কীৰ্ত্তন ঘােষা
কালীয় দমন
।। প্রথম কীৰ্ত্তন।।
ঘােষাঃ গােপাল ৰাম কৃষ্ণ বনমালী।
মাৰিলা অসুৰ দমিলা কালী।। ১
পদঃ গােপশিশু সঙ্গে গৈলা বজাই।
আগত গােধন বংশী বজাই।।
চাৰন্তে ফুৰন্তে গৰু গােৰক্ষ।
পাইলা যমুনাৰ তীৰৰ লক্ষ।। ১২১
কালীৰ হ্ৰদক তাক নজানি।
তৃষাত সৱে পিলা বিষপানী।।
দাৰুণ বিষৰ লাগিল জাল।
মৰিল সৱে বৎস বৎসপাল।। ১২২
দেখিয়া কৃষ্ণে অসন্তোষ পাইল।
অমৃত নয়নে চাহি জীয়াইল।।
কালীক দমিবে কৰি যতন।
কটিত বান্ধিলা পীত বসন।। ১২৩
উঠিলা উচ্চ কদম্বৰ গাছে।
হ্রদৰ মাজে জাম্প দিলা পাছে।।
ঢউ উথলিল খলকি হ্রদ।
দশােদিশে গৈল তাৰ শৱদ।। ১২৪
জলক্রীড়া কৰা বাহু অস্ফালি।
ক্রোধে খেদি আসি দেখিলে কালী।।
তনু সুকুমাৰ জলদ শ্যাম।
প্রকাশে পীত বস্ত্রে অনুপাম।। ১২৫
কমল লােচন মুখ প্রসন্ন।
মুকুতাৰ শাৰী সম দশন।।
উন্নত নাসা মুখে মন্দ হাস।
কণ্ঠত কৌস্তুভ কৰে প্ৰকাশ।। ১২৬
হিয়াত জিলিমিলি কৰে কান্তি।
মধ্যতে জ্বলে শ্রীবৎসৰ পান্তি।।
আজানুলম্বিত বাহু দুখান।
চাৰু ঊৰু কৰ কটি সুঠাম।। ১২৭
জঙ্ঘা দুইক দেখি মিলে সন্তোষ।
দুখানি পাৱ নৱ পদ্ম কোষ।।
আনন্দে জলক ফুৰা আস্ফালি।
মর্ম্মস্থলে আসি দংশিল কালী।। ১২৮
নজানি তােহ্মাৰ পাপী প্ৰভাৱ।
লাঞ্জে মেহ্রাইলেক সমস্তে গাৱ।।
বিষ লাগি পৰি থাকিলা ঘুমি।
মনুষ্য চেষ্টাক দেখায়া তুমি।। ১২৯
দেখি শিশুসৱ মৰিল প্রায়।
ধেনুগণে আউৰ তৃণ নখায়।।
কৃষ্ণক চাহিয়া থাকিল ৰহি।
চক্ষুৰ লােহ ধাৰে যায় বহি।। ১৩০
আতি উৎপাত দেখি গােকুলে।
গােপ গােপীজাক সমস্তে বােলে।।
জ্যেষ্ঠ বলভদ্র লগে নগৈল।
কৃষ্ণৰ আজি তৈতে কিবা ভৈল।। ১৩১
নন্দ যশােদা বিয়াকুল মনে।
কৃষ্ণক চাহিবে পশিলা বনে।।
লগতে চলে গােপ গােপীজাক।
হা হা কৃষ্ণ বুলি ছাড়ন্তে ডাক।। ১৩২
ধ্বজ বজ্ৰ যৱ অঙ্কুশ চাই।
কৃষ্ণৰ খােজ নিহালন্তে যায়।।
পুত্র পুত্র বুলি যশােদা চান্ত।
কৃষ্ণৰ খােজত পড়ন্তে যান্ত।। ১৩৩
বেড়িয়া গােপীগণে নেয় ধৰি।
দেখিল পাছে পড়ি আছা হৰি।।
জলৰ মাজে মৃতকৰ বেশ।
নকৰন্ত আৰ চক্ষু নিমেষ।। ১৩৪
দেখি গােপ গােপী সম্যক মৰিল।
প্রাণ অন্তৰীক্ষ চেতন হৰিল।।
কৃষ্ণ কৃষ্ণ বুলি দিলেক গেড়ি।
কান্দে যমুনাৰ তীৰক বেড়ি।। ১৩৫
যশােদা সুন্দৰী নন্দ গােৱালে।
পাড়ন্ত লােটাৰি পড়ি নিঢ়ালে।।
