লীলা স্মৰি।
কৃষ্ণগীত গাৱন্ত সুন্দৰী।। ৪২
ক্ষৌম বস্ত্র পিন্ধি দিব্য কাছে।
কটিত মেখলা বান্ধি আছে।।
পুত্র স্নেহে স্ৰৱে দুয়াে স্তন।
আজোড়ন্তে লড়ে ঘনে ঘন।। ৪৩
ৰুণঝুণ কেয়ূৰ কঙ্কণ।
শ্রমজলে উজ্জ্বল বদন।।
কর্ণত কুণ্ডল দোলে আতি।
খসি পড়ে খােপাৰ মালতী।। ৪৪
এহিমতে মথন্তে প্রয়াসি।
মাৱক ধৰিলা কৃষ্ণে আসি।।
মথনিত ধৰিয়া নিষেধি।
মথিবাক নেদে আউৰ দধি।। ৪৫
হাসি কোলে লৈলা নন্দ জায়া।
দিলা স্তন পুত্র মুখ চায়া।।
দেখন্তে উতলি দুগ্ধ পড়ে।
পুত্র এড়ি গৈলন্ত লৱড়ে।। ৪৬
স্তন পিবে নপায়া কৃষ্ণৰ।
কোপে কাম্পে অৰুণ অধৰ।।
দশন কামুড়ি আতি চাণ্ড।
শিলায়ে ভাঙ্গিলা দধি ভাণ্ড।। ৪৭
মহা কোপে কোঠা পশিলন্ত।
সিঞ্চিৰাই লৱনু ভুঞ্জন্ত।।
আসিলা যশােদা নমাই ক্ষীৰ।
দেখে হাণ্ডি ভাঙ্গিলা দধিৰ।। ৪৮
জানিলা পুত্ৰৰ কৰ্ম্ম গােপী।
হাসিয়া দেখিলা পশি খুপি।।
উড়ল উপৰে বসি হৰি।
ভুঞ্জন্ত লৱনু চুৰি কৰি।। ৪৯
শিকিয়াৰ পৰা নমাই আনি।
বানৰকো দেন্ত দলি হানি।।
শঙ্কিত নয়নে নাহি সাৰি।
দেখিয়া যশােদা লৈলা বাড়ি।। ৫০
মাৰিবে আসন্ত জানি ডৰে।
দিলা লড় নামি উড়লৰে।।
পাছে পাছে যশােদা খেদন্ত।
ভয়ে লাগ মাৱক নেদন্ত।। ৫১
যাক যােগী নপাৱে ধ্যানত।
হেন হৰি পলান্ত ভয়ত।।
পুত্ৰক খেদন্ত মহাসতী।
শ্রোণী ভৰে আক্ৰমিল গতি।। ৫২
বেগত মেলান ভৈল খােপা।
খসি পড়ে মালতীৰ থােপা।।
গােৱিন্দে মাৱৰ শ্ৰম দেখি।
ৰহিল কান্দন্তে মুই আসি।। ৫৩
ভয় নয়নে চান্ত ডৰে।
যশােদা ধৰিলা আসি কৰে।।
ভাণ্ড ভাঙ্গি আৱে যাইবি কোথা।
খাইবাে আজি কৃষ্ণ তােৰ মাথা।। ৫৪
সকল লৱনু কৈলি নাশ।
শুনি প্রভু ভৈলা মহাত্রাস।।
দেখি বাড়ি এড়িলাহা সতী।
কৃষক বান্ধিবে ভৈলা মতি।। ৫৫
নাহি আদি অন্ত পূৰ্ব্বাপৰ।
পূর্ণব্রহ্ম জগত ঈশ্বৰ।।
তাহাঙ্ক তনয় মানি বলে।
যশােদা বান্ধন্ত উড়ুখলে।। ৫৬
বান্ধন্ত কৃষ্ণক আনি ধৰি।
পূর্ণব্রহ্ম জগত ঈশ্বৰ।।
তাহাঙ্ক তনয় মানি বলে।
যশােদা বান্ধন্ত উড়ুখলে।। ৫৬
বান্ধন্ত কৃষ্ণক আনি ধৰি।
নােজোড়ে আঙ্গুল দুই জৰী।।
আৰে জৰী আনি জোড়া দিলা।
সিও দুই আঙ্গুল নাটিলা।। ৫৭
হেন দেখি আৰাে জৰী আনি।
যশােদা বান্ধন্ত টানি টানি।।
শৰীৰৰ বল দিয়া আটে।
তথাপি আঙ্গুল দুই নাটে।। ৫৮
গৃহত যতেক পাইলা জৰী।
এহিমতে জোড়ান্ত সুন্দৰী।।
উড়ুখলেয়েৰে বান্ধে চাপি।
নাটে দুই আঙ্গুল তথাপি।। ৫৯
হেন দেখি হাসে গােপীগণে।
যশােদা বিস্ময় ভৈলা মনে।।
শৰীৰৰ ঘৰ্ম্ম যায় বহি।
হাসিয়া থাকিলা শ্ৰমে ৰহি।। ৬০
হেন দেখি প্রভু নাৰায়ণ।
স্নেহে লৈলা আপুনি বন্ধন।।
জগতৰ আপুনি ঈশ্বৰ।
আৰে জৰী আনি জোড়া দিলা।
সিও দুই আঙ্গুল নাটিলা।। ৫৭
হেন দেখি আৰাে জৰী আনি।
যশােদা বান্ধন্ত টানি টানি।।
শৰীৰৰ বল দিয়া আটে।
তথাপি আঙ্গুল দুই নাটে।। ৫৮
গৃহত যতেক পাইলা জৰী।
এহিমতে জোড়ান্ত সুন্দৰী।।
উড়ুখলেয়েৰে বান্ধে চাপি।
নাটে দুই আঙ্গুল তথাপি।। ৫৯
হেন দেখি হাসে গােপীগণে।
যশােদা বিস্ময় ভৈলা মনে।।
শৰীৰৰ ঘৰ্ম্ম যায় বহি।
হাসিয়া থাকিলা শ্ৰমে ৰহি।। ৬০
হেন দেখি প্রভু নাৰায়ণ।
স্নেহে লৈলা আপুনি বন্ধন।।
জগতৰ আপুনি ঈশ্বৰ।
তুমি বশ্য ভৈলা ভকতৰ।। ৬১
ব্রহ্মা লক্ষ্মীদেৱী মহাদেৱে।
নপাইলা আনন্দ হেন কেৱে।।
যশােদা প্রসাদ যেন পাইল।
ইটো গােপী কিনাে তপসাইল।। ৬২
ভকতৰ বশ্য তুমি হৰি।
সুখে পাৱে গৃহতে সুমৰি।।
ভণিলা শঙ্কৰে কৃষ্ণপদে।
হৰি হৰি বােলা সভাসদে।। ৬৩
।। পঞ্চম কীৰ্ত্তন।।
ব্রহ্মা লক্ষ্মীদেৱী মহাদেৱে।
নপাইলা আনন্দ হেন কেৱে।।
যশােদা প্রসাদ যেন পাইল।
ইটো গােপী কিনাে তপসাইল।। ৬২
ভকতৰ বশ্য তুমি হৰি।
সুখে পাৱে গৃহতে সুমৰি।।
ভণিলা শঙ্কৰে কৃষ্ণপদে।
হৰি হৰি বােলা সভাসদে।। ৬৩
।। পঞ্চম কীৰ্ত্তন।।
ঘােষাঃ ৰাম গােপাল হৰি
কৃষ্ণ গােৱিন্দ হৰি।। ৫
পদঃ কৃষ্ণে দেখিল মাৱ গৃহ কামে গৈল।
আন্ঠু কাঢ়ি উড়ুখল টানিবাক লৈল।।
অৰ্জ্জুনত লাগি ভৈল উড়ল পথালি।
কঙ্কাল ফান্দিয়া বল দিলা বনমালী।। ৬৪
কাম্পে দুয়ােগােটা বৃক্ষ উড়ুখলে লাগি।
উভৰি পড়িল মচ মচ কৰি ভাগি।।
শাপ এড়াই দুয়াে পাছে কুবেৰ তনয়।
তােমাক নমিয়া গৈলা আপােন নিলয়।। ৬৫
নির্ঘাত শঙ্কিয়া দেখি আইল গােপজাক।
বন্দী হুয়া আছা নন্দে দেখিলা তােমাক।।
হাসিলন্ত কোনে হেন কৰিলেক বুলি।
বান্ধ মেলি কৃষ্ণক কোলাত লৈলা তুলি।।
কিনো আতি নন্দ যশােদাৰ মহাভাগ।
পূর্ণব্রহ্ম তােমাক গৃহন্তে পাইলা লাগ।।
ভকতৰ আনন্দ বঢ়ায়া সৰ্ব্বক্ষণে।
শিশু লীলা অনেক কৰিলা নাৰায়ণে।। ৬৭
কেহাে বেলা গােপীগণে পাঞ্চে গায়া গীত।
তাসম্বাৰ প্রীতি সাধি কতাে কৰা নৃত্য।।
মালাড়ি কৰাহা কতাে গােপৰ বচনে।
ছায়া পুতলাক যেনে নচাৱা যতনে।। ৬৮
কেহো বেলা গােপিকাৰ শুনি আজ্ঞা বাণী।
পাদুকা পীড়াক প্ৰভু ধৰি থাকা আনি।।
কোন কৰ্ম্ম নকৰিলা হৰি গােকুলত।
ভকতৰ বশ্য হেন দেখায়া লােকত।। ৬৯
কোনে ফল লৈবে বুলি ডাকিল পসাৰী।
ধান্য দিয়া ফল তুমি খুজিলা মুৰাৰি।।
তােহ্মাৰ হস্তক ভৰি দিল ফল বাছি।
সুৱৰ্ণ ৰজতে তাইৰ উপচিল পাচি।। ৭০
আসিল দানৱগােট বৎস ৰূপ ধৰি।
লাঙ্গুল সহিতে তাৰ ধৰি পাছ ভৰি।।
আলগতে ফুৰাই পাক হানিলাহা দলি।
কপিত্থত পড়ি যমপুৰে গৈল চলি।। ৭১
লাঙ্গুল সহিতে তাৰ ধৰি পাছ ভৰি।।
আলগতে ফুৰাই পাক হানিলাহা দলি।
কপিত্থত পড়ি যমপুৰে গৈল চলি।। ৭১
।। ষষ্ঠ কীৰ্ত্তন।।
ঘােষাঃ ৰামৰ চৰণে ধৰাে।
স্বামী আমি যেন তৰাে।। ৬
পদঃ বকাসুৰে কৃষ্ণক গিলিলে ঠোটে ধৰি।
দেখি গােপ শিশুগণ যেন গৈল মৰি।।
পাছে তাৰ তালুত লাগিল যেন জুই।
ছাদিলা কৃষ্ণক বকে বিমূচ্ছিত হুই।। ৭২
দুনাই ঠোটে গিলিবাক আসে দেখি তাক।
লীলায়ে ছিৰিলা যেন বিৰিণা পােখাক।।
সবান্ধৱে ধেনুকক নিলা ৰসাতল।
গােপ শিশুগণক ভুঞ্জাইলা তাল ফল।। ৭৩
ময়ৰ তনয় ব্যোম গােপ ৰূপ ধৰি।
গােপ শিশুগণক নিলেক চুৰি কৰি।।
গহ্বৰত থৈলা নিয়া ঢাকিয়া শিলায়ে।
তাক মাৰি শিশুসৱ আনিলা লীলায়ে।। ৭৪
গােপ গৰুজাকক বেঢ়িলে বনজুই।
কৃষ্ণত শৰণ সৱে লৈলা ত্রাস হুই।।
চক্ষু মুদাই সৱাকো ক্ষেণেকে যােগ বলে।
গােকুলক লাগিয়া আনিলা অবিকলে।। ৭৫
নন্দক গিলন্তে সৰ্পে ৰাখিলাহা হৰি।
তােহ্মাৰ পৰশে সর্পে দিব্য ৰূপ ধৰি।।
শাপ এড়াই গৈল বিদ্যাধৰৰ নিলয়।
দেখি গােপগণ ভৈল পৰম বিস্ময়।। ৭৬
শয়ন সময়ে সৱ গােপ গােপীগণ।
যােগ বলে বৈকুণ্ঠক নিলা নাৰায়ণ।।
বৈকুণ্ঠবাসীৰ সৱে মহিমা দেখাই।
গােকুলক লাগি প্রভু আনিলা দুনাই।। ৭৭
নন্দক নিলেক বৰুণৰ দূতে ধৰি।
বৰুণৰ পৰা তাঙ্ক আনিলা উদ্ধাৰি।।
তােহ্মাৰ মহিমা নন্দে কহিলা ব্ৰজত।
শুনিয়া আনন্দ ভৈলা সৱাৰাে মনত।। ৭৮
ইন্দ্ৰে কৰিলন্ত সাত দিন বৰিষণ।
একে হাতে উভাৰি ধৰিলা গােৱৰ্ধন।।
দুৰ্ঘোৰ ভয়ত নিস্তাৰিলা গােপপুৰ।
কৰিলা লীলায়ে মহেন্দ্ৰৰ দর্প চুৰ।। ৭৯
সুৰভি সহিতে ইন্দ্রে আসিলা প্রত্যেক।
গােৰ ইন্দ্র পাতিয়া কৰিলে অভিষেক।।
অনেক ভকতি কৰি দুয়াে স্বর্গে গৈলা।
সেহি দিন তােমাৰ গােৱিন্দ নাম থৈলা।। ৮০
গােপ কুমাৰিকাসৱে বস্ত্ৰ থৈয়া তীৰে।
বিবস্ত্রে নামিল গৈয়া যমুনাৰ নীৰে।।
বস্ত্র লৈয়া উঠিলাহা কদম্বৰ গাছে।
দেখি গােপ শিশুগণ যেন গৈল মৰি।।
পাছে তাৰ তালুত লাগিল যেন জুই।
ছাদিলা কৃষ্ণক বকে বিমূচ্ছিত হুই।। ৭২
দুনাই ঠোটে গিলিবাক আসে দেখি তাক।
লীলায়ে ছিৰিলা যেন বিৰিণা পােখাক।।
সবান্ধৱে ধেনুকক নিলা ৰসাতল।
গােপ শিশুগণক ভুঞ্জাইলা তাল ফল।। ৭৩
ময়ৰ তনয় ব্যোম গােপ ৰূপ ধৰি।
গােপ শিশুগণক নিলেক চুৰি কৰি।।
গহ্বৰত থৈলা নিয়া ঢাকিয়া শিলায়ে।
তাক মাৰি শিশুসৱ আনিলা লীলায়ে।। ৭৪
গােপ গৰুজাকক বেঢ়িলে বনজুই।
কৃষ্ণত শৰণ সৱে লৈলা ত্রাস হুই।।
চক্ষু মুদাই সৱাকো ক্ষেণেকে যােগ বলে।
গােকুলক লাগিয়া আনিলা অবিকলে।। ৭৫
নন্দক গিলন্তে সৰ্পে ৰাখিলাহা হৰি।
তােহ্মাৰ পৰশে সর্পে দিব্য ৰূপ ধৰি।।
শাপ এড়াই গৈল বিদ্যাধৰৰ নিলয়।
দেখি গােপগণ ভৈল পৰম বিস্ময়।। ৭৬
শয়ন সময়ে সৱ গােপ গােপীগণ।
যােগ বলে বৈকুণ্ঠক নিলা নাৰায়ণ।।
বৈকুণ্ঠবাসীৰ সৱে মহিমা দেখাই।
গােকুলক লাগি প্রভু আনিলা দুনাই।। ৭৭
নন্দক নিলেক বৰুণৰ দূতে ধৰি।
বৰুণৰ পৰা তাঙ্ক আনিলা উদ্ধাৰি।।
তােহ্মাৰ মহিমা নন্দে কহিলা ব্ৰজত।
শুনিয়া আনন্দ ভৈলা সৱাৰাে মনত।। ৭৮
ইন্দ্ৰে কৰিলন্ত সাত দিন বৰিষণ।
একে হাতে উভাৰি ধৰিলা গােৱৰ্ধন।।
দুৰ্ঘোৰ ভয়ত নিস্তাৰিলা গােপপুৰ।
কৰিলা লীলায়ে মহেন্দ্ৰৰ দর্প চুৰ।। ৭৯
সুৰভি সহিতে ইন্দ্রে আসিলা প্রত্যেক।
গােৰ ইন্দ্র পাতিয়া কৰিলে অভিষেক।।
অনেক ভকতি কৰি দুয়াে স্বর্গে গৈলা।
সেহি দিন তােমাৰ গােৱিন্দ নাম থৈলা।। ৮০
গােপ কুমাৰিকাসৱে বস্ত্ৰ থৈয়া তীৰে।
বিবস্ত্রে নামিল গৈয়া যমুনাৰ নীৰে।।
বস্ত্র লৈয়া উঠিলাহা কদম্বৰ গাছে।
নানা উপহাস কৰি বস্ত্র দিলা পাছে।। ৮১
কৃষ্ণৰ কিঙ্কৰে গীত ভণিল শঙ্কৰে।
নাহি আন ধৰ্ম্ম আউৰ কীৰ্ত্তনত পৰে।।
শুনা সৰ্ব্বজন ঐত কেদিন জীৱন।
বােলা হৰি হৰি আছে যাৱত চেতন।। ৮২
।। সপ্তম কীৰ্ত্তন।।
কৃষ্ণৰ কিঙ্কৰে গীত ভণিল শঙ্কৰে।
নাহি আন ধৰ্ম্ম আউৰ কীৰ্ত্তনত পৰে।।
শুনা সৰ্ব্বজন ঐত কেদিন জীৱন।
বােলা হৰি হৰি আছে যাৱত চেতন।। ৮২
।। সপ্তম কীৰ্ত্তন।।
ঘােষাঃ কৃষ্ণ নমাে ৰাম নিৰঞ্জন হৰি।
কৃষ্ণ ৰাম গােপাল গােৱিন্দ ৰাম হৰি।। ৭
পদঃ দুষ্ট অঘে পাতিলেক কাপ।
বাট ভেণ্টি ভৈল ঘােৰ সাপ।।
পৰ্ব্বত সমান কলেৱৰ।
বাইল বেন্ত সম্যকে গহ্বৰ।। ৮৩
তল ওঠ মাটিত থাপিল।
উৰ্দ্ধ ওঠ মেঘত লাগিল।।
জিহ্বাখান যেন ৰাজ আলি।
বৎস লৈয়া আইলা বনমালী।। ৮৪
গােৰক্ষ দামুৰি নিৰন্তৰ।
নজানি পশিল অভ্যন্তৰ।।
দেখি তুমি ভক্তৰ স্নেহত।
প্ৰৱেশিলা অঘৰ গৰ্ভত।। ৮৫
দেখি আটি ধৰিল দশনে।
তুলিলেক হাসি দৈত্যগণে।।
দেৱগণে কৰে হাহাকাৰ।
গল ছুঙ্গি ভেণ্টি ৰৈলা তাৰ।। ৮৬
পেট ফিঙ্কি বায়ু দিলে টান।
মূৰ্দ্ধা স্ফুটি বাজ ভৈলা প্রাণ।।
তযু পৰশনে কৰ্ম্ম ক্ষীণ।
অসুৰ কৃষ্ণতে গৈলা লীন।। ৮৭
দেখি নিশৱদ দৈত্য কুল।
হৰিষে বৰিষে দেৱে ফুল।।
অমৃত নয়নে চাইলা হৰি।
জীল সৱে গােৰক্ষ দামুৰি।। ৮৮
ৰঙ্গে বাজ ভৈলা বংশী বাই।
ফুৰা সৱে দামুৰি চৰাই।।
ব্রহ্মা আসি কৰিলন্ত চুৰি।
নিলে সৱ গােৰক্ষ দামুৰি।। ৮৯
মায়া কৰি থৈলেক গহ্বৰে।
কাহাকো নেদেখি দামােদৰে।।
ব্রহ্মা নিলা জানিলাহা গুণি।
ভৈলা গৰু গােৰক্ষ আপুনি।। ৯০
নিচিনিয়া গােৱালী গােৱালে।
এদিনাতাে কৰি প্রতিপালে।।
ব্রহ্মা আসি দেখিলন্ত পাছে।
গােৰক্ষ দামুৰি সৱাে আছে।। ৯১
পৰম বিস্ময়ে আছে চায়া।
কৰিলাহা প্রভু পাছে মায়া।।
গােৰক্ষ দামুৰি ৰূপ এড়ি।
ভৈল সৱে চতুর্ভুজ হৰি।। ৯২
সজল জলদ যেন শ্যাম।
সৱে পীত বস্ত্রে অনুপাম।।
কেয়ূৰ কঙ্কণে কৰে কান্তি।
হৃদয়ত শ্রীবৎসৰ পান্তি।। ৯৩
কম্বু কণ্ঠ কৌস্তুভে শােভিত।
বনমালা আপাদ লম্বিত।।
জিলিমিলি জ্বলে বক্ষঃস্থলে।
শােভে কর্ণ মকৰ কুণ্ডলে।। ৯৪
শঙ্খ চক্র গদা পদ্ম ধৰি।
আছা সৱে চতুর্ভুজ হৰি।।
গাৱে গাৱে একো সৃষ্টি কৰে।
চৰাচৰ সমে সেৱা কৰে।। ৯৫
মােহ হুয়া ব্রহ্মা ভৈল চুপ।
দেখন্তে গুচিল সৱে ৰূপ।।
পূৰ্ব্বৱতে আছা মাত্র হৰি।
হংসৰ নামিলা ব্রহ্মা ডৰি।। ৯৬
যেন সুৱৰ্ণৰ দণ্ড প্রায়।
ভূমিতে পেলাই নিজ কায়।।
মাধৱৰ পাদ পদ্ম দুই।
চাৰি মুকুটৰ আগে ছুই।। ৯৭
আনন্দতে নয়ন জলে।
সিঞ্চিলন্ত চৰণ কমলে।।
উঠি উঠি দুয়ােপাৱে ধৰি।
প্রণামন্ত মহিমা সুমৰি।। ৯৮
মুকুন্দক চাই কথমপি।
মাথা দোৱাই কৃষ্ণ কৃষ্ণ জপি।।
প্রণামিয়া অনেক ভকতি।
কৰিবে লাগিলা ব্রহ্মা স্তুতি।। ৯৯
কৃষ্ণ কথা শুনিয়ে সমাজে।
জন্ম লভি ভাৰতৰ মাজে।।
আক বৃথা কৰা কোন কামে।
সাধিয়াে মুকুতি হৰি নামে।। ১০০
।। অষ্টম কীৰ্ত্তন।।
ঘােষাঃ ৰাম নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন হৰি।
নমাে ৰাম নিৰঞ্জন নিৰঞ্জন হৰি।। ৮
তল ওঠ মাটিত থাপিল।
উৰ্দ্ধ ওঠ মেঘত লাগিল।।
জিহ্বাখান যেন ৰাজ আলি।
বৎস লৈয়া আইলা বনমালী।। ৮৪
গােৰক্ষ দামুৰি নিৰন্তৰ।
নজানি পশিল অভ্যন্তৰ।।
দেখি তুমি ভক্তৰ স্নেহত।
প্ৰৱেশিলা অঘৰ গৰ্ভত।। ৮৫
দেখি আটি ধৰিল দশনে।
তুলিলেক হাসি দৈত্যগণে।।
দেৱগণে কৰে হাহাকাৰ।
গল ছুঙ্গি ভেণ্টি ৰৈলা তাৰ।। ৮৬
পেট ফিঙ্কি বায়ু দিলে টান।
মূৰ্দ্ধা স্ফুটি বাজ ভৈলা প্রাণ।।
তযু পৰশনে কৰ্ম্ম ক্ষীণ।
অসুৰ কৃষ্ণতে গৈলা লীন।। ৮৭
দেখি নিশৱদ দৈত্য কুল।
হৰিষে বৰিষে দেৱে ফুল।।
অমৃত নয়নে চাইলা হৰি।
জীল সৱে গােৰক্ষ দামুৰি।। ৮৮
ৰঙ্গে বাজ ভৈলা বংশী বাই।
ফুৰা সৱে দামুৰি চৰাই।।
ব্রহ্মা আসি কৰিলন্ত চুৰি।
নিলে সৱ গােৰক্ষ দামুৰি।। ৮৯
মায়া কৰি থৈলেক গহ্বৰে।
কাহাকো নেদেখি দামােদৰে।।
ব্রহ্মা নিলা জানিলাহা গুণি।
ভৈলা গৰু গােৰক্ষ আপুনি।। ৯০
নিচিনিয়া গােৱালী গােৱালে।
এদিনাতাে কৰি প্রতিপালে।।
ব্রহ্মা আসি দেখিলন্ত পাছে।
গােৰক্ষ দামুৰি সৱাে আছে।। ৯১
পৰম বিস্ময়ে আছে চায়া।
কৰিলাহা প্রভু পাছে মায়া।।
গােৰক্ষ দামুৰি ৰূপ এড়ি।
ভৈল সৱে চতুর্ভুজ হৰি।। ৯২
সজল জলদ যেন শ্যাম।
সৱে পীত বস্ত্রে অনুপাম।।
কেয়ূৰ কঙ্কণে কৰে কান্তি।
হৃদয়ত শ্রীবৎসৰ পান্তি।। ৯৩
কম্বু কণ্ঠ কৌস্তুভে শােভিত।
বনমালা আপাদ লম্বিত।।
জিলিমিলি জ্বলে বক্ষঃস্থলে।
শােভে কর্ণ মকৰ কুণ্ডলে।। ৯৪
শঙ্খ চক্র গদা পদ্ম ধৰি।
আছা সৱে চতুর্ভুজ হৰি।।
গাৱে গাৱে একো সৃষ্টি কৰে।
চৰাচৰ সমে সেৱা কৰে।। ৯৫
মােহ হুয়া ব্রহ্মা ভৈল চুপ।
দেখন্তে গুচিল সৱে ৰূপ।।
পূৰ্ব্বৱতে আছা মাত্র হৰি।
হংসৰ নামিলা ব্রহ্মা ডৰি।। ৯৬
যেন সুৱৰ্ণৰ দণ্ড প্রায়।
ভূমিতে পেলাই নিজ কায়।।
মাধৱৰ পাদ পদ্ম দুই।
চাৰি মুকুটৰ আগে ছুই।। ৯৭
আনন্দতে নয়ন জলে।
সিঞ্চিলন্ত চৰণ কমলে।।
উঠি উঠি দুয়ােপাৱে ধৰি।
প্রণামন্ত মহিমা সুমৰি।। ৯৮
মুকুন্দক চাই কথমপি।
মাথা দোৱাই কৃষ্ণ কৃষ্ণ জপি।।
প্রণামিয়া অনেক ভকতি।
কৰিবে লাগিলা ব্রহ্মা স্তুতি।। ৯৯
কৃষ্ণ কথা শুনিয়ে সমাজে।
জন্ম লভি ভাৰতৰ মাজে।।
আক বৃথা কৰা কোন কামে।
সাধিয়াে মুকুতি হৰি নামে।। ১০০
।। অষ্টম কীৰ্ত্তন।।
ঘােষাঃ ৰাম নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন হৰি।
নমাে ৰাম নিৰঞ্জন নিৰঞ্জন হৰি।। ৮
পদঃ নমাে গােপৰূপী মেঘ সম শ্যাম তনু।
গাৱে পীত বস্ত্র হাতে শিঙ্গা বেত বেণু।।
কর্ণত গুঞ্জাৰ থােকা মাথে মৈৰা পাখি।
বন্য পুষ্প মালা পিন্ধি ধেনু আছা ৰাখি।। ১০১
এহি শৰীৰত আছে যতেক মহিমা।
মনেও কৰিবে পাৰে কোনে তাৰ সীমা।।
আছােক পৰমব্রহ্ম স্বৰূপ তােমাৰ।
তাক জানিবাক আছে শকতি কাহাৰ।। ১০২
জ্ঞান পথ এড়ি প্রভু তােমাৰ কথাক।
কায় বাক্য মনে সেৱে যিটো সাধুজাক।।
যদ্যাপি অজিত তুমি তিনিও জগতে।
তথাপি তােমাক জিনে সেহিসে ভকতে।। ১০৩
মুকুতি ৰসকো স্ৰৱে তােহ্মাৰ ভকতি।
তাক এড়ি যিটো জ্ঞান পথে কৰে ৰতি।।
ক্লেশ মাত্র পাৱে যিটো নিস্ফল প্রয়াসে।
বাহানে পতান যেন তণ্ডুলৰ আশে।। ১০৪
যিটোজনে ভুঞ্জে নিজ কৰ্ম্মৰ বিপাক।
আপেক্ষিয়া থাকে প্রভু তােমাৰ কৃপাক।।
কায় বাক্য মনে মানে চৰণ তােমাৰ।
সি সিজনে মুকুতি পদৰ অধিকাৰ।। ১০৫
মঞি কেন দুৰ্ব্বোধ দেখিয়াে ভগৱন্ত।
মায়াদিৰ ঈশ তুমি অনাদি অনন্ত।।
তােমাক পৰীক্ষো মঞি মায়াক প্রকটি।
অগনিৰ আগে যেন ক্ষুদ্র ফিৰিঙ্গতি।। ১০৬
অন্ধ ভৈল চক্ষু হেলা কৰিলাে তােমাক।
মঞি ভিন্ন ঈশ্বৰ মানিলাে আপুনাক।।
অজ্ঞৰ ক্ষমিয়াে দোষ জগত নিৱাস।
এহি কৃপা কৰা যেন বােলাও তযু দাস।। ১০৭
গৰ্ভত থাকন্তে উদৰত ঘালে পাৱে।
তাৰ অপৰাধক নধৰে যেন মাৱে।।
তােমাৰ কুক্ষিত আমি আছাে চৰাচৰ।
হেন জানি ক্ষমিয়ােক দোষ দামােদৰ।। ১০৮
ইটো ব্ৰহ্ম পদ প্রভু আমাক লাগে।
কীট পতঙ্গত জন্ম হৌক কৰ্ম্ম ভাগে।।
তােমাৰ ভক্তৰ মাজে হুয়া একজন।
সেৱা কৰি থাকো প্রভু তােমাৰ চৰণ।। ১০৯
কিনো ধন্য ধেনু গােপী ইটো গােকুলৰ।
যাৰ স্তন পানে তৃপ্তি ভৈলা দামােদৰ।।
অশ্বমেধ আদি কৰি মহাযজ্ঞ যত।
তােমাক তুষিবে কেহাে নুহিকে শকত।। ১১০
কিনাে ভাগ্য কিনাে ভাগ্য ব্ৰজৰ প্ৰজাৰ।
তুমি পূর্ণব্রহ্ম হৰি মিত্র ভৈলা যাৰ।।
কিনাে পুণ্য কৈল গােকুলৰ বৃক্ষ তৃণে।
তােমাৰ চৰণ ৰেণু পাৱে প্রতিদিনে।। ১১১
দেখা সৰ্ব্বলােক কেনে অজ্ঞানী বৰ্ব্বৰ।
তুমি অন্তর্যামী তােমাকেসে বােল পৰ।।
শৰীৰক মঞি বুলি বুদ্ধি ভৈল হত।
হিয়াতে হইলা তুমি খােজে বাহিৰত।। ১১২
বৃন্দাবনে তৃণ হৈবাে তেৱে মহাভাগ।
পাইবাে ব্রজবাসীৰ চৰণ ৰেণু লাগ।।
আজিও বিচাৰে পদ ৰজ দেৱগণ।
হেন হৰি ভৈল ব্রজবাসীৰ জীৱন।। ১১৩
মাৰিবাক দিলা স্তন পুতনা পাপিষ্ঠী।
দিলাহা মুকুতি তাইতাে পড়িল সুদৃষ্টি।।
ব্রজবাসী তােমাতে অর্পিলে প্রাণ বিত্ত।
আক আৰ কিবা দিবা খেদ কৰে চিত্ত।। ১১৪
তাৱে ৰাগ লােভ ক্রোধ পুৰুষৰ চোৰ।
তাৱে গৃহবাস বন্দীশাল মহা ঘােৰ।।
মােহচয় ভৰিৰ নিহল হােৱে তাৱে।
তােমাত ভকতি নৰে নতু কৰৈ যাৱে।। ১১৫
তােমাৰ আগত কিবা বােলাে বহু বাক।
যিটো বােলে জানাে প্রভু নজানে তােমাক।।
কায় বাক্য মনে মঞি কৰিলােহাে সাৰ।
তযু মায়া বিভৱৰ নপাও কিছু পাৰ।। ১১৬
জানিবাহা প্রভু মঞি তােমাৰ কিঙ্কৰ।
তযু চৰণত সমর্পিলাে কলেৱৰ।।
সমস্তৰে বুদ্ধি সাক্ষী সৱে তুমি জানা।
আজি ধৰি প্ৰভু মােক দাস বুলি মানা।। ১১৭
নমাে কৃষ্ণ বৃষ্ণি কুল প্রকাশ নায়ক।
দেৱ দ্বিজ পৃথিৱীৰ বৃদ্ধি প্রদায়ক।।
দুষ্ট দৈত্য দানৱ ৰাক্ষস ক্ষয়ঙ্কাৰ।
তােহ্মাৰ চৰণে সদা প্রণাম আমাৰ।। ১১৮
কৰিল অনেক স্তুতি আৰু সৃষ্টিকৰে।
তাক নকহিলাে পদ বাহুল্যক ডৰে।।
এহি বুলি প্রজাপতি ভৈলা মােহহীন।
কৃষ্ণক কৰিলা তিনিবাৰ প্রদক্ষিণ।। ১১৯
প্রণাম কৰিলা চৰণত পড়ি পড়ি।
মেলানি মাগিয়া নিজ স্থানে গৈলা লড়ি।।
ভণিল শঙ্কৰে কৃষ্ণ চৰণত ধৰি।
পাতক ছাৰােক ডাকি বােলা হৰি হৰি।। ১২০
।। শিশু লীলা সমাপ্ত।।
যিটো বােলে জানাে প্রভু নজানে তােমাক।।
কায় বাক্য মনে মঞি কৰিলােহাে সাৰ।
তযু মায়া বিভৱৰ নপাও কিছু পাৰ।। ১১৬
জানিবাহা প্রভু মঞি তােমাৰ কিঙ্কৰ।
তযু চৰণত সমর্পিলাে কলেৱৰ।।
সমস্তৰে বুদ্ধি সাক্ষী সৱে তুমি জানা।
আজি ধৰি প্ৰভু মােক দাস বুলি মানা।। ১১৭
নমাে কৃষ্ণ বৃষ্ণি কুল প্রকাশ নায়ক।
দেৱ দ্বিজ পৃথিৱীৰ বৃদ্ধি প্রদায়ক।।
দুষ্ট দৈত্য দানৱ ৰাক্ষস ক্ষয়ঙ্কাৰ।
তােহ্মাৰ চৰণে সদা প্রণাম আমাৰ।। ১১৮
কৰিল অনেক স্তুতি আৰু সৃষ্টিকৰে।
তাক নকহিলাে পদ বাহুল্যক ডৰে।।
এহি বুলি প্রজাপতি ভৈলা মােহহীন।
কৃষ্ণক কৰিলা তিনিবাৰ প্রদক্ষিণ।। ১১৯
প্রণাম কৰিলা চৰণত পড়ি পড়ি।
মেলানি মাগিয়া নিজ স্থানে গৈলা লড়ি।।
ভণিল শঙ্কৰে কৃষ্ণ চৰণত ধৰি।
পাতক ছাৰােক ডাকি বােলা হৰি হৰি।। ১২০
।। শিশু লীলা সমাপ্ত।।
--------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.