কীৰ্ত্তন ঘােষা
মুচুকুন্দ স্তুতি
।। প্রথম কীৰ্ত্তন।।
ঘোষাঃ ৰামক নাম আতি অনুপাম।
ৰামক নাম।। ১
পদঃ ৰাজাত কহন্ত শুকে কথাক।
মান্ধাতাৰ পুত্ৰ জানিবা তাক।।
ৰামক নাম।। ১
পদঃ ৰাজাত কহন্ত শুকে কথাক।
মান্ধাতাৰ পুত্ৰ জানিবা তাক।।
ইক্ষ্বাকু কুলত ভৈলন্ত জাত।
মুচুকুন্দ নামে জগতে খ্যাত।। ১
অসুৰত ভয়ে দেৱতা জাক।
ৰাজাক বােলন্ত ৰাখা আমাক।।
নৃপতি পাছে ভৈলা স্বর্গপাল।
ৰাখিলা ত্রিদশক চিৰকাল।। ২
আৱে সেনাপতি কার্ত্তিক ভৈলা।
ৰাজাক দেৱে বুলিবাক লৈলা।।
আৱে মুচুকুন্দ কৰা বিশ্রাম।
কৰিলা আমাৰ দুষ্কৰ কাম।। ৩
সমস্তে ৰাজ ভােগ পৰিহৰি।
ৰাখিলা আমাক নিদ্ৰাক এৰি।।
তােহ্মাৰ আৱে পুত্ৰ পত্নীগণ।
জ্ঞাতি মিত্র আৰু সেৱক জন।। ৪
পৃথিৱীত কেহাে নাহিকে ভালে।
সবাকো সংহৰি নিলে কালে।।
মােক্ষ ব্যতিৰেকে লৈয়ােক বৰ।
বিষ্ণুসে মােক্ষৰ হােন্ত ঈশ্বৰ।। ৫
বুলিলা দেৱক ৰাজা প্রণামি।
নলাগে বৰ নিদ্ৰা কৰাে আমি।।
বােলন্ত এহি হৌক দেৱগণে।
নিদ্রাত জগাৱে আসি যিজনে।। ৬
হুইবেক ভস্ম তযু দৰশনে।
মৰিল যৱন এহি কাৰণে।।
পাছে মাধৱে কৰি অল্প হাসি।
নৃপতিক দেখা দিলন্ত আসি।।৭
ৰাজা মুচুকন্দে কৃষ্ণক দেখি।
পৰম বিস্ময়ে চান্ত নিৰেখি।।
উদিত চন্দ্ৰৰ যেন প্রকাশ।
শ্যামল দেহে শােভে পীত বাস।। ৮
ত্রাহি হৰি মুকুন্দ।। ২
পদঃ পাছে মুচুকুন্দ ৰায়।
সােধে মাধৱক চাই।।
কোন তুমি থাকা কৈত।
কি কার্য্যে ভ্রমিছা ঐত।। ১৪
পদ্ম পত্র সম ভৰি।
কণ্টকত কেন কৰি।।
ফুৰা গিৰি গহ্বৰত।
চৰণে মাগাে তৰণ উপায়।
তােমাৰ ভকতি বিনে বাসুদেৱ
বৃথা আয়ু বহি যায়।। ৩
পদঃ পাছে মুচুকুন্দে কৃষ্ণক জানিলে
মুচুকুন্দ নামে জগতে খ্যাত।। ১
অসুৰত ভয়ে দেৱতা জাক।
ৰাজাক বােলন্ত ৰাখা আমাক।।
নৃপতি পাছে ভৈলা স্বর্গপাল।
ৰাখিলা ত্রিদশক চিৰকাল।। ২
আৱে সেনাপতি কার্ত্তিক ভৈলা।
ৰাজাক দেৱে বুলিবাক লৈলা।।
আৱে মুচুকুন্দ কৰা বিশ্রাম।
কৰিলা আমাৰ দুষ্কৰ কাম।। ৩
সমস্তে ৰাজ ভােগ পৰিহৰি।
