শ্ৰীশ্ৰীশঙ্কৰদেৱ বিৰচিত-
কীৰ্ত্তন ঘােষা
কীৰ্ত্তন ঘােষা
ৰাস ক্রীড়া
।। প্রথম কীৰ্ত্তন।।
ঘােষাঃ বােলা হৰি ৰাম মুকুন্দ মুৰাৰি
বিনা হৰিনামে ভৱ তৰিতে নপাৰি।। ১
পদঃ শুকমুনি বদতি শুনিয়াে পৰীক্ষিত।
কহাে ৰাস ক্রীড়া কথা কৃষ্ণৰ চৰিত।।
শৰত কালৰ ৰাত্রি আতি বিতােপন।
ৰাস ক্রীড়া কৰিতে কৃষ্ণৰ ভৈল মন।। ১
ভৈলন্ত উদিত চন্দ্ৰ পূৰ্ব দিশ হন্তে।
কামাতুৰা স্ত্রীৰ যেন সন্তাপ মার্জ্জন্তে।।
অখণ্ড মণ্ডল চন্দ্র দেখিলন্ত হৰি।
কুঙ্কুমে অৰুণ লক্ষ্মী মুখ পদ্ম সৰি।। ২
বনকো দেখিলা চন্দ্র ৰশ্মিয়ে ৰঞ্জিত।
সুস্বৰ মধুৰ কৰি হৰি গাইলা গীত।।
শুনি কামে উত্ৰাৱল হুয়া গােপীগণে।
দিলেক লৱড় গীত ধ্বনি নিৰীক্ষণে।। ৩
কর্ণত কুণ্ডল দোলে বেগতে হাষ্ঠিতে।
চিত্তত ধৰিলা কৃষ্ণে চলে অলক্ষিতে।।
কতাে গােপী যায় গাই দোহনক এড়ি।
আখাতে থাকিল দুগ্ধ চৰু সৈতে পড়ি।। ৪
পিয়ন্তে আছিল শিশু তাহাকো নগণি।
পতি শুশ্রুষাকো এড়ি যায় কতােজনী।।
কতাে গােপী আছিল স্বামীৰ পৰিশন্তে।
আধা ভুঞ্জা হুয়া কতাে যায় লৱড়ন্তে।। ৫
কৃষ্ণৰ শ্ৰৱণে যেন হৰি দাসগণে।
এড়ে কাম্য কৰ্ম্ম সৱে তদগত মনে।।
কৃষ্ণে হৰিলন্ত চিত্ত হইল চেতন।
পিন্ধয় পাৱত নিয়া ৰত্নৰ কঙ্কণ।। ৬
হাতত নূপুৰ আড়ে কঙ্কালত হাৰ।
কৰি বিপৰ্য্যয় পিন্ধে বস্ত্র অলঙ্কাৰ।।
তথাপি কৃষ্ণক পাইলা গােপিকাসকল।
ভকতৰ কৰ্ম্ম যেন নভৈল বিফল।। ৭
নিবাৰয় পতি পুত্র ভ্রাতৃ আগ ভেন্টে।
গােৱিন্দে হৰিল চিত্ত তথাপি নুলটে।।
বিমােহিত হুয়া সৱে লৱড়ে গােপিনী।
হৰি ভকতক যেন নলঙ্ঘে বিঘিনি।। ৮
যাইবে নপাই গৃহ মধ্যে কতাে গােপীগণ।
মনে ধৰি কৰিলা কৃষ্ণক আলিঙ্গন।।
অনেক জন্মৰ কৰ্ম্ম বন্ধ কৰি ক্ষীণ।
এড়ি তনু তেখনে কৃষ্ণতে গৈলা লীন।। ৯
পুছে পৰীক্ষিতে শুনি মিলিল সংশয়।
যাৰ বুদ্ধি মাধৱক সেৱৈ গােপীচয়।।
তথাপি মোক্ষক পাইলে কিনাে বিপর্য্যয়।
বােলা হৰি হৰি হৌক পাপৰ প্রলয়।। ১০
।। দ্বিতীয় কীৰ্ত্তন।।
ঘােষাঃ ভৱহাৰী হৰি তাৰহু মুকুন্দ মুৰাৰি।
জনম মৰণ দুখ সহিতে নপাৰি।। ২
পদঃ শুক নিগদতি ৰাজা শুনা মহাশয়।
গােপিকাৰ মােক্ষ দেখি নুহিবা বিস্ময়।।
দ্বেষ কৰি শিশুপালে লভিল মুকুতি।
বুদ্ধিক নাপেক্ষে মহৌষধিৰ শকতি।। ১১
বিষ বুলি অমৃতক পিলে যিটো নৰ।
নুহিবেক হেন জানা অজৰ অমৰ।।
যেন তেনমতে মাত্র স্মৰােক সততে।
এতেকে মুকুতি পাৱে কহিলাে বেকতে।। ১২
ব্ৰহ্মাদিৰাে ঈশ কৃষ্ণ প্রভু ভগৱন্ত।
যাত হন্তে পাৱে মােক্ষ স্থাৱৰ পর্যন্ত।।
নিৰুপায় হৰিৰ ভকতি নুহি বৃথা।
গােপী গােপালৰ আৱে শুনা পাছ কথা।। ১৩
যেবে সবে সমীপ পাইলেক গােপ নাৰী।
তাসম্বক বাক্যে মােহি বুলিলা মুৰাৰি।।
কুশলে কি আইলা কৈয়াে ব্ৰজৰ কল্যাণ।
প্রিয় কৰ্ম্ম কৰাে কিবা কহিয়াে নিদান।। ১৪
দুৰ্ঘোৰ ৰজনী প্রেত পিশাচৰ গতি।
ঐত নাথাকিবা তােৰাসৱ স্ত্রী মতি।।
তােমাসাক নেদেখিয়া পিতৃ মাতৃচয়।
তাসম্বাৰ মনে মহা মিলিব সংশয়।। ১৫
দেখিলাহা ইটো বিকশিত বৃন্দাবন।
শশাঙ্কে ধৱল নৱ পল্লৱে শােভন।।
উলটি ব্রজক যাহা কান্দে শিশুগণ।
তাসম্বক প্রতিপালি পিয়ায়ােক স্তন।। ১৬
উপপতি সমে ক্রীড়া গৰিহিত কৰ্ম্ম।
স্বামীৰ শুশ্রুষা কুলস্ত্রীৰ মহাধৰ্ম্ম।।
যদিবা আহ্মাক স্নেহে আইলা গােপীগণ।
মােক আৱে দেখিলা সিজিল প্রয়ােজন।। ১৭
বিদূৰতে থাকি কৰে শ্ৰৱণ কীৰ্ত্তন।
বাঢ়ে মােত ভকতি নিৰ্ম্মল হােৱে মন।।
দেখন্তে শুনন্তে সদা হেলা হােৱে মতি।
জানিয়া গৃহতে থাকি কৰিয়াে ভকতি।। ১৮
কৃষ্ণৰ অপ্রিয় বাণী শুনি গােপীগণ।
পাইলন্ত দুৰন্ত চিন্তা বিৱৰ্ণ বদন।।
ওলমাইল মুখ আতি পায়া দুখভাৰ।
সঘনে নিশ্বাস কাঢ়ে শুখাইল অধৰ।। ১৯
কুচৰ কুঙ্কুম মানে লােকে লেপিল।
থাকিল নিচুকি মুখে বচন হৰিল।।
চৰণে ভূমিক লেখে দেখে তমােময়।
বােলা হৰি হৰি হৌক পাপৰ প্রলয়।। ২০
।। তৃতীয় কীৰ্ত্তন।।
ঘােষাঃ গােপাল কৃষ্ণ কৰহু ত্রাণ।
তােমাক নেদেখি নসহে প্রাণ।। ৩
পদঃ শােকক স্তম্ভায়া গােপীসকলে।
মচিলা মুখ আখি আঞ্চলে।।
গদগদ মাত মুখে নােলাই।
বুলিবে লাগিলা কৃষ্ণক চাই।। ২১
ভকত বৎসল তােমাক জানি।
কেনে বােলা হেন ঘাতুক বাণী।।
সমস্ত বিষয় এড়িয়া স্বামী।
ভজিলাে তােমাৰ চৰণে আমি।। ২২
ভজিয়াে আমাক মিলােক ভাগ।
