কীৰ্ত্তন ঘােষা
কালযৱন বধ
।। প্রথম কীৰ্ত্তন।।
ঘােষাঃ ৰঘুপতি কি হৌক গতি
তােমাৰ চৰণে নাৰায়ণ।
দাস বুলি দামােদৰ দিয়ােক শৰণ।। ১
তােমাৰ চৰণে নাৰায়ণ।
দাস বুলি দামােদৰ দিয়ােক শৰণ।। ১
পদঃ সেহি সময়ত যৱনৰ মহাৰাজা।
লগে লৈয়া সাজি ম্লেছ তিনি কৌটি প্রজা।।
নামে কালযৱন ৰণত অনিৰ্ব্বাৰ।
নাৰদে পঠাইলে মাধৱক দিলে ধাৰ।। ১
তিনি কোটি ম্লেছে বেঢ়িলেক মথুৰাক।
দেখি সচকিত ভৈল যত যদু জাক।।
দেখি বলাে সমে আলােচন্ত দামােদৰ।
মিলিল প্রমাদ দাদা যাদৱ বংশৰ।। ২
বেঢ়িল আহ্মাক দেখা যৱন দুৰ্ব্বাৰ।
কিবা আজি কালি জৰাসন্ধ দেয় ধাৰ।।
যৱনক যুজন্তে মাগধ যেৱে আসে।
নেয় চোপে স্বাসে জোনাে বংশকো বিনাশে।। ৩
হেন জানি সাজিবােহাে দুর্গ দ্বাৰকাক।
মনুষ্যে নপাৰে যেন তাক লঙ্ঘিবাক।।
এহি বুলি সাগৰ মধ্যত দামােদৰ।
বাহু প্ৰহৰৰ পথ নিৰ্ম্মিলা নগৰ।। ৪
বিশ্বকৰ্ম্মে শিল্প কৰ্ম্ম জানে যতমানে।
দ্বাৰকাত সৱাকো দেখিয় বিদ্যমানে।।
বিবিধ উদ্যান কল্পতৰু উপবন।
দিব্য সৰােবৰ দীঘি দেখি বিতােপন।। ৫
আকাশ লঙ্ঘিয়া আছে গড়ৰ দুৱাৰ।
স্ফটিক কপাট তাৰ পাশত সােণাৰ।।
সুৱৰ্ণ ৰজতে জ্বলে গৃহৰ আৰম্ভ।
স্ফটিক আটাল মৰকত দিল স্তম্ভ।। ৬
সুৱৰ্ণৰ ঘটচয় উপৰে প্রকাশে।
বিচিত্র পতাকা তাতে বতাসে উলাসে।।
সুধৰ্ম্মা সভাক পঠাই দিল পুৰন্দৰ।
যাত আৰােহিলে হােৱে অজৰ অমৰ ৷ ৷ ৭
বৰুণে পঠাইলা হয়চয় শুক্লবর্ণ।
মনােজয় বেগ সৱে শ্যাম এক কর্ণ।
কুবেৰে পঠাইলা অষ্টনিধিৰ ভাণ্ডাৰ।
কি কহিবাে মহিমা কৃষ্ণৰ দ্বাৰকাৰ।। ৮
দশ দিগপালৰ বিভৱ আছে যত।
সিবেলা সমস্তে আনি অর্পিলা কৃষ্ণত।।
সেহি দ্বাৰকাক লাগি কৃষ্ণে অবিকলে।
মথুৰাৰ প্ৰজাক আনিলা যােগ বলে।। ৯
মথুৰাক আসি ৰামে সমে আলােচিলা।
সুগন্ধ পদ্মৰ মালা গলত পিন্ধিলা।।
শুদা হাতে নগৰ দ্বাৰৰ ভৈলা বাজ।
যৱনক দেখাই চলি যান্ত যদুৰাজ।। ১০
মাধৱৰ জন্ম কর্ম্ম শুনা সৱে নৰে।
কলি যুগে নাহি গতি কীৰ্ত্তনত পৰে।।
দুৰ্ল্লভ মনুষ্য জন্ম নকৰিয়াে বৃথা।
কৰা হৰি কীৰ্ত্তন এৰিয়া গ্রাম্য কথা।। ১১
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্রতি।
ইহ পৰলােকে হৰি চৰণেসে গতি।।
গৈল প্রায় প্রাণ যেন সৱে আছা মৰি।
আন চিন্তা এৰি ডাকি বােলা হৰি হৰি।। ১২
বিবিধ উদ্যান কল্পতৰু উপবন।
দিব্য সৰােবৰ দীঘি দেখি বিতােপন।। ৫
আকাশ লঙ্ঘিয়া আছে গড়ৰ দুৱাৰ।
স্ফটিক কপাট তাৰ পাশত সােণাৰ।।
সুৱৰ্ণ ৰজতে জ্বলে গৃহৰ আৰম্ভ।
স্ফটিক আটাল মৰকত দিল স্তম্ভ।। ৬
সুৱৰ্ণৰ ঘটচয় উপৰে প্রকাশে।
বিচিত্র পতাকা তাতে বতাসে উলাসে।।
সুধৰ্ম্মা সভাক পঠাই দিল পুৰন্দৰ।
যাত আৰােহিলে হােৱে অজৰ অমৰ ৷ ৷ ৭
বৰুণে পঠাইলা হয়চয় শুক্লবর্ণ।
মনােজয় বেগ সৱে শ্যাম এক কর্ণ।
কুবেৰে পঠাইলা অষ্টনিধিৰ ভাণ্ডাৰ।
কি কহিবাে মহিমা কৃষ্ণৰ দ্বাৰকাৰ।। ৮
দশ দিগপালৰ বিভৱ আছে যত।
সিবেলা সমস্তে আনি অর্পিলা কৃষ্ণত।।
সেহি দ্বাৰকাক লাগি কৃষ্ণে অবিকলে।
মথুৰাৰ প্ৰজাক আনিলা যােগ বলে।। ৯
মথুৰাক আসি ৰামে সমে আলােচিলা।
সুগন্ধ পদ্মৰ মালা গলত পিন্ধিলা।।
শুদা হাতে নগৰ দ্বাৰৰ ভৈলা বাজ।
যৱনক দেখাই চলি যান্ত যদুৰাজ।। ১০
মাধৱৰ জন্ম কর্ম্ম শুনা সৱে নৰে।
কলি যুগে নাহি গতি কীৰ্ত্তনত পৰে।।
দুৰ্ল্লভ মনুষ্য জন্ম নকৰিয়াে বৃথা।
কৰা হৰি কীৰ্ত্তন এৰিয়া গ্রাম্য কথা।। ১১
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্রতি।
ইহ পৰলােকে হৰি চৰণেসে গতি।।
গৈল প্রায় প্রাণ যেন সৱে আছা মৰি।
আন চিন্তা এৰি ডাকি বােলা হৰি হৰি।। ১২
।। দ্বিতীয় কীৰ্ত্তন।।
ঘােষাঃ মাধৱ মধু সুদন দেৱ
দাস উদ্ধাৰিয়া নিয়াে।
তুমিসি পৰম গুৰু ভকতৰ
মােক উপদেশ দিয়াে।। ২
পদঃ কালযৱনৰ আগে লীলা কৰি
চলি যান্ত হৃষীকেশ।
দেখিল যৱনে পাছে মাধৱৰ
পৰম সুন্দৰ বেশ।।
শৰত কালত ভৈলন্ত উদিত
যেন পূর্ণিমাৰ চান্দ।
সুকুমাৰ শ্যাম তনু পীত বস্ত্রে
দেখিতে আতি সুছান্দ।। ১৩
সদায়ে ঈষত হাসি নুগুচয়
প্রফুল্ল মুখ কমলে।
নৱ পদ্ম সম আয়ত অৰুণ
লােচন যুগল জ্বলে।।
শিৰত কিৰীটি প্রকাশে অমূল্য
দাস উদ্ধাৰিয়া নিয়াে।
তুমিসি পৰম গুৰু ভকতৰ
মােক উপদেশ দিয়াে।। ২
পদঃ কালযৱনৰ আগে লীলা কৰি
চলি যান্ত হৃষীকেশ।
দেখিল যৱনে পাছে মাধৱৰ
পৰম সুন্দৰ বেশ।।
শৰত কালত ভৈলন্ত উদিত
যেন পূর্ণিমাৰ চান্দ।
সুকুমাৰ শ্যাম তনু পীত বস্ত্রে
দেখিতে আতি সুছান্দ।। ১৩
সদায়ে ঈষত হাসি নুগুচয়
প্রফুল্ল মুখ কমলে।
নৱ পদ্ম সম আয়ত অৰুণ
লােচন যুগল জ্বলে।।
শিৰত কিৰীটি প্রকাশে অমূল্য
ৰত্নগণে আছে গঢ়ি।
নাসা তিল ফুল অধৰ ৰাতুল
দান্ত পান্তি কুন্দ কড়ি ৷ ৷ ১৪
কর্ণত মকৰ কুণ্ডল দোলয়
কপালে অলকা পান্তি।
কম্বু কণ্ঠ মাজে কৌস্তুভ শােভয়
নৱ আদিত্যৰ কান্তি।।
প্রলম্ব বৰ্তুল ভূজ চাৰি
নাসা তিল ফুল অধৰ ৰাতুল
দান্ত পান্তি কুন্দ কড়ি ৷ ৷ ১৪
কর্ণত মকৰ কুণ্ডল দোলয়
কপালে অলকা পান্তি।
কম্বু কণ্ঠ মাজে কৌস্তুভ শােভয়
নৱ আদিত্যৰ কান্তি।।
প্রলম্ব বৰ্তুল ভূজ চাৰি
কেয়ূৰ কঙ্কণে শােভে।
গলে বনমালা আপাদ লম্বিত
ভ্ৰমৰ নছাড়ে লােভে।। ১৫
সুন্দৰ হৃদয়ে প্রকাশে শ্রীবৎস
কঙ্কালে মেখলা জ্বলে।
কৰিকৰ সম ঊৰু নিৰুপম
নূপুৰ পদ কমলে।।
সংসাৰ মােহন হেন ৰূপ দেখি
বােলয় কালযৱন।
এহিগােট কৃষ্ণ জানিলাে নাৰদে
কহিল যেন লক্ষণ।। ১৬
শুধা হাত ভৰি গতি চলি যায়
ময়াে যাও অস্ত্র এড়ি।
এহি বুলি উঠি ধাইলেক যৱনে
ৰহ বুলি পাৰে গেড়ি।।
জ্ঞানীগণে যাক ধ্যানতাে নেদেখে
খেদে হেন মাধৱক।
হাতে পাৱে হেন দেখাই আপুনাক
নিলন্ত তাক দূৰক।। ১৭
পাছত যৱনে আক্ষেপ কৰয়
যদু কুলে ভৈলি জাত।
পলায়ন ধৰ্ম্ম নুহিকে উচিত
গলে বনমালা আপাদ লম্বিত
ভ্ৰমৰ নছাড়ে লােভে।। ১৫
সুন্দৰ হৃদয়ে প্রকাশে শ্রীবৎস
কঙ্কালে মেখলা জ্বলে।
কৰিকৰ সম ঊৰু নিৰুপম
নূপুৰ পদ কমলে।।
সংসাৰ মােহন হেন ৰূপ দেখি
বােলয় কালযৱন।
এহিগােট কৃষ্ণ জানিলাে নাৰদে
কহিল যেন লক্ষণ।। ১৬
শুধা হাত ভৰি গতি চলি যায়
ময়াে যাও অস্ত্র এড়ি।
এহি বুলি উঠি ধাইলেক যৱনে
ৰহ বুলি পাৰে গেড়ি।।
জ্ঞানীগণে যাক ধ্যানতাে নেদেখে
খেদে হেন মাধৱক।
হাতে পাৱে হেন দেখাই আপুনাক
নিলন্ত তাক দূৰক।। ১৭
পাছত যৱনে আক্ষেপ কৰয়
যদু কুলে ভৈলি জাত।
পলায়ন ধৰ্ম্ম নুহিকে উচিত
পালটি আমাক মাত।।
এতেক বােলন্তে গিৰি গহ্বৰত
পশিলন্ত নাৰায়ণ।
পাছত যৱনে পশিয়া দেখয়
শুতি আছে একজন।। ১৮
আমাক দূৰক আনিয়া শয়ন
কৰিলি যেন সৰ্জ্জনে।
কৃষ্ণ হেন মানি মাৰিলেক লাথি
দুৰ্জ্জন কালযৱনে।।
চিৰকাল শুতি আছে মুচুকুন্দ
উঠিয়া বসিল জাগি।
কিছু কিছু কৰি চক্ষু মেলি চাইল
চাৰিও দিশক লাগি।। ১৯
যৱনক পাছে আগত দেখিয়া
ক্রোধ দৃষ্টি কৰি চাইল।
তেতিক্ষণে তাৰ শৰীৰত লাগি
অগনি কুণ্ড উধাইল।।
ক্ষণেকতে ভস্ম ভৈ গৈল যৱন
আপুন গাৱৰ জুই।
পৰীক্ষিত ৰাজা শুকত সােধন্ত
আতি অদভুত হুই।। ২০
সিটো কোন জন যৱনক যিটো
ভস্ম কৰিলেক তথা।
কিহেতু শুতিয়া আছে কিবা নাম
কহিয়াে আমাত কথা।।
কৃষ্ণৰ কিঙ্কৰে ভণিলা শঙ্কৰে
শুনা সৱে সভাসদে।
আন চিন্তা এৰি ডাকি বােলা হৰি
বৈকুণ্ঠে যাইবাৰ পদে।। ২১
।। কালযৱন বধ সমাপ্ত।।
এতেক বােলন্তে গিৰি গহ্বৰত
পশিলন্ত নাৰায়ণ।
পাছত যৱনে পশিয়া দেখয়
শুতি আছে একজন।। ১৮
আমাক দূৰক আনিয়া শয়ন
কৰিলি যেন সৰ্জ্জনে।
কৃষ্ণ হেন মানি মাৰিলেক লাথি
দুৰ্জ্জন কালযৱনে।।
চিৰকাল শুতি আছে মুচুকুন্দ
উঠিয়া বসিল জাগি।
কিছু কিছু কৰি চক্ষু মেলি চাইল
চাৰিও দিশক লাগি।। ১৯
যৱনক পাছে আগত দেখিয়া
ক্রোধ দৃষ্টি কৰি চাইল।
তেতিক্ষণে তাৰ শৰীৰত লাগি
অগনি কুণ্ড উধাইল।।
ক্ষণেকতে ভস্ম ভৈ গৈল যৱন
আপুন গাৱৰ জুই।
পৰীক্ষিত ৰাজা শুকত সােধন্ত
আতি অদভুত হুই।। ২০
সিটো কোন জন যৱনক যিটো
ভস্ম কৰিলেক তথা।
কিহেতু শুতিয়া আছে কিবা নাম
কহিয়াে আমাত কথা।।
কৃষ্ণৰ কিঙ্কৰে ভণিলা শঙ্কৰে
শুনা সৱে সভাসদে।
আন চিন্তা এৰি ডাকি বােলা হৰি
বৈকুণ্ঠে যাইবাৰ পদে।। ২১
।। কালযৱন বধ সমাপ্ত।।
------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.