ৰাখিলা আমাক নিদ্ৰাক এৰি।।
তােহ্মাৰ আৱে পুত্ৰ পত্নীগণ।
জ্ঞাতি মিত্র আৰু সেৱক জন।। ৪
পৃথিৱীত কেহাে নাহিকে ভালে।
সবাকো সংহৰি নিলে কালে।।
মােক্ষ ব্যতিৰেকে লৈয়ােক বৰ।
বিষ্ণুসে মােক্ষৰ হােন্ত ঈশ্বৰ।। ৫
বুলিলা দেৱক ৰাজা প্রণামি।
নলাগে বৰ নিদ্ৰা কৰাে আমি।।
বােলন্ত এহি হৌক দেৱগণে।
নিদ্রাত জগাৱে আসি যিজনে।। ৬
হুইবেক ভস্ম তযু দৰশনে।
মৰিল যৱন এহি কাৰণে।।
পাছে মাধৱে কৰি অল্প হাসি।
নৃপতিক দেখা দিলন্ত আসি।।৭
ৰাজা মুচুকন্দে কৃষ্ণক দেখি।
পৰম বিস্ময়ে চান্ত নিৰেখি।।
উদিত চন্দ্ৰৰ যেন প্রকাশ।
শ্যামল দেহে শােভে পীত বাস।। ৮
শ্রীবৎস পান্তি শোভে বক্ষঃস্থলে।
সূৰ্য্য সম জ্বলে কৌস্তুভ গলে।।
কর্ণত মকৰ দোলে কুণ্ডল।
পদ্ম সম শােভে মুখ মণ্ডল।। ৯
অৰুণ লােচন পঙ্কজ পাসি।
নুগুচে সদা মুখে অল্প হাসি।।
দশন পান্তি মুকুতাৰ শাৰী।
প্রলম্ব স্থূল জ্বলে ভুজ চাৰি।। ১০
প্রকাশে কণ্ঠত পদ্মৰ মালা।
কটিত ৰত্নৰ শােভে মেখলা।।
পদ যুগ যেন পঙ্কজ কোষ।
শুনি সুৱৰ্ণৰ নূপুৰ ঘােষ।। ১১
ত্রৈলােক্যত ৰূপে নাহিকে সম।
মৃগেন্দ্ৰৰ যেন লীলা বিক্রম।।
শৰীৰৰ জ্যোতি লাগি আখিত।
দেখি মুচুকুন্দ ভৈল শঙ্কিত।। ১২
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
কৃষ্ণ কথা শুনা সমস্ত জনে।।
কৰিয়াে কীৰ্ত্তন আলাস এড়ি।
বােলা হৰি হৰি সমাজে বেঢ়ি।। ১৩
সূৰ্য্য সম জ্বলে কৌস্তুভ গলে।।
কর্ণত মকৰ দোলে কুণ্ডল।
পদ্ম সম শােভে মুখ মণ্ডল।। ৯
অৰুণ লােচন পঙ্কজ পাসি।
নুগুচে সদা মুখে অল্প হাসি।।
দশন পান্তি মুকুতাৰ শাৰী।
প্রলম্ব স্থূল জ্বলে ভুজ চাৰি।। ১০
প্রকাশে কণ্ঠত পদ্মৰ মালা।
কটিত ৰত্নৰ শােভে মেখলা।।
পদ যুগ যেন পঙ্কজ কোষ।
শুনি সুৱৰ্ণৰ নূপুৰ ঘােষ।। ১১
ত্রৈলােক্যত ৰূপে নাহিকে সম।
মৃগেন্দ্ৰৰ যেন লীলা বিক্রম।।
শৰীৰৰ জ্যোতি লাগি আখিত।
দেখি মুচুকুন্দ ভৈল শঙ্কিত।। ১২
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
কৃষ্ণ কথা শুনা সমস্ত জনে।।
কৰিয়াে কীৰ্ত্তন আলাস এড়ি।
বােলা হৰি হৰি সমাজে বেঢ়ি।। ১৩
।। দ্বিতীয় কীৰ্ত্তন।।
ঘোষাঃ ৰাম কৃষ্ণ গােৱিন্দ।ত্রাহি হৰি মুকুন্দ।। ২
পদঃ পাছে মুচুকুন্দ ৰায়।
সােধে মাধৱক চাই।।
কোন তুমি থাকা কৈত।
কি কার্য্যে ভ্রমিছা ঐত।। ১৪
পদ্ম পত্র সম ভৰি।
কণ্টকত কেন কৰি।।
ফুৰা গিৰি গহ্বৰত।
নুবুজো তােহ্মাৰ মত।। ১৫
কিবা ইন্দ্র সূৰ্য্য শশী।
মূৰ্ত্তি ধৰি আছা আসি।।
ব্রহ্মা বিষ্ণু ত্রিনয়ন।
তাসম্বাৰ একজন।। ১৬
আসি আছা তুমি স্বামী।
মুৰ্ত্তি দেখি বােলাে আমি।।
মূৰ্ত্তি ধৰি আছা আসি।।
ব্রহ্মা বিষ্ণু ত্রিনয়ন।
তাসম্বাৰ একজন।। ১৬
আসি আছা তুমি স্বামী।
মুৰ্ত্তি দেখি বােলাে আমি।।
জন্ম কৰ্ম্ম গােত্র নাম।
কৈয়াে যদি আছে কাম।। ১৭
আমাৰাে শুনিয়ে কথা।
ইক্ষাকু বংশত তথা।।
মান্ধাতাত ভৈলাে জাত।
মুচুকুন্দ নামে খ্যাত।। ১৮
উজাগৰে শ্ৰান্ত হুয়া।
গহ্বৰত আছে শুয়া।।
কৈয়াে যদি আছে কাম।। ১৭
আমাৰাে শুনিয়ে কথা।
ইক্ষাকু বংশত তথা।।
মান্ধাতাত ভৈলাে জাত।
মুচুকুন্দ নামে খ্যাত।। ১৮
উজাগৰে শ্ৰান্ত হুয়া।
গহ্বৰত আছে শুয়া।।
মােক জগাই কোনজনে।
ভস্ম ভৈল তাৱক্ষণে।। ১৯
তােমাক দেখিলাে পাছে।
দেহা প্রকাশন্তে আছে।।
তােমাৰ দুঃসহ জ্যোতি।
নিষ্প্রভ কৰিলে আতি।। ২০
দেখি মহা চমৎকাৰ।
ভস্ম ভৈল তাৱক্ষণে।। ১৯
তােমাক দেখিলাে পাছে।
দেহা প্রকাশন্তে আছে।।
তােমাৰ দুঃসহ জ্যোতি।
নিষ্প্রভ কৰিলে আতি।। ২০
দেখি মহা চমৎকাৰ।
সুধিবে পাৰাে আৰ।।
এহি বুলি মৌন ভৈলা।
মাধৱে কহিবে লৈলা।। ২১
মােৰ জন্ম কৰ্ম্ম যত।
কোনে কহি পাৱে অন্ত।।
তথাপিতাে নৃপবৰ।
শুনা কথা ইজন্মৰ।। ২২
প্রার্থিলন্ত প্রজাপতি।
ধৰ্ম্মক ৰাখিবে প্রতি।।
যদুকুলে ভৈলাে জাত।
বসুদেৱ মােৰ তাত।। ২৩
আতেসে পণ্ডিত লােকে।
বাসুদেৱ বােলে মােকে।।
কালনেমি দৈত্য বংশ।
ভৈল আসি ৰাজ কংস।। ২৪
লীলায়ে মাৰিলাে তাক।
আনাে যত দৈত্য যাক।।
বধিলাে সমৰে সৱে।
দুৰ্জ্জন যৱন আৱে।। ২৫
তযু তেজে ভস্ম ভৈল।
মহাভাৰ দূৰ গৈল।।
তােমাকেসে দায়া তৰে।
আইলাে ঐকে একশ্বৰে।। ২৬
তুমি মােৰ প্রিয়তৰ।
যেহি লাগে লৈয়াে বৰ।।
কহিয়ােক অভিপ্রায়।
ভক্তৰ দুৰ্ল্লভ নাই।। ২৭
এহি বুলি মৌন ভৈলা।
মাধৱে কহিবে লৈলা।। ২১
মােৰ জন্ম কৰ্ম্ম যত।
কোনে কহি পাৱে অন্ত।।
তথাপিতাে নৃপবৰ।
শুনা কথা ইজন্মৰ।। ২২
প্রার্থিলন্ত প্রজাপতি।
ধৰ্ম্মক ৰাখিবে প্রতি।।
যদুকুলে ভৈলাে জাত।
বসুদেৱ মােৰ তাত।। ২৩
আতেসে পণ্ডিত লােকে।
বাসুদেৱ বােলে মােকে।।
কালনেমি দৈত্য বংশ।
ভৈল আসি ৰাজ কংস।। ২৪
লীলায়ে মাৰিলাে তাক।
আনাে যত দৈত্য যাক।।
বধিলাে সমৰে সৱে।
দুৰ্জ্জন যৱন আৱে।। ২৫
তযু তেজে ভস্ম ভৈল।
মহাভাৰ দূৰ গৈল।।
তােমাকেসে দায়া তৰে।
আইলাে ঐকে একশ্বৰে।। ২৬
তুমি মােৰ প্রিয়তৰ।
যেহি লাগে লৈয়াে বৰ।।
কহিয়ােক অভিপ্রায়।
ভক্তৰ দুৰ্ল্লভ নাই।। ২৭
কৃষ্ণৰ কিঙ্কৰে ভণে।
শুনিয়ােক সৰ্ব্বজনে।।
সনস্ত সমাজে ঢাকি।
হৰি হৰি বােলা ডাকি।। ২৮
শুনিয়ােক সৰ্ব্বজনে।।
সনস্ত সমাজে ঢাকি।
হৰি হৰি বােলা ডাকি।। ২৮
।। তৃতীয় কীৰ্ত্তন।।
ঘোষাঃ ও হৰি নমাে নাৰায়ণচৰণে মাগাে তৰণ উপায়।
তােমাৰ ভকতি বিনে বাসুদেৱ
বৃথা আয়ু বহি যায়।। ৩
পদঃ পাছে মুচুকুন্দে কৃষ্ণক জানিলে
গৰ্গৰ বাক্য সুমৰি।
পড়ি স্তুতি আতি কৰিবে লাগিল
চৰণে প্রণাম কৰি।।
মায়ায়ে মােহিত হুয়া যিটো জন
নভজে প্রভু তােমাক।
পড়ি স্তুতি আতি কৰিবে লাগিল
চৰণে প্রণাম কৰি।।
মায়ায়ে মােহিত হুয়া যিটো জন
নভজে প্রভু তােমাক।
সুখক আশায়ে গৃহবাসে থাকে
দৈৱে বঞ্চিলেক তাক।। ২৯
দৈৱে বঞ্চিলেক তাক।। ২৯
ভাৰতে দুৰ্ল্লভ নৰ দেহা পায়া
নভজে তােমাৰ পাৱ।
গৃহ অন্ধকূপে পড়িয়া থাকয়
পশু হেন স্বভাৱ।।
ৰাজ্য শ্রী মদে ভৈলােহাে প্রমত্ত
দেহে আত্মা বুদ্ধি ভৈল।
পুত্র দাৰা ধন আহাৰ চিন্তায়ে
বিফলে জনম গৈল।। ৩০
গৃহ ঘট সম দেহাত নৃপতি
বােলাও কৰি চটি মতি।
তােমাকে নগণি হয়হস্তী ৰথে
বিফলে জনম গৈল।। ৩০
গৃহ ঘট সম দেহাত নৃপতি
বােলাও কৰি চটি মতি।
তােমাকে নগণি হয়হস্তী ৰথে
পৃথিৱী ফুৰাে পৰ্য্যাটি।।
বিষয় চিন্তায় পৰম প্রমত্ত
থাকে মহামােহ দর্পে।
থাকে মহামােহ দর্পে।
তুমি অপ্রমত্ত হেলাে মাৰ৷ তাক
এন্দুৰক যেন সর্পে।। ৩১
এন্দুৰক যেন সর্পে।। ৩১
সুৱৰ্ণৰ ৰথে যিটো হস্তী কন্ধে
ফুৰয় ৰাজা বােলাই।
ফুৰয় ৰাজা বােলাই।
কালে প্রাণ গৈলে সেহিটো শৰীৰে
হােৱে বিষ্ঠা পলু ছাই।।
যিটো সার্বভৌম সিংহাসনে থাকে
যিটো সার্বভৌম সিংহাসনে থাকে
সামৰাজে সেৱা কৰে।
স্ত্রীৰ অধীন হুয়া সিটো প্রভু
গৃহতে থাকিয়া মৰে।। ৩২
গৃহতে থাকিয়া মৰে।। ৩২
দুনাই ইন্দ্ৰ হৈবাে বুলিয়া অনেক
কৰি কায় ক্লেশ দুখ।
সিটো অভিলাষ ব্যর্থ হােৱে তাৰ
কহিতাে নাহিকে সুখ।।
যাহাৰ সংসাৰ গুচিবেক তাৰ
মিলয় সাধু সঙ্গতি।
যেৱে সাধু সঙ্গ ভৈল তেৱে প্রভু
তােমাত উপজে মতি।। ৩৩
কৰি কায় ক্লেশ দুখ।
সিটো অভিলাষ ব্যর্থ হােৱে তাৰ
কহিতাে নাহিকে সুখ।।
যাহাৰ সংসাৰ গুচিবেক তাৰ
মিলয় সাধু সঙ্গতি।
যেৱে সাধু সঙ্গ ভৈল তেৱে প্রভু
তােমাত উপজে মতি।। ৩৩
কিনো অনুগ্রহ কৰিলা মাধৱ
গুচাই মােৰ ৰাজ্য ভাৰ।
মহা জ্ঞানীগণে আকেসে বাঞ্ছয়
মনত বিবেক যাৰ।
মহা জ্ঞানীগণে আকেসে বাঞ্ছয়
মনত বিবেক যাৰ।
নবাঞ্ছোহাে আন মাধৱ তােমাৰ
চৰণ সেৱাত পৰে।
মুকুতি দাতাক আৰাধি খুজিবে
আন বৰ কোন নৰে।। ৩৪
হেন জানি প্রভু যত দুখ ভােগ
চৰণ সেৱাত পৰে।
মুকুতি দাতাক আৰাধি খুজিবে
আন বৰ কোন নৰে।। ৩৪
হেন জানি প্রভু যত দুখ ভােগ
দূৰত তেজিয়া থৈলাে।
পৰম পুৰুষ তােমাৰ চৰণে
পৰম পুৰুষ তােমাৰ চৰণে
সদায়ে শৰণ লৈলাে।।
সংসাৰ চক্ৰত চিৰকাল ভ্রমাে
তােমাত নভৈল বােধ।
একোৱে প্ৰকাৰে সুখ শান্তি নাহি
নিজিনিলাে কাম ক্রোধ।। ৩৫
প্রণত পালক তােমাৰ চৰণে
লৈলােহাে আৱে শৰণ।
ভয় শােক মৃত্যু গুচয় যিমতে
ৰক্ষা কৰা নাৰায়ণ।।
হেন স্তুতি কৰি মুচুকুন্দ ৰাজা
তােমাত নভৈল বােধ।
একোৱে প্ৰকাৰে সুখ শান্তি নাহি
নিজিনিলাে কাম ক্রোধ।। ৩৫
প্রণত পালক তােমাৰ চৰণে
লৈলােহাে আৱে শৰণ।
ভয় শােক মৃত্যু গুচয় যিমতে
ৰক্ষা কৰা নাৰায়ণ।।
হেন স্তুতি কৰি মুচুকুন্দ ৰাজা
কৃষ্ণক প্রণামি আছে।
প্রণত পালক দেৱ সনাতন
ৰাজাক মাতিলা পাছে।। ৩৬
ভণিলা শঙ্কৰে শুনা সৰ্ব্ব নৰে
নকৰিয়ে জন্ম বৃথা।
প্রণত পালক দেৱ সনাতন
ৰাজাক মাতিলা পাছে।। ৩৬
ভণিলা শঙ্কৰে শুনা সৰ্ব্ব নৰে
নকৰিয়ে জন্ম বৃথা।
শ্ৰৱণতে সুখে মােক্ষ পদ পায়
শুনা হেন কৃষ্ণ কথা।।
শুনা হেন কৃষ্ণ কথা।।
হৰিৰ কীৰ্ত্তন কৰিয়া পাপৰ
মুণ্ডত মাৰিয়াে বাড়ি।
আন কাম এড়ি বােলা হৰি হৰি
পলাওক পাতেক ছাড়ি।। ৩৭
চিন্ত চিত্তে চতুর্ভুজ চতুর্ভুজ হৰি।। ৪
পদঃ মাধৱে বােলন্ত শুনা মুচুকুন্দ ৰায়।
তােমাৰ নিৰ্ম্মল মতি ভৈল সমুদায়।।
প্রলােভিলাে বৰ লােৱা বুলি বাৰম্বাৰ।
তথাপিতাে কিছু বাঞ্ছা নভৈল তােমাৰ।। ৩৮
বৰ দিবে চাহিলাে তােমাক দায়া পদে।
ভকতক লঙ্ঘিবাক নপাৰে শ্ৰীমদে।।
যােগক অভ্যাসে যিটো ভকতিক এৰে।
তাহাৰেসে মন দুনাই বিষয়ত পৰে।। ৩৯
মােত চিত্ত দিয়া পৰ্যটিয়ে বসুমতী।
তােমাৰ আমাত আছে একান্ত ভকতি।।
ক্ষত্রিয়ৰ ধৰ্ম্মত থাকিয়া নৃপবৰ।
কৰি আছা বধ তুমি জন্তু বহুতৰ।। ৪০
শ্রৱণে কীৰ্ত্তনে মােক কৰিয়া আশ্রয়।
মুণ্ডত মাৰিয়াে বাড়ি।
আন কাম এড়ি বােলা হৰি হৰি
পলাওক পাতেক ছাড়ি।। ৩৭
।। চতুর্থ কীৰ্ত্তন।।
ঘোষাঃ মন ৰাম বােল ৰাম বােল ৰাম বােল ৰাম।চিন্ত চিত্তে চতুর্ভুজ চতুর্ভুজ হৰি।। ৪
পদঃ মাধৱে বােলন্ত শুনা মুচুকুন্দ ৰায়।
তােমাৰ নিৰ্ম্মল মতি ভৈল সমুদায়।।
প্রলােভিলাে বৰ লােৱা বুলি বাৰম্বাৰ।
তথাপিতাে কিছু বাঞ্ছা নভৈল তােমাৰ।। ৩৮
বৰ দিবে চাহিলাে তােমাক দায়া পদে।
ভকতক লঙ্ঘিবাক নপাৰে শ্ৰীমদে।।
যােগক অভ্যাসে যিটো ভকতিক এৰে।
তাহাৰেসে মন দুনাই বিষয়ত পৰে।। ৩৯
মােত চিত্ত দিয়া পৰ্যটিয়ে বসুমতী।
তােমাৰ আমাত আছে একান্ত ভকতি।।
ক্ষত্রিয়ৰ ধৰ্ম্মত থাকিয়া নৃপবৰ।
কৰি আছা বধ তুমি জন্তু বহুতৰ।। ৪০
শ্রৱণে কীৰ্ত্তনে মােক কৰিয়া আশ্রয়।
তপ কৰি এৱে সিটো পাপ কৰা ক্ষয়।।
আউৰ জন্মত তুমি হুইবা দ্বিজবৰ।
মােক পাইবা আসি ৰাজা তেজি কলোৱৰ।। ৪১
পূৰ্ব্বতাে অনেক যজ্ঞে যজি আছা মােক।
মঞি ৰক্ষা কৰিবাে নির্ভয়ে চলিয়ােক।।
হেন অনুগ্রহ আজ্ঞা পায়া মাধৱৰ।
কৰিলা কৃষ্ণক প্রদক্ষিণ নৃপবৰ।। ৪২
চৰণে প্রণামি বাজ ভৈলা গহ্বৰৰ।
দেখে ক্ষুদ্র ভৈল সৱে বৃক্ষ পশু নৰ।।
পাইল কলি যুগে আসি মানি মহাৰথ।
ধৰিলন্ত উত্তৰ দিশক লাগি পথ।। ৪৩
ভৈলন্ত নিঃশঙ্ক তপ আচৰিবে মনে।
কৰিলা একান্ত চিত্ত কৃষ্ণৰ চৰণে।।
বদৰিকাশ্রমে গৈয়া ধৰিয়া সমাধি।
থাকিলন্ত মুচুকুন্দ কৃষ্ণক আৰাধি।। ৪৪
পাছে দুনাই আসিয়া মাধৱ মথুৰাক।
মাৰিলন্ত তিনি কোটি যৱন সেনাক।।
তাৰ ধন মানে সৱে বলদ যােগাইল।
দ্বাৰকাত নিয়া যদু ৰাজাত যােড়াইল।। ৪৫
তেইশ অক্ষৌহিণী সেনা সাজিয়া প্রৱন্ধে।
সেহি সময়তে খেদি পাইলা জৰাসন্ধে।।
পৰম আটোপে মহাকোপে আসে ধাই।
দেখি লড় দিলা ৰাম কৃষ্ণ দুয়াে ভাই।। ৪৬
মনুষ্য চেষ্টাক দেখাই যেন ভয়াতুৰ।
ভৰি গতি দুয়াে পলাই গৈলা বহুদূৰ।।
হেন দেখি ৰঙ্গে আসি মাগধ নিষ্কলে।
ধৰ বুলি পাছে পাছে খেদে সমদলে।। ৪৭
পলাইবে নপাৰি যেন ৰাম দামােদৰে।
আৰােহিলা পৰ্ব্বতৰ উচ্ছিত শিখৰে।।
পৰ্ব্বতক বেড়িয়া সসৈন্যে জৰাসন্ধে।
লগাইলেক জুই তাত অনেক প্রৱন্ধে।। ৪৮
এঘাৰ যােজন সিটো পৰ্ব্বত উচ্ছিত।
তাৰ পৰা ডেৱে দুয়াে পড়িলা ভূমিত।।
নলক্ষিলে কেৱে শত্রু সেনা তাসম্বাক।
ৰঙ্গে ৰাম কৃষ্ণ দুয়াে গৈলা দ্বাৰকাক।। ৪৯
দগ্ধ ভৈলা ৰাম কৃষ্ণ মানি মহাবলী।
জৰাসন্ধো সসৈন্যে দেশক গৈলা চলি।।
আউৰ জন্মত তুমি হুইবা দ্বিজবৰ।
মােক পাইবা আসি ৰাজা তেজি কলোৱৰ।। ৪১
পূৰ্ব্বতাে অনেক যজ্ঞে যজি আছা মােক।
মঞি ৰক্ষা কৰিবাে নির্ভয়ে চলিয়ােক।।
হেন অনুগ্রহ আজ্ঞা পায়া মাধৱৰ।
কৰিলা কৃষ্ণক প্রদক্ষিণ নৃপবৰ।। ৪২
চৰণে প্রণামি বাজ ভৈলা গহ্বৰৰ।
দেখে ক্ষুদ্র ভৈল সৱে বৃক্ষ পশু নৰ।।
পাইল কলি যুগে আসি মানি মহাৰথ।
ধৰিলন্ত উত্তৰ দিশক লাগি পথ।। ৪৩
ভৈলন্ত নিঃশঙ্ক তপ আচৰিবে মনে।
কৰিলা একান্ত চিত্ত কৃষ্ণৰ চৰণে।।
বদৰিকাশ্রমে গৈয়া ধৰিয়া সমাধি।
থাকিলন্ত মুচুকুন্দ কৃষ্ণক আৰাধি।। ৪৪
পাছে দুনাই আসিয়া মাধৱ মথুৰাক।
মাৰিলন্ত তিনি কোটি যৱন সেনাক।।
তাৰ ধন মানে সৱে বলদ যােগাইল।
দ্বাৰকাত নিয়া যদু ৰাজাত যােড়াইল।। ৪৫
তেইশ অক্ষৌহিণী সেনা সাজিয়া প্রৱন্ধে।
সেহি সময়তে খেদি পাইলা জৰাসন্ধে।।
পৰম আটোপে মহাকোপে আসে ধাই।
দেখি লড় দিলা ৰাম কৃষ্ণ দুয়াে ভাই।। ৪৬
মনুষ্য চেষ্টাক দেখাই যেন ভয়াতুৰ।
ভৰি গতি দুয়াে পলাই গৈলা বহুদূৰ।।
হেন দেখি ৰঙ্গে আসি মাগধ নিষ্কলে।
ধৰ বুলি পাছে পাছে খেদে সমদলে।। ৪৭
পলাইবে নপাৰি যেন ৰাম দামােদৰে।
আৰােহিলা পৰ্ব্বতৰ উচ্ছিত শিখৰে।।
পৰ্ব্বতক বেড়িয়া সসৈন্যে জৰাসন্ধে।
লগাইলেক জুই তাত অনেক প্রৱন্ধে।। ৪৮
এঘাৰ যােজন সিটো পৰ্ব্বত উচ্ছিত।
তাৰ পৰা ডেৱে দুয়াে পড়িলা ভূমিত।।
নলক্ষিলে কেৱে শত্রু সেনা তাসম্বাক।
ৰঙ্গে ৰাম কৃষ্ণ দুয়াে গৈলা দ্বাৰকাক।। ৪৯
দগ্ধ ভৈলা ৰাম কৃষ্ণ মানি মহাবলী।
জৰাসন্ধো সসৈন্যে দেশক গৈলা চলি।।
নজানয় ঈশ্বৰৰ বলৰ প্রমাণ।
শত্ৰু বুদ্ধি দেখে সিটো পৰম অজ্ঞান।। ৫০
কৃষ্ণৰ কিঙ্কৰে গীত ভণিল শঙ্কৰে।
কৃষ্ণৰ কীৰ্ত্তন নছাড়িবা কোন নৰে।।
পাপ সাগৰত ইসে কৰিবে উদ্ধাৰ।
বােলা হৰি হৰি হৌক পুৰুষ উদ্ধাৰ।। ৫১
।। মুচুকুন্দ স্তুতি সমাপ্ত।।
------------------------------------------------------------------------------------
শত্ৰু বুদ্ধি দেখে সিটো পৰম অজ্ঞান।। ৫০
কৃষ্ণৰ কিঙ্কৰে গীত ভণিল শঙ্কৰে।
কৃষ্ণৰ কীৰ্ত্তন নছাড়িবা কোন নৰে।।
পাপ সাগৰত ইসে কৰিবে উদ্ধাৰ।
বােলা হৰি হৰি হৌক পুৰুষ উদ্ধাৰ।। ৫১
।। মুচুকুন্দ স্তুতি সমাপ্ত।।
------------------------------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.