কি ভৈল পুত্ৰ বুলি উকি দিয়া।
দুহাতে ঝাৱলে ঢাকুৰে হিয়া।। ১৩৬
কৃষ্ণৰ সুন্দৰ বদন চাই।
যশােদা কান্দন্ত গুণ বর্ণাই।।
গােধূলি কোনে যাইবে বংশী বাই।
কোনে গৈয়া মােক বুলিবে আই।। ১৩৭
ধূলা জাৰি কাক কৰাইবাে স্নান।
কোনে কৰিবেক গােৰস পান।।
কাক বিছাই দিবাে শীতল তুলী।
ডাকিবাে কাক জাগ কৃষ্ণ বুলি।। ১৩৮
সুন্দৰ বদনে বজায়া বেণু।
প্রভাতে কোনে চৰাইবেক ধেনু।।
কি ভৈল আজি কৃষ্ণ মােৰ বাপ।
মৰিও নেড়াইবাে তােৰ সন্তাপ।। ১৩৯
এহি বুলি কান্দে কৃষ্ণক চাই।
যশােদা নন্দে জাম্প দিবে যায়।।
দেখি বলভদ্রে বাধিলা হাসি।
এখনে আসিব কালীক নাশি।। ১৪০
কৃষ্ণক লাগিয়া এড়া ক্রন্দন।
হেন শুনি সৱে জুড়াইল মন।।
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বােলা হৰি হৰি সমস্ত জনে।। ১৪১
।। দ্বিতীয় কীৰ্ত্তন।।
ঘােষাঃ প্রণামাে ৰাম দেৱ দয়াশীল।
আৱেসে কৃষ্ণৰ কৃপা মিলিল।। ২
পদঃ ভকতৰ দুখ দেখি গােপাল।
আস্ফোট কৰি দিলা ঊৰুকাল।।
সৰ্পৰ বন্ধ এড়াই জগন্নাথে।
ডেৱে চড়িলন্ত কালীৰ মাথে।। ১৪২
শতেক শিৰত নাচন্ত হৰি।
বাৱে বিদ্যাধৰে মৃদঙ্গ ধৰি।।
গন্ধৰ্ব্বে গীত গায়া বাৱে তাল।
পৰম আনন্দে নাচা গােপাল।। ১৪৩
জগত আধাৰ তোহ্মাৰ ভিৰে।
নাকে মুখে দুখে ছাদে ৰুধিৰে।।
স্বামী মৰে দেখি নাগিনী লােকে।
শিশু আগ কৰি আসিল শােকে।। ১৪৪
পড়িল ভূমিত কৃষ্ণৰ আগে।
কৰিয়া স্তুতি স্বামী দান মাগে।।
কৰিল দোষ স্বামী ইটো চণ্ড।
বিহিলা ইহাৰ উচিত দণ্ড।। ১৪৫
দুর্জ্জন জনৰ চিন্তিবা মাৰ।
এহিসে কার্য্যে তযু অৱতাৰ।।
পাতেকী সর্পজাতি দুৰাশয়।
তােমাৰ দণ্ডে পাপ ভৈল ক্ষয়।। ১৪৬
কৰিলা দয়া দয়াশীল হৰি।
তােমাৰ ক্রোধবৰে এৰে সৰি।।
পূৰ্ব্বত কিনাে তপ আছে কৰি।
যাহাতে তুমি দুষ্ট ভৈলা হৰি।। ১৪৭
সিহেতু হেন ভৈল ভাগ্যোদয়।
তােমাৰ পাইলে পদ ধূলাচয়।।
যাহাক লক্ষ্মীদেৱী বাঞ্ছা কৰি।
আচৰিলা তপ ব্ৰতক ধৰি।। ১৪৮
যিটো পদ ৰজ ভকতে পাই।
এৰে সাৰ্বভৌম পদতাে দায়।।
স্বর্গ ব্রহ্ম পদে নকৰে বাঞ্ছা।
নকৰন্ত যােগ সিদ্ধিকো ইচ্ছা।। ১৪৯
মােক্ষতাে অভিলাষ নাহি হৰি।
তােমাৰ চৰণ ৰেণুক এড়ি।।
পৰম ক্রোধী হুয়া ক্ৰূৰমতি।
হেন পদ ধূলা পাইলেক পতি।। ১৫০
নপান্ত ব্রহ্মা আদি দেৱে যাক।
হেন জানি নাথ ৰাখা ইহাক।।
চৰণে প্ৰণামাে হুয়াে সন্তোষ।
বাৰেক আৰ মৰষিয়ো দোষ।। ১৫১
কৰিয়াে দায়া প্রভু এড়ৈ প্রাণ।
অনাথ স্ত্রীক দিয়ে স্বামী দান।।
কৰিলা অনেক স্তুতি ভকতি।
শুনি তুষ্ট ভৈলা জগতপতি।। ১৫২
প্রাণে নমাৰিলা তাতেসে থাকি।
কালীক খেদাইলা হ্ৰদৰ ডাকি।।
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
হৰি হৰি বােলা সমস্ত জনে।। ১৫৩
।। তৃতীয় কীৰ্ত্তন।।
ঘােষাঃ ৰাম গােৱিন্দ মুকুন্দ মুৰাৰি।। ৩
পদঃ ভৈল হ্রদ সিটো নিৰ্ম্মল জল।
দেখিয়া সৱে ভৈলা কৌতূহল।।
সপুত্র বান্ধৱে গুচাইলা কালী।
তীৰক পাছে গৈলা বনমালী।। ১৫৪
দেখিয়া যশােদা ধৰিলা গলে।
পুত্র পুত্র বুলি নেত্ৰৰ জলে।।
তিয়াইলা কৃষ্ণৰ সৱে শৰীৰ।
নন্দে ধৰি আসি ঘ্রাণিলা শিৰ।। ১৫৫
কৃষ্ণক আলিঙ্গি আনন্দ পাইল।
নাছিল প্রাণ দুনাই যেন আইল।।
বেড়ি গােপ গােপী চাৱে নিৰীক্ষি।
জুড়াইল শৰীৰ কৃষ্ণক দেখি।। ১৫৬
ভাই বুলি বলাে সাৱটি আসি।
প্রভাৱ জানিয়া তুলিলা হাসি।।
এহিমতে সৱে এড়ায়া শােক।
ৰজনী ভৈল জানি সৱে লােক।। ১৫৭
যমুনা তীৰত বঞ্চিলা ৰাতি।
ক্ষুধায়ে তৃষ্ণায়ে পীড়িলে আতি।।
ঘুমটি গৈল হাৰাশাস্তি হুই।
বেঢ়িয়া বনত লাগিল জুই।। ১৫৮
অগনিৰ তাপে পাইলেক গাক।
জাগিল সৱে গােপ গােপীজাক।।
বহ্নিক দেখি ভৈলা সৱে ত্রাস।
ত্রাহি কৃষ্ণ বুলি পাৰে আটাস।। ১৫৯
বহ্নিত সৱে পুৰি মৰাে আমি।
প্রাণ দান দিয়া জগত স্বামী।।
তুমি বিনা আন নাহি বান্ধৱ।
ভকতজনক ৰাখা মাধৱ।। ১৬০
এহি বুলি সৱে কৰে কোঢ়াল।
বান্ধৱৰ দুখ দেখি গােপাল।।
ভয় নাই বুলি আপােন মুখে।
পিলা বনাগ্নিক পৰম সুখে।। ১৬১
এড়াইল সমস্তে দুৰ্ঘোৰ ভয়।
অনন্তৰে ভৈল সূৰ্য্য উদয়।।
কৃষ্ণৰ কৰ্ম্ম আতি আচৰিত।
বিস্ময় ভৈল সমস্তৰে চিত্ত।। ১৬২
নােহন্ত মানুষ নন্দ তনয়।
পৰম পুৰুষ জানি নিশ্চয়।।
পাছে গােপ গােপী কৃষ্ণক বেঢ়ি।
গােষ্ঠত লড়িলা কৰন্তে খেড়ি।। ১৬৩
কৃষ্ণ গীত গান্ত বজায়া বেণু।
কৰিলেক আগ যতেক ধেনু।।
গােপীসৱাে কৃষ্ণ চৰিত্র গাইল।
পৰম আনন্দে ব্রজক পাইল।। ১৬৪
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে গায়।
কেতিক্ষণে পড়ে ক্ষণিক কায়।।
জানিয়া কৃষ্ণৰ চৰণে ধৰি।
সমস্ত সমাজে ঘুষিয়ো হৰি।। ১৬৫
।। কালীয় দমন সমাপ্ত।।
----------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.