নকৰা নাথ ভকতক ত্যাগ।।
কহিলা যিটো কুলস্ত্ৰীৰ কৰ্ম্ম।
তােমাতে থাকোক সিসৱ ধৰ্ম্ম।। ২৩
জগতৰে বন্ধু আতমা তুমি।
সমস্তে ধৰ্ম্মৰ আপুনি ভূমি।।
তুমি আত্মা হেন জানি সম্প্রতি।
তােমাতেসে কৰে ভকতে ৰতি।। ২৪
নলাগে পতি পুত্র দুখ হেতু।
হুয়ােক প্রসন্ন গৰুড়কেতু।।
কৰিছাে আশা যিটো চিৰকাল।
নকৰিয়াে তাক ভঙ্গ গােপাল।। ২৫
হৰিলা চিত্ত নথাকয় ঘৰে।
হস্ত দুই গৃহ কৃত্য নকৰে।।
তােমাক এড়িয়া নচলে ভৰি।
ব্রজক গৈয়া কি কৰিবাে হৰি।। ২৬
জ্বলে কামানলে তােমাৰ গীতে।
নুমায়ােক তাক অধৰামৃতে।।
নুহি বিৰহতে দহিয়া তনু।
লভিবাে তােহ্মাৰ সমীপ পুনু।। ২৭
হয়োক প্রসন্ন জগনিৱাস।
সৱ তেজি কৈলাে তােমাতে আশ।।
নমাৰা পুৰিয়া ঈষত হাসি।
পুৰুষ ভূষণ কৰিয়াে দাসী।। ২৮
অলকে আবৃত তােমাৰ মুখ।
অধৰ সুধাক দেখন্তে সুখ।।
ভ্ৰূৱ যুগ তযু ঈষত হাসি।
দেখি তাক প্রভু ভৈলাহাে দাসী।। ২৯
তােমাৰ শুনিয়া অমৃত গীত।
নুহিবে মােহ কোন স্ত্রীৰ চিত্ত।।
আছােক আন বৃক্ষ পশু পক্ষী।
প্রেমে পুলকিত তােমাক দেখি।। ৩০
দেৱৰ ৰক্ষক যেন মুৰাৰি।
ব্রজৰাে তুমি দুখ ভয়হাৰী।।
জানিয়া জুড়ায়াে আমাৰ প্রাণ।
শিৰত হস্ত পদ্ম দিয়া দান।। ৩১
কামে বশ্য হুয়া গােপী যতেক।
বুলিলা বিহ্বল বাক্য অনেক।।
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বােলা হৰি হৰি সমস্ত জনে।। ৩২
।। চতুর্থ কীৰ্ত্তন।।
ঘােষাঃ গােৱিন্দ দেৱ বিনে নাহি কেৱ।
গােৱিন্দ দেৱ গােৱিন্দ দেৱ।। ৪
পদঃ গােপীৰ শুনিয়া আকুল বাণী।
ভৈলন্ত সদয় সাৰঙ্গপাণি।।
হাসিয়া বােলন্ত এড়িয়ে তাপ।
গােপীক ক্রীড়িলা জগত বাপ।। ৩৩
কৃষ্ণৰ সদয় দৃষ্টিক দেখি।
প্রফুল্ল মুখ ভৈলা সৱে সখী।।
দৰশি লীলা ভাৱ ভ্ৰূভঙ্গে।
কৃষ্ণৰ চৌভিতি বেঢ়িলা ৰঙ্গে।। ৩৪
গােপীৰ মধ্যে শােভে দমােদৰ।
তাৰাৰ মধ্যে যেন শশধৰ।।
গলত অম্লান পঙ্কজ মালা।
বেঢ়িয়া গুণ গাৱে গােপবালা।। ৩৫
আপুনি গাৱন্ত গীত মােহন।
ফুৰন্ত ৰঞ্জি দিব্য বৃন্দাবন।।
যমুনা বালি দেখি সুকোমল।
পদ্মগন্ধী বাতে আতি শীতল।। ৩৬
গােপীগণ লৈয়া নামিল তাত।
কৰিলা ক্রীড়া কৃষ্ণে অসংখ্যাত।।
বাহু মেলি কাকো আলিঙ্গি ধৰি।
কাৰাে স্তন নখে পৰশে হৰি।। ৩৭
মুখ চায়া কাৰাে তােলন্ত হাস।
মাতন্ত কাকো কৰি পৰিহাস।।
লন্ত বস্ত্র কাঢ়ি বঢ়ায়া ৰঙ্গ।
বেকত কৰন্ত গুপুত অঙ্গ।। ৩৮
ধৰিয়া কাৰাে কণ্ঠে বাহু মেলি।
কৰিলা অনেক অনঙ্গ কেলি।।
আনন্দে গােপীৰ বঢ়ায়া কাম।
ৰমিলা গােপীনাথ অবিশ্রাম।। ৩৯
কৃষ্ণত হতে মহামান পায়া।
বুলিলা গর্বে সৱ গােপ জায়া।।
আহ্মাৰ সম সৌভাগ্যিণী নাই।
ভৈলন্ত অধীন যাদৱ ৰায়।। ৪০
গােপীৰ মহা অহম্মদ ভাৱ।
দেখি নসহিলা কৃষ্ণৰ গাৱ।।
তাসম্বাৰ দৰ্প হৰিবে মনে।
ভৈলা অন্তর্ধান তৈতে তেখনে।। ৪১
কৃষ্ণক নপাই পাছে গােপীচয়।
মিলিল সন্তাপ ভৈলন্ত ভয়।।
যেন যূথপক নেদেখি বনে।
কান্দে আৰ্ত্তৰাৱে হস্তিনীগণে।। ৪২
কৃষ্ণৰ সদয় কটাক্ষ হাসে।
মােহন আলাপ গতি বিলাসে।।
হৰিল চিত্ত পাসৰিল মৰ্ম্ম।
কৰিবে লাগিলা কৃষ্ণৰ কৰ্ম্ম।। ৪৩
কৃষ্ণৰ স্থানে কৰে লীলা গতি।
সদয় হাস্যে চাৱে কাকো প্রতি।।
মঞিসি কৃষ্ণ দেখ গােপীগণ।
অন্যোঅন্যে গােপী বােলে বচন।। ৪৪
একত্র হুয়া মহাপ্রেম ভাৱে।
গােৱিন্দ গুণ গাৱে আৰ্ত্তৰৱে।।
বিচাৰি ফুৰে পশি বৃন্দাবনে।
কৃষ্ণ কৃষ্ণ বুলি উন্মত্ত মনে।। ৪৫
যিটো হৰি আছা জগত ব্যাপি।
বৃক্ষত তাঙ্ক সােধে পাশ চাপি।।
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বােলা হৰি হৰি সমস্ত জনে।। ৪৬
।। পঞ্চম কীৰ্ত্তন।।
ঘােষাঃ কৈত পাইবাে প্রাণ গােপাল আমি
হৰাইলা অৰুণ লােচন স্বামী।। ৫
পদঃ উচ্চ বৃক্ষ দেখি সােধে সাদৰি।
শুনিয়াে অশ্বত্থ বট পাকড়ি।।
যাহান্তে দেখিলা নন্দ কুমাৰ।
নেন্ত চুৰি কৰি চিত্ত আহ্মাৰ।। ৪৭
হে কুৰুবক অশােক চম্পা।
কহিয়াে কথা কৰা অনুকম্পা।।
মানিনীৰ দৰ্প কৰিয়া চূৰ।
নজানাে কৃষ্ণ যান্ত কত দূৰ।। ৪৮
ওবা তুলসী সমিধান দিয়া।
তুমি গােৱিন্দৰ চৰণ প্রিয়া।।
যাহান্তে দেখিলা নন্দ কুমাৰ।
প্রাণতাে অধিক প্রিয় আহ্মাৰ।। ৪৯
হে জাই যুতি সখী মালতী।
কৃষ্ণ পৰশে কি লভিলা গতি।।
সমস্তে গােপীৰ জীৱন ধন।
দেখিলা যাহান্তে নন্দ নন্দন।। ৫০
হে আম জামু বেল বকুল।
নাহি উপকাৰী তােমাৰ তুল।।
কৃষৰ বিৰহে দেখাে আন্ধাৰ।
কোৱা কৈক গৈলা প্রাণ আমাৰ।। ৫১
কিনাে তপ ওবা কৰিলা ভূমি।
কৃষ্ণৰ চৰণ পৰশে তুমি।।
মিলি আছে আতি আনন্দ ভাৱ।
দেখাে ৰােমাঞ্চিত তােমাৰ গাৱ।। ৫২
পূৰ্ব্বতাে বৰাহে আছে আলিঙ্গি।
তুমি সৰ্ব্বকালে কৃষ্ণৰ সঙ্গী।।
দেখিছা কৃষ্ণক জানাে নিশ্চয়।
কহিয়াে আমাত হুয়া সদয়।। ৫৩
মৃগ পত্নী সখী দেখিলা হৰি।
তােমাৰ নেত্ৰৰ আনন্দ কৰি।।
যান্ত প্রিয়া সমে গতি বিলাসে।
হেৰ কুন্দ গন্ধ কুঙ্কুম বাসে।। ৫৪
কতাে গােপী বােলে শুনিয়াে বাণী।
লতাতে কৃষ্ণৰ পুছাে কাহিনী।।
কৃষ্ণৰ নখৰ পৰশ পাই।
দেখা পুলকিত সমস্তে কায়।। ৫৫
বােলে বাক্য সৱে উন্মত্তভাৱে।
কৃষ্ণক বনত বিচাৰি চাৱে।।
কৃষ্ণ গুণ গান্তে প্রেম উপজে।
কৃষ্ণতে মন সমুদায় মজে।। ৫৬
সমস্তে বিহ্বল হুয়া গােপিনী।
কৰে কৃষ্ণ লীলা কতো আপুনি।।
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বােলা হৰি হৰি সমস্ত জনে।। ৫৭
।। ষষ্ঠ কীৰ্ত্তন।।
ঘােষাঃ বন্দো মন্দৰধাৰী।
গতি মতি মােৰ তুমি মুৰাৰি।। ৬
পদঃ পূতনাৰ বেশে কতােজনী দেয় স্তন।কতাে শিশু কৃষ্ণ হুয়া শােষয় জীৱন।।
কতাে গােপী থাকে যেন শকট আকাৰে।
কৃষ্ণ হুয়া ওভতাৱে চৰণ প্রহাৰে।। ৫৮
কতাে গােপী বসে শিশু কৃষ্ণ ৰূপ ধৰি।
তৃণাৱৰ্ত্ত হুয়া কতাে গােপী নেই হৰি।।
কৃষ্ণ হুয়া কেহােজনী ফুৰে আন্ঠু কাঢ়ি।
কঙ্কালত ঘাঘৰ ঘুঘুৰা কৰে সাৰি।। ৫৯
কতাে কতাে হুই ৰাম কৃষ্ণ দুই ভাই।
কতাে বৎস হুই তাকে ফুৰান্ত চৰাই।।
কতাে গােপী বকে যেন চুম্পি থাকে ভিৰি।
কৃষ্ণ হুয়া কতােজনী তাক মাৰে ছিৰি।। ৬০
কতােজনী কৃষ্ণ হুয়া বাৱে বংশী তুলি।
বেঢ়িয়া প্রশংসে কতাে ধন্য ধন্য বুলি।।
বংশীৰ নিস্বানে গাই ডাকে নাম ধৰি।
কতাে গােপীগণ আসে হাম্বাৰাৱ কৰি।। ৬১
কতােজনী বাহু থৈয়া গােপিকাৰ গলে।
কৃষ্ণময় হুয়া কতাে আনন্দতে চলে।।
জানা গােপীগণ মঞি কৃষ্ণ যদুপতি।
দেখ দেখ ইটো মােৰ কেন লীলাগতি।। ৬২
নকৰিবা ভয় বুলি কতাে গােপী মাতে।
মই কৃষ্ণ আছাে কি কৰিবে বৃষ্টি বাতে।।
গাৱৰ অঞ্চল তুলি থাকে এক কৰে।
ধৰিলাে মন্দৰ হেৰা চাপ নিৰন্তৰে।। ৬৩
কেহাে বােলে কালী দমাে মই যদুনাথে।
ভৰি দিয়া উঠে কতাে গােপিকাৰ মাথে।।
সত্বৰে অন্তৰ ঐৰ সৰ্প দুৰাচাৰ।
দুষ্টক দণ্ডিবে লাগি মােৰ অৱতাৰ।। ৬৪
কেহােজনী বােলে অৰে দেখ গােপীচয়।
বন জুই বেড়িলেক মিলিল সংশয়।।
চক্ষু মুদি থাকা সৱে সাধিবাে কল্যাণ।
মঞি কৃষ্ণে এতিক্ষণে নিবাে নিজ থান।। ৬৫
কেহাে বােলে দেখ দেখ দধিৰ বিলাই।
ভাণ্ড ভঙ্গা কৃষ্ণক ধৰিলাে লাগ পাই।।
আৰ যেন নখাস লৱনু চুৰি কৰি।
উড়ুখলে বান্ধে কতাে গােপীকাক ধৰি।। ৬০
এহিমতে কৃষ্ণ চেষ্টা কৰে গােপীগণে।
কৃষ্ণক খােজন্তে ফুৰে পশি বৃন্দাৱনে।।
দেখিলে কৃষ্ণৰ খাজচয় পৃথিৱীত।
ধ্বজ বজ্ৰ পঙ্কজ অঙ্কুশে অলঙ্কৃত।। ৬৭
পাছে সৱে গােপিকা পঞ্জাল নেয় গুড়ি।
দেখে কৃষ্ণ খােজে স্ত্রীৰ খােজ আছে পড়ি।।
দেখি দুখে অধিকে আকুল ভৈল মন।
বােলা হৰি হৰি আছে যাৱত চেতন।। ৬৮
।। সপ্তম কীৰ্ত্তন।।
ঘােষাঃ আৰ নেদেখিবাে ৰে
জীৱৰ জীৱন বনমালী।
কোথা গৈল গােপাল
হৃদয়ে অগ্নি জালি।। ৭
পদঃ দেখ সখী খােজ কোনজনী যায় সঙ্গে।
কৃষ্ণৰ কান্ধত হাত দিয়া লীলা ৰঙ্গে।।
নিশ্চয়ে জানিলাে আৰাধিলে দেৱ হৰি।
তাইক লগে নেন্ত আমি সমস্তকে এড়ি।। ৬৯
দেখা সখীসৱ ধন্য কৃষ্ণ পদ ধূলি।
ব্রহ্মা হৰে শিৰে ধৰে শুদ্ধ হও বুলি।।
আসা আমি কৰাে এহি ধূলা অভিষেক।
দেখিবাে পৱিত্র হুয়া কৃষ্ণক প্রত্যেক।। ৭০
আউৰজনী বােলে কিবা কহ গােপীগণ।
তাইৰ খােজ দেখন্তে আকুল কৰে মন।।
কৃষ্ণৰ অধমৃত সৰ্ব্বস্ব সৱাৰে।
চুৰি কৰি নিয়া তাই ভুঞ্জে একেশ্বৰে।। ৭১
আৱে ঐত তাইৰ খােজ নাকলিয়া ভালে।
তৃণে বিন্ধিলেক সুকোমল ভৰি তলে।।
প্রাণতাে অধিক প্রিয়া দুখ পাৱে বুলি।
কোলাত লইয়া যান্ত আলগাই তুলি।। ৭২
গােপীক বহন্ত কিনাে কামাতুৰ হৰি।
দেখা দেখা আৱে পােত গৈয়া যায় ভৰি।।
ঐত নমাই থৈলন্ত প্রিয়াক মহাশয়।
দেখা তাইৰ অর্থে আনিলন্ত পুষ্পচয়।। ৭৩
পাড়িল গেডুৱা চড়াই ফুল ভৰি ফান্দি।
অৰ্দ্ধেক ভৰিৰ খােজ হেৰা আছে বান্ধি।।
হেৰা দেখা তাইক ঐত ঊৰুত বৈসাই।
বান্ধিলন্ত খােপা কামাতুৰ যদুৰায়।। ৭৪
আৰিলা খােপাত তাইৰ ফুল চতুর্ভিতি।
দেখা আছিলন্ত বসি গােপিকা সহিতি।।
শুক নিগদতি ৰাজা শুনিয়ে শ্ৰৱণে।
পূর্ণকাম হৰি ক্ৰীড়িলন্ত যি কাৰণে।। ৭৫
দেখাইলন্ত দুখ কামাতুৰ পুৰুষৰ।
স্ত্রীৰ দুৰ্জ্জন ভাৱ শুনা আত পৰ।।
চলি যায় যিটো গােপী কৃষ্ণৰ লগত।
মহাগৰ্ব্ব ভাব তাইৰ বাঢ়িল মনত।। ৭৬
কৃষ্ণক আশায়ে আইলাে যত গােপীজাক।
সৱাকে এড়িয়া কৃষ্ণে ভজিলা আহ্মাক।।
সমস্তে নাৰীত শ্রেষ্ঠ আপুনাক মানি।
মহাদর্পে কৃষ্ণক বুলিলা হেন বাণী।। ৭৭
চলিতে নপাৰাে আউৰ আমি এক ভৰি।
যৈকে মন নিয়া আৱে যেন লাগে কৰি।।
শুনি হেন হৰিও বুলিলা তাইক হাসি।
যাইবে যেৱে নপাৰা কান্ধত উঠা আসি।। ৭৮
শুনি উঠিবাক তাই গৈলা কাচি পাৰি।
দেখি অন্তর্ধান ভৈলা তথাতে মুৰাৰি।।
কান্দে আৰ্ত্তৰাৱে গােপী কৃষ্ণক নেদেখি।
হা নাথ কৈক গৈলা আমাক উপেক্ষি।। ৭৯
তােমাৰেসে দাসী মই জানা নাৰায়ণ।
অনাথৰ নাথ মােক দিয়া দৰিশন।।
গােপীগণে গােৱিন্দৰ খােজ নেয় গুড়ি।
সমীপতে দেখে স্ত্রী কান্দে দুখে পড়ি।। ৮০
সমস্ত সখীত তাই কহিল বৃত্তান্ত।
যেনমতে তাইক এড়িলন্ত কৃষ্ণকান্ত।।
শুনিয়া বিস্ময় আতি ভৈলা যত সতী।
নিবৰ্ত্তিলা সৱে ঘােৰ অন্ধকাৰ দেখি।। ৮১
কৃষ্ণতে অর্পিল মন কৃষ্ণৰ আলাপ।
কৃষ্ণ গুণ গায়া কৰে কৃষ্ণৰ বিলাপ।।
পতি পুত্র গৃহ শৰীৰকো নুসুমৰে।
কৃষ্ণময় হুয়া কৃষ্ণ চেষ্টা মাত্র কৰে।। ৮২
কৃষ্ণ পদ পঙ্কজে নিবিড় কৰি চিত্ত।
দুনাই যমুনাৰ সৱে নামিল বালিত।।
কৃষ্ণক প্রার্থয় গােপী এক ঠাই হুই।
বােলা হৰি লাগােক পাপৰ মুণ্ডে জুই।। ৮৩
ঘােষাঃ মােহন দেহু দৰিশন গােপাল প্রাণ
পেখোঁ মুখ কমল।
সংসাৰ তাৰণ তােমাৰ চৰণ
নভজি জন্ম বিফল।। ৮
পদঃ কৃষ্ণত নিৰাশা হুয়া গােপীচয়
বালিত নামি দুনাই।
কৃষ্ণ দৰশন মনে গীত গাৱে
কৃষ্ণৰ গুণ বর্ণাই।।
তােহ্মাৰ জনম নিমিত্তে অধিকে
গােকুল বাঢ়ে সম্পূর্ণ।
লক্ষ্মীও সাক্ষাতে ব্রজত বঞ্চন্ত
সুখে বঞ্চে সৰ্ব্বজনে।। ৮৪
তােহ্মাতেসে প্রাণ সম্পি গােপীচয়
চাই ফুৰাে দশােদিশ।
গুচোক নিকাৰ প্রাণৰ বল্লভ
দেখা দিয়া জগদীশ।।
শৰত কালৰ বিকশ পদ্মৰ
উদৰৰ শ্ৰীক নিন্দে।
হেনয় নেত্ৰৰ কটাক্ষে আহ্মাক
মাৰিছা তুমি গােৱিন্দে।। ৮৫
নিকিনিলা দাসী ভজিলােহাে আসি
গীততে হুয়া দগধ।
কটাক্ষে মাৰিলে বধ কি নলাগে
অস্ত্রে কাটিলেসে বধ।।
বিষময় জল অঘ পূতনাত
ৰাখিলা বৃষ্টিতাে হন্তে।
চক্রবাত বন বহ্নি আনাে ভয়ে
তাৰিলা তুমি অনন্তে।। ৮৬
আৱে কেনে মন মথৰ হাতত
আমাক মৰােৱা স্বামী।
তােমাৰ চৰণ যেৱে দেখা পাওঁ
পুনৰপি জীও আমি।।
নুহিকা যশােদা নন্দন গােৱিন্দ
নিশ্চয় বুলিলাে বাক।
তুমি সমস্তৰে বুদ্ধি সাক্ষী সখি
প্রার্থিলা ব্রহ্মা তােমাক।। ৮৭
জগত ৰাখিবে লাগি যদুকুলে
আপুনি ভৈলা বিদিত।
শুনা মহাভাগ ভকতক ত্যাগ
কৰিবে নুহি উচিত।।
বিনাশে সংসাৰ ভয় ভকতৰ
পূৰে মনােৰথ যত।
হেন হস্ত পদ্ম আনি প্রাণনাথ
দিয়ােক আসি শিৰত।। ৮৮
হে ব্ৰজ জন দুখহাৰী হৰি
আমি কিঙ্কৰীক ভজ।
মােহন হসিত কটাক্ষে সহিত
দেখায়ে মুখ পঙ্কজ।।
সমস্তে প্রাণীৰ পাপ হৰে যিটো
আছিলা কালীৰ ফণে।
কামক মৰ্দ্দিয়া হেন পাদ পদ্ম
অর্পিয়াে আমাৰ স্তনে।। ৮৯
পঙ্কজ লােচন নেদেখি তােমাৰ
মৰাে হেৰা সৱে দাসী।
মধুৰ বচনে অধৰ অমৃতে
আমাক জীয়ায়াে আসি।।
তযু কথামৃতে দগ্ধকো জীয়াৱে
শ্ৰৱণে দেয় মুকতি।
সকাম কৰ্ম্মক আতি তুচ্ছ কৰি
জ্ঞানী কৰে তাকে স্তুতি।। ৯০
যিটোজনে সদা হেন কথা কৱে
সিসি আনি দেয় জীৱ।
ভৈলােহাে হেনয় সুহৃদে বঞ্চিত
দেখা দিয়া সদাশিৱ।।
শুনিয়ে কপটী সঙ্কেত আলাপ
নুগুচে আৰ হিয়াৰ।
তােমাৰ সদায় হাস্য দৰশনে
মুহিল মন আহ্মাৰ।। ৯১
তােমাকেসে লাগি মৰাে গােপীচয়
স্নেহে বিয়াকুল মতি।
তুমি পুনু প্রভু কপট আচৰ
আমাত কোন যুগুতি।।
ব্রজ হন্তে ধেনু চাৰিবাক যাহ
আমাৰ মনে আসুখ।
জানাে পাদ পদ্মে তৃণ শিলা লাগি
প্রাণনাথে পান্ত দুখ।। ৯২
তােমাৰ চিন্তায়ে দিন বহি যায়
গােধূলি গােপাল আসি।
অলকা আবৃত গােৰজে ৰঞ্জিত
দেখাৱা মুখ প্রকাশি।।
পুনু পুনু দেখাই বদন পঙ্কজ
মনত অৰ্পা মদন।
তােমাৰ সঙ্গতি নপাই দুখে ৰাতি
জাগিয়া চিন্তা চৰণ।। ৯৩
আমাৰ হৃদয় জানি কৃপাময়
এড়িয়ে কপট মতি।
দিয়া দৰিশন আমাৰ জীৱন
ৰাখিয়ােক প্রাণ পতি।।
কৃষ্ণৰ কিঙ্কৰে ভণিল শঙ্কৰে
হৰি পাৱে কৰা ৰতি।
শুনা সৰ্ব্বজন এড়া আন মন
ঘুষিয়ো হৰি সম্প্রতি।। ৯৪
।। নৱম কীৰ্ত্তন।।
ঘােষাঃ পদ্মপাণি হামি কাহে যাও
কৃষ্ণ কৈত পাও।
গােৱিন্দ বিনে বৃথা জনম গােৱাও।। ৯
পদঃ ভকত কামদ পাদ পদ্ম মনােৰম।
সেৱা সময়ত যিটো আতি সুখতম।।
হৰয় বিপদ যাক কৰিলে স্মৰণ।
আমাৰ স্তনত হেন অর্পিয়াে চৰণ।। ৯৫
বিনাশে সমস্তে শােক সুৰতি বঢ়াৱে।
সৰ্ব্বভৌম ৰাজাৰ সুখকো পাসৰাৱে।।
সুললিত বংশী আতি চুম্বি আছে যাক।
হেনয় অধমৃত দিয়ােক আমাক।। ৯৬
তােমাৰ সংযােগে মনে মিলে মহাসুখ।
ক্ষণেকে নেদেখি পাও আতি চিন্তা দুখ।।
এতেকে সৱাকে তেজি ভজিলাে তােহ্মাক।
এড়িলা কোননাে সতে তুমি আমাসাক।। ৯৭
যেৱে দিৱসত তুমি ফুৰা বৃন্দাবনে।
তােমাক নেদেখি যুগ যায় অন্ধক্ষণে।।
সন্ধ্যাত তােমাৰ মুখ দেখি এড়াও ক্লেশ।
কিনো মন্দ ব্রহ্মা তাতে স্ৰজিলা নিমেষ।। ৯৮
তযু গীতে আতি মন মুহিল আমাৰ।
পতি পুত্র ভ্রাতৃকো কৰিলাে পৰিহাৰ।।
আমাৰ সাধিবা গতি মনে হেন মানি।
তােমাৰ সমীপ পাইলাে প্রভু চক্রপাণি।। ৯৯
তুমি বিনা আছে আৰ ধূৰ্ত্ত কোন জন।
মাতি আনি নিশাত এড়িলা নাৰীগণ।।
কাহাক দুষিবাে ইসি অভাগ্য কপাল।
আমাৰ হৃদয় ৰােগ গুচায়াে গােপাল।। ১০০
তােমাৰ সুমৰি সিটো ৰহস্য আলাপ।
কৰে কামানলে আতি হৃদয়ত তাপ।।
লক্ষ্মীৰ নিৱাস সিটো দেখি উৰঃস্থল।
দুনাই দুনাই হােৱে মন আমাৰ বিহ্বল।। ১০১
ব্রজৰ জনৰ দুখ হৰিবাক প্রতি।
ভৈল অৱতাৰ হৰি তােমাৰ সম্প্রতি।।
হেন জানি ক্ষণেকো নেড়িবা যদুৰায়।
তােমাক নেদেখি হে প্রভু প্রাণ যায়।। ১০২
হে প্রভু তযু পাদ পদ্ম সুকুমাৰ।
লাসে লাসে ধৰাে যাক স্তনত আমাৰ।।
সিটো পাৱে বিজু বনে ফুৰা কেন কৰি।
শিলা খােলা লাগি জানাে পীড়া কৰে ভৰি।। ১০৩
ইহাকেসে সুমৰন্তে মন মােহ যায়।
তুমিসি আমাৰ জীৱ প্ৰাণ সমুদায়।।
এতেক বােলন্তে উপজিল প্রেম ভাৱ।
কান্দে কৃষ্ণ বুলিয়া পাড়ায় দীর্ঘৰাৱ।। ১০৪
গাৱে গীত কতাে নয়নৰ বহে নীৰ।
হা কৃষ্ণ কৃষ্ণ বুলি চিত্ত নােহে স্থিৰ।।
কৃষ্ণক নেদেখি গােপী সমস্তে বিহ্বল।
বােলা হৰি হৰি পাপ যাওক ৰসাতল।।
।। দশম কীৰ্ত্তন।।
ঘােষাঃ হেৰা পাইলো পাইলো ৰে
প্রাণধন মুকুন্দ মুৰাৰি।
দিলা দেখা দামােদৰ জীৱন হামাৰি।। ১০
পদঃ গােপিকাৰ দেখি প্রেম ভাৱ বিপৰীত।
ভৈলন্ত গােপাল আতি ব্যাকুলিত চিত্ত।।
আনন্দ বঢ়ায়া গােপীগণৰ মনত।
পৰম মধুৰ মূৰ্ত্তি ভৈলন্ত বেকত।। ১০৬
হাসো হাসাে কৰে আতি বদন কমল।
শ্যাম তনু পীত বস্ত্রে দেখিতে উজ্জ্বল।।
চিকিমিকি কৰে অলঙ্কাৰৰ দীপিতি।
গলত পদ্মৰ মালা দেখন্তে তৃপিতি।। ১০৭
দেখি ৰূপ মদনৰাে মােহন সাক্ষাত।
উঠিল আনন্দে সৱে গােপী অসংখ্যাত।।
গুচিল বিৰহ দুখ দ্ৰৱ ভৈল চিত্ত।
প্রাণক দেখিয়া যেন তনু উল্লসিত।। ১০৮
কতাে গােপীগণ গৈয়া কৃতাঞ্জলি কৰি।
থাকিল কৃষ্ণৰ হস্ত পঙ্কজত ধৰি।।
কতাে আথে বেথে গৈয়া ধৰে বাহু কান্ধে।
কতাে গােপী গৈয়া মােহ হুয়া গলে বান্ধে।। ১০৯
আগ হুৱা কেহাে চোবা লৱে হাত পাতি।
চক্ষু পকাই চাৱে কতাে কৰি মুখ কাতি।।
বদনে মর্দ্দয় কতাে গােপিকাৰ মন।
স্তনত অৰ্পয় নিয়া কৃষ্ণৰ চৰণ।। ১১০
এক দৃষ্টি কৰি কতাে কতাে গােপীগণে।
মুখ পঙ্কজত পিয়ে তবধ নয়নে।।
নাহিকে তৃপিতি যদি পিয়ন্ত সততে।
কৃষ্ণৰ চৰণ যেন চিন্তন্ত ভকতে।। ১১১
নেত্রে চায়া কেহােজনী নিয়া হৃদয়ক।
কৃষক আলিঙ্গি ভৈলা সর্বাঙ্গে পুলক।।
বহুৱে আনন্দে নয়নৰ নীৰ ঝৰি।
মহাযােগীজনে যেন আছে ধ্যান কৰি।। ১১২
এহিমতে কৃষ্ণক চাহন্তে গােপীগণ।
মিলি গৈল উৎসৱ শীতল তনু মন।।
এড়াইল বিৰহ তাপ আনন্দে ভৰিল।
ভকতক পায়া যেন সংসাৰী তৰিল।। ১১৩
শােক এড়ি গােপীগণে বেঢ়িলা চৌভিতি।
মধ্যত কৰন্ত কৃষ্ণে অধিকে দীপিতি।।
পাছে সৱে গােপিকাক লৈয়া বনমালী।
আনন্দে নামিল গৈয়া যমুনাৰ বালি।। ১১৪
পুষ্পিত মন্দাৰ কুন্দ গন্ধে হুয়া ভােল।
মধুমত্ত অনেক ভ্ৰমৰে কৰে ৰােল।।
শৰত চন্দ্ৰৰ কান্তি আতি সুকোমল।
দেখি মহা সন্তোষিত গােপিকাসকল।। ১১৫
তথাতে বসিল মাধৱক মধ্য কৰি।
ভৈল পূর্ণকাম সৱে সন্তাপ নিস্তৰি।।
প্রাণবন্ধু মাধৱক কৰিয়া সন্মান।
আঞ্চল পাতিয়া দিল বসিবাৰ স্থান।। ১১৬
বসিলন্ত তাতে অন্তর্য্যামী দেৱ হৰি।
ত্রিভুৱন মােহন মধুৰ বেশ ধৰি।।
কৰিলা শুশ্রুষা গােপীগণে মান্য কৰি।
কতাে থৈয়া কোলাত কৃষ্ণৰ জান্তে ভৰি।। ১১৭
কান্ধত বাহুত থৈয়া কতােজনী ঘষে।
কতাে লীলা কটাক্ষে চাহৱে প্ৰেম ৰসে।।
কতােহাে প্রণয় কোপে দেয় সমিধান।
বােল হৰি হৰি হৌক পাপৰ নিৰ্য্যাণ।। ১১৮
।। একাদশ কীৰ্ত্তন।।
ঘােষাঃ সাৰঙ্গপাণি প্রভু ভগৱন্ত।
নজানো তােমাৰ মায়াৰ অন্ত।। ১১
পদঃ পাছে গােপীগণে আতি সাদৰি।
কৃষ্ণৰ ৰঙ্গে জান্তে হাত ভৰি।।
ছলে পৰিহাস কৰিয়া তথা।
প্রণয় কোপে সােধে সৱে কথা।। ১১৯
কতাে মনুষ্য ভজে ভজন্তাক।
নভজে যিবা কেহাে ভজে তাক।।
ভজন্তা নভজন্তা দুইকো আসি।
নভজয় কোনে কৈয়াে প্রকাশি।। ১২০
গােপীৰ গুণি গুঢ় অভিপ্রায়।
দিলন্ত উত্তৰ যাদৱৰায়।।
শুনা সখীসৱ আহ্মাৰ বাক।
যিজনে মাত্র ভজে ভজন্তাক।। ১২১
সুহৃদ নুহি নাহি তাৰ ধৰ্ম্ম।
আপুন অর্থে কৰে মাত্ৰ কৰ্ম্ম।।
যিজনে ভজে নচাই উপকাৰ।
সুহৃদ সেহি ধর্ম সিজে তাৰ।। ১২২
ভজে নভজে দুইতো নেদে মন।
আছে চাৰিবিধ শুনা লক্ষণ।।
যিটো ব্রহ্ম জ্ঞানী দেখে সৱে মিছা।
যিজন পূর্ণ ভােগে নাহি ইছা।। ১২৩
গুৰু দ্রোহী যিটো একো নমানে।
যিটো মহামূ্ৰ্খ কিছু নজানে।।
নভজে দুইকো এহি চাৰিজন।
কহিলাে নিষ্ঠে মঞি গােপীগণ।। ১২৪
কৃষ্ণৰ বাক্য শুনি সৱে সখী।
কৰে হাস্য অনন্যা অন্যে নিৰেখি।।
বােলন্ত দুনাই কৃষ্ণে বুজি কাজ।
সখীসৱ আমি চাৰিতো বাজ।। ১২৫
ভকতেসে মােৰ সুহৃদ প্রাণ।
যিহেতু নভজো শুনা নিদান।।
সদায়ে চিন্তোক মােক নপাই।
বিহ্বল যেন ধন হৰুৱাই।। ১২৬
তােমৰাসৱো মােৰ অৰ্থে আতি।
এড়িলা বেদ ধৰ্ম্ম যত জ্ঞাতি।।
বাঢ়োক তােৰাৰ প্ৰেম ভকতি।
ভৈলাে অন্তর্ধান এহি যুগুতি।। ১২৭
নকৰা অসূয়া স্বৰূপ জানি।
আছােক ইটো শুনা সত্য বাণী।।
দুস্ত্যজ গৃহৰ এড়িয়া আশ।
ভজিলা মােক কৰি অভিলাষ।। ১২৮
ভৈলােহো বশ্য মই তােমাসাৰ।
চিৰকাল শুজা নযায় ধাৰ।।
যেৱে সৱে এড়া আপুনি দায়।
তেৱেসে মােৰ ঋণ শুজা যায়।। ১২৯
অমৃত বৰিষে কৃষ্ণৰ বাক।
জুৰাইলা শুনি সৱে গােপীজাক।।
এড়াইলা সমস্তে বিৰহ তাপ।
বােলা হৰি হৰি পলাওক পাপ।। ১৩০
।। দ্বাদশ কীৰ্ত্তন।।
ঘােষাঃ ৰাম কৰে ৰাসকেলি গােপাল গােপী সঙ্গে।
হৰি বােল হৰি বােল নিৰন্তৰে ৰঙ্গে।। ১২
পদঃ শুক নিগদতি পাছে গােৱিন্দ তহিতে।
আৰম্ভিলা ৰাসক্রীড়া গােপিকা সহিতে।।
দুয়াে গােপী মাজে এক ভৈলন্ত মাধৱ।
প্ৰৱৰ্ত্তিল তথা ৰাস ক্রীড়া মহােৎসৱ।। ১৩১
ভৈলন্ত মণ্ডলাকাৰ হাতে গলে ধৰি।
সৱে বােলে মােকেসে আলিঙ্গি আছে হৰি।।
আসিলা সভাৰ্য্যে যত দেৱগণ মানে।
জুড়িয়া আকাশ আসি অসংখ্য বিমানে।। ১৩২
মাধৱৰ ৰাসক্রীড়া চাৱে এক দৃষ্টি।
বাৱে দেৱে দুন্দুভি কৰিয়া পুষ্প বৃষ্টি।।
প্রধান গন্ধৰ্ব্বে অপেস্বৰায়ে সহিত।
মহাৰঙ্গে গাৱে গােৱিন্দৰ গুণ গীত।। ১৩৩
কৃষ্ণ সমে নাচে সৱে সন্তোষে গােপিনী।
বলয়া নূপুৰ বাজে ঝমকে কিঙ্কিণী।।
প্রকাশ কৰন্ত কৃষ্ণ গােপীৰ মধ্যত।
সুৱৰ্ণ মণিৰ মাজে যেন মৰকত।। ১৩৪
কৃষ্ণ সম ৰঙ্গে আতি নাচে গােপীজাক।
নানা ভঙ্গি চৰণ চলায়া ফুৰে পাক।।
হস্তকো চলাৱে তুলি কৰি লয়লাস।
ভ্ৰৱযুগ ক্ষেপিয়া কটাক্ষে কৰে হাস।। ১৩৫
ঝলমল কুণ্ডল গলত আসি পড়ে।
হালে কৃশ কঙ্কাল স্তনৰো বস্ত্র লড়ে।।
শিথিল মেখলা খােপা মুখে ঘৰ্ম্ম জল।
গাৱে কৃষ্ণ গুণ গীত গােপিকাসকল।। ১৩৬
কৃষ্ণৰ অসংখ্য মূৰ্ত্তি জ্বলে মেঘ নয়।
প্রকাশে বিজুলী যেন তাতে গােপীচয়।।
ঘৰ্ম্মজলে কণিকা গর্জ্জনে ভৈল গীত।
আকাশৰপৰা দেৱে দেখে বিপৰীত।। ১৩৭
কৃষ্ণ আলিঙ্গন পায়া অশেষ হৰিষ।
কৃষ্ণ গুণ গীতে পূৰিলেক দশােদিশ।।
এহিমতে নৃত্য গীতে কৃষ্ণক তুষিল।
সাধু সাধু বুলিয়া মাধৱে প্রশংসিল।। ১৩৮
তাসম্বাকো বহু মান দিলন্ত মাধৱ।
আনন্দে আকুল মিলে মনে মহােৎসৱ।।
গােপীৰ বৃত্তান্ত কথা শুনা আত পৰে।
বােলা হৰি হৰি সামাজিক নিৰন্তৰে।। ১৩৯
।। এয়ােদশ কীৰ্ত্তন।।
ঘােষাঃ পদ্মপাণি গােপী-ৰঞ্জন দুখ-ভঞ্জন দেৱ।
তােমাৰ চৰণ বিনা গতি নাহি কেৱ।। ১৩
পদঃ কতাে গােপী ভৈলা আতি ভাগৰে আকুল।
সােলকয় বলয়া খােপাৰ খসে ফুল।।
কৃষ্ণতে আউজি জিৰাৱয় কৰি কেলি।
আতি প্রীতি কান্ধত ধৰিয়া বাহু মেলি।। ১৪০
উৎপল সুগন্ধি কৃষ্ণ বাহু কন্ধে লয়।
ঘনে ঘনে আনি গােপ ৰমণী সুঙয়।।
ৰােমাঞ্চিত তনু আনন্দিত আতি মন।
ভােল হুয়া দেয় কৃষ্ণ বাহুত চুম্বন।। ১৪১
নাচন্তে চলন্তে লড়ে মকৰ কুণ্ডল।
তাৰ ৰশ্মি শােভিত কৃষ্ণৰ গণ্ডস্থল।।
তাতে লগাই কতাে গােপী পাতে মুখ আনি।নৃত্যৰ ভঙ্গিত চোবা দেন্ত চক্রপাণি।। ১৪২
নাচন্তে শৱদ কৰে নূপুৰ মেখলা।
মহা শ্রান্ত হুয়া কতাে কতাে গােপবালা।।
কৃষ্ণ হস্ত পঙ্কজ পৰম সুখকৰ।
তাক ধৰি থৱে নিয়া স্তনৰ উপৰ।। ১৪৩
লক্ষ্মীৰ ৰমণ যিটো ঈশ্বৰ মুৰাৰি।
তাহাঙ্ক বল্লভ পাইলে যত গােপনাৰী।।
কৃষ্ণে ধৰি আছে কণ্ঠে দুয়াে বাহু মেলি।
পৰম উৎসৱে আতি কৰে ৰাস কেলি।। ১৪৪
অলকা পঙ্কতি চাৰু কৰ্ণ উৎপলে।
শােভে সৱে বদন পঙ্কজ ঘৰ্ম্ম জলে।।
কৃষ্ণ সমে নাচে আতি উৎসৱে গােপিনী।
বাজয় বলয়া বাদ্য নূপুৰ কিঙ্কিনী।। ১৪৫
গােপীৰ নৃত্যত ভৈল ভৰি কৰতাল।
বেড়িয়া গুঞ্জৰে যেন ভ্রমৰে গীতাল।।
শিৰকো কম্পাৱে খসে খােপাও আউল।
তুষ্ট হুয়া কেশে বৰিষয় যেন ফুল।। ১৪৬
এহিমতে গােৱিন্দে নৃত্যৰ দেন্ত ভঙ্গি।
কতাে গােপিকাক গৈয়া ধৰন্ত আলিঙ্গি।।
কতাে গােপিকাৰ কৰে পৰশন্ত স্তন।
কটাক্ষে নিৰেখি কাকো কৰন্ত চুম্বন।। ১৪৭
আপুন লাৱণ্য কলা কৌশল সুগন্ধি।
সমস্তে গােপীত অৰ্পি ক্ৰীড়িলা প্রৱন্ধি।।
নপাৰিলা গােপীগণে মুহিবে কৃষ্ণক।
ছায়াৰে সহিতে যেন উমলে বালক।। ১৪৮
কৃষ্ণৰ ক্ৰীড়াত বিমােহিত গােপবালা।
খসে অলঙ্কাৰ কাৰাে ছিণ্ডি পৰে মালা।।
সােলকয় খােপা নবান্ধয় তাকো তুলি।
নসম্বৰে বস্ত্র কতাে কুচৰাে কাঞ্চলি।। ১৪৯
দেৱ নাৰীগণে দেখি কেশৱৰ কেলি।
মােহ হুয়া পড়ে বিমানত ঢলি ঢলি।।
ক্রীড়া দেখি চন্দ্রো কামে বিমােহিত আতি।
তম্ভাইলন্ত ৰথ নুপুহায় সিটো ৰাতি।। ১৫০
যত গােপী তত কৃষ্ণ হুয়া কৰি ক্ৰীড়া।
সমস্তে গুচাইল গােপিকাৰ কাম পীড়া।।
পূর্ণকাম হৰি ভৈলা ভকতিত বশ্য।
হৰি হৰি বুলি তৰা কহিলাে ৰহস্য।। ১৫১
।। চতুর্দশ কীৰ্ত্তন।।
ঘােষাঃ যাদৱ জগজীৱন ৰাম।
আপুনি গােপীৰ পূৰিলা কাম।। ১৪
পদঃ ৰতি শ্ৰান্ত ভৈলা যত গােপিনী।
দেখি হস্ত পদ্মে হৰি আপুনি।।
কৃপায়ে সবাৰাে মাজিলা মুখ।
মিলিল মনে মহােৎসৱ সুখ।। ১৫২
কৃষ্ণক বেড়ি আসি সৱ সখী।
অমৃত সমান হাস্যে নিৰেখি।।
কৰি পূজা ৰঙ্গে ৰঞ্জিয়া চিত্ত।
গাইলন্ত গােৱিন্দৰ গুণ গীত।। ১৫৩
তাসম্বাৰ শ্ৰম গুচাইবে প্রতি।
সঙ্গে লৈয়া সৱ ব্রজ যুৱতী।।
যমুনা জলত নামিলা হৰি।
চৌভিতি ভ্ৰমৰে সেৱে গুঞ্জৰি।। ১৫৪
শ্রান্ত হুয়া যেন মাতঙ্গ ৰাজে।
হস্তিনী সমে ক্ৰীড়ে জল মাজে।।
গােপালাে লােক মৰ্য্যাদাক এড়ি।
কৰন্ত গােপী সমে জল খেড়ি।। ১৫৫
কৃষ্ণক আৱৰি গােপীসকল।
হাসিয়া সিঞ্চে যমুনাৰ জল।।
বদন পদ্ম চায়া এক দৃষ্টি।
কৰিলা দেৱে দেখি পুষ্প বৃষ্টি।। ১৫৬
জলত গােপীক কৃষ্ণে ক্রীড়িলা।
ভ্রমন্ত যেন গজেন্দ্ৰৰ লীলা।।
গােপীগণ লৈয়া উঠিলা পাছে।
ভ্রমন্ত বনে যমুনাৰ কাছে।। ১৫৭
জলে স্থলে পুষ্প সুৰভি বাসে।
চৌপাশে গােপী চলে লয়লাসে।।
ভ্ৰমৰে যােগান ধৰে গুঞ্জৰি।
কৰিলা ৰাস ক্রীড়া দেৱ হৰি।। ১৫৮
এহিমতে যত শৰত ৰাতি।
শশাঙ্কে ধৱল শীতল আতি।।
সৱাতাে ক্ৰীড়িলা গােপী সহিত।
বিস্ময় হুয়া পুছে পৰীক্ষিত।। ১৫৯
ধৰ্ম্মক ৰাখিবা অধৰ্ম্ম নাশি।
ইকাৰ্যে ভৈলা অৱতাৰ আসি।।
ধৰ্ম্মৰ ৰক্ষক হুয়া মুৰাৰি।
ক্রীড়িলা কেনে পৰ গোপনাৰী।। ১৬০
হােৱন্ত হৰি যদি পূর্ণকাম।
কৰিলা কেনে গৰিহিত কাম।।
ছেদিয়ে সংশয় কৈয়াে বৃত্তান্ত।
দিলন্ত শুনিয়া শুকে সিদ্ধান্ত।। ১৬১
শুনিয়াে সৰ্ব্বজনে ৰাস ক্রীড়া।
বঞ্চিবা যেৱে সংসাৰৰ পীড়া।।
কৃষ্ণৰ কিঙ্কৰে কহে সম্প্রতি।
বােলা হৰি হৰি একান্ত মতি।। ১৬২
।। পঞ্চদশ কীৰ্ত্তন।।
ঘােষাঃ ৰাম ৰাম বুলি তৰা।
ভাই অন্তকে পাইলেক পৰা।। ১৫
পদঃ পৰম ঈশ্বৰে কৰে অকৰ্ম্ম।
তেজস্বীত কিছু নাহি অধর্ম।।
সৰ্ব্বভক্ষ বহ্নি সৱাকো শােষে।
তথাপিতাে যেন নােচোৱে দোষে।। ১৬৩
ঈশ্বৰ নুহি যিটো মূঢ়মতি।
ই কৰ্ম্ম কৰি যাইবে অধােগতি।।
হৰক দেখি বিষ খায় আনে।
সিজনে যেন মৰি যায় প্রাণে।। ১৬৪
দেহত যাৰ নাহি অহঙ্কাৰ।
তাহাৰ কৰ্ম্মত গুচে বিচাৰ।।
জগতৰে হৰি পৰম ঈশ।
ই কর্মে তাহাঙ্ক কৰিবে কিস।। ১৬৫
যাৰ পাদ পদ্ম চিন্তি সাম্প্রতে।
ছিণ্ডে কৰ্ম্ম বন্ধ হেলে ভকতে।।
ধৰিছা লীলা তনু হেন হৰি।
শুনা কথা তান্ত সংশয় এড়ি।। ১৬৬
জগত অন্তর্য্যামী নাৰায়ণ।
তান কোন পৰ দাৰ গমন।।
যাহাৰ স্মৰণে পাতেক মােষে।
তাঙ্ক কি কৰিব ইসৱ দোষে।। ১৬৭
শৃঙ্গাৰ ৰসে যাৰ আছে ৰতি।
আকে শুনি তােক নির্ম্মল মতি।।
ভকতৰ পদে আপুনি হৰি।
ক্রীড়িলা ৰঙ্গে নৰ দেহা ধৰি।। ১৬৮
মুহিলা গােপক কৃষ্ণৰ মায়া।
কাষতে আছে দেখে নিজ জায়া।।
নকৰে অসূয়া কৃষ্ণক কেৱ।
কায় মনে সৱে কৰন্ত সেৱ।। ১৬৯
যেৱে হৈবে খােজে প্রভাত ৰাতি।
বােলন্ত যায়ােক গােপীক মাতি।।
কৃষ্ণক এড়িবে নাহিকে মন।
আসুখে গৃহক কৰে গমন।। ১৭০
ইটো ৰাস ক্রীড়া কথা কৃষ্ণৰ।
একান্ত চিত্তে শুনে যিটো নৰ।।
কৃষ্ণক ভকতি বাঢ়িবে তাৰ।
কাম সাগৰে সুখে হৈবে পাৰ।। ১৭১
ইটো কাম জয় কৃষ্ণৰ কথা।
শুনা নৰ দেহ নকৰা বৃথা।।
কৃষ্ণৰ কিঙ্কৰে কহে প্রলাপ।
বােলা হৰি হৰি হৰােক পাপ।। ১৭২
।। যােড়শ কীৰ্ত্তন।।
ঘােষাঃ এ যাদৱ যাদৱ দীনদয়াল।
তুমিসি আমাৰ গতি মুকুতি গােপাল।। ১৬
পদঃ এহিমতে ক্রীড়াতে ৰজনী যায় ক্ষয়।
দিন ভৈলে বিৰহে আকুল গােপীচয়।।
কৃষ্ণ যান্ত বনে তাঙ্ক নেদেখি আসুখে।
কৃষ্ণ গুণ গায়া দিন বঞ্চে নানা দুখে।। ১৭৩
নিস্তাৰ কাৰণ নাহি হৰি নাম বিনা।
কত গােপী বােলে সখী কৃষ্ণ কথা শুনা।।
বাম বাহুত বাম কপােল থাপিয়া।
মধুৰ বেণুক আনি অধৰে অর্পিয়া।। ১৭৪
ৰন্ধ্ৰমধ্যে কোমল আঙ্গুলিচয় চালি।
যেতিক্ষণে বংশীডাক দেন্ত বনমালী।।
তাক শুনি দেৱস্ত্রী সমস্তে মূচ্ছিত।
কামবাণে চিত্তে আতি হুয়া জৰ্জ্জৰিত।। ১৭৫
বস্ত্রো নসম্বৰে মহামােহ হুয়া পড়ে।
স্বামীৰ কাষতে পাছে লজ্জা হােৱে বড়ে।।
হেন হৰি বিৰহ সহিবাে কেন মতে।
আউৰ গােপী বােলে সৱে সখীৰ আগতে।। ১৭৬
যাৰ উৰঃস্থলে ছটা দেখিয় লক্ষ্মীৰ।
শ্যামল মেঘত যেন বিজুলী সুস্থিৰ।।
হেন হৰি যেখনে বংশীক নাদ কৰে।
গৰু মৃগগণৰাে তেখনে চিত্ত হৰে।। ১৭৭
দান্তে তৃণ ধৰি কৰ্ণ উপৰক তুলি।
চক্ষু মুদি থাকে যেন চিত্ৰৰ পুতলী।।
আমি কেনে জীও হেন কৃষ্ণক নেদেখি।
আউৰ গােপী বােলে শুনা শুনা সৱে সখী।। ১৭৮
মাথাত ময়ূৰ পুচ্ছ পল্লৱ কৰ্ণত।
মল্ল বেশে হৰি গেৰু ঘষিয়া গাৱত।।
নাম ধৰি ধেনুক ডাকন্ত বংশী ৰাৱে।
নদীসৱাে শুনি স্তম্ভি থাকে মৌনভাৱে।। ১৭৯
আমি যেন নপায়া কৃষ্ণৰ পাদ ৰেণু।
কম্পাৱে তৰঙ্গ হস্ত প্রেমে পুনু পুনু।।
কতাে গােপী বােলে সখী সৱে শুন শুন।
গােপগণে যেখনে বর্ণাৱে কৃষ্ণ গুণ।। ১৮০
বংশীৰ নিস্বানে হৰি ডাকি আনা ধেনু।
শুনি তৰু লতা প্রেমে পুলকিত তনু।।
ফল ফুল ভৰে নম্র হুয়া মধু সৱে।
ভৈল আত্মা সাক্ষাতে বৃক্ষৰ ভাৱে কৱে।। ১৮১
কিমতে বৰ্ত্তিবাে হেন কৃষ্ণক নেদেখি।
আউৰ গােপী বােলে মােৰ কথা শুনা সখি।।
দিব্য গন্ধ তুলসীৰ কৰি মধু পান।
ভ্ৰমৰে গুঞ্জৰি ধৰে কৃষ্ণক যােগান।। ১৮২
সুন্দৰ অধৰে যেৱে কৰে বংশী ধ্বনি।
মােহ হােৱে কমল বনৰাে পক্ষী শুনি।।
হৰিকে উপাসে আসি স্থিৰ কৰি চিত্ত।
চক্ষু মুদি আনন্দতে মৌনে শুনে গীত।। ১৮০
পক্ষীও মােহক যায় যাৰ বংশী শুনি।
কিমতে ধৰিবাে প্রাণ হেন হৰি বিনি।।
কেহাে গােপী বােলে সখী শুনিয়ে কাহিনী।
ৰামে সমে পৰ্ব্বতত চড়ি চক্রপাণি।। ১৮৪
সৱাকো হৰিষ কৰায় পূৰি বংশীনাদ।
মিত্র বুলি কৰে মেঘে মধুৰ সম্বাদ।।
ছত্র ধৰি উপৰে বৰিষে দিব্য ফুল।
হেন হৰি বিয়ােগে কি নুহিবাে আকুল।। ১৮৫
কতাে গােপী যশােদাত কহৱে অদ্ভূত।
বেণু বাদ্যে কুশল তােমাৰ প্রিয় সুত।।
যেখনে বংশীক চুম্বি তােলে স্বৰ জাতি।
ব্রহ্মা ৰুদ্ৰ আদি দেৱাে হােৱে মােহ আতি।। ১৮৩
শুনি থাকে একচিত্তে মায়া কন্ধৰ।
নিশ্চয় কৰিবে নৱাৰন্ত তাল স্বৰ।।
হেন হৰি বিয়ােগে কিমতে ধৰাে প্রাণ।
বােলা হৰি হৰি হৌক পাপৰ নিৰ্যাণ।। ১৮৭
।। সপ্তদশ কীৰ্ত্তন।।
ঘােষাঃ ত্রাহি হৰি কি এ কৃষ্ণ।
গােপাল কৃপাল পাৱে ধৰো।
কৰা হৰি কৰুণা ইবাৰ যেন তৰো।। ১৭
পদঃ কেহাে বােলে সখী মােৰ বাক্যে কৰা মতি।
ব্ৰজত ফুৰন্ত হৰি লীলা গজগতি।।
ধ্বজ বজ্র পঙ্কজ খােজত বান্ধি যায়।
কৰন্ত ভঙ্গিক যেৱে আমাসাক চাই।। ১৮৮
কৃষ্ণৰ কটাক্ষ কামে মনক মর্দ্দয়।
থাকো থিয় হুয়া আমি যেন বৃক্ষচয়।।
খসে খােপা সম্বৰিবে বস্ত্রকো নৱাৰি।
শুনা সখী বুলি মাতে আউৰ গােপ নাৰী।। ১৮৯
এক প্রিয় গােপৰ কন্ধত হস্ত থই।
গৰুক গণন্ত কদাচিতাে মণি লই।।
পিন্ধিয়া গলত গন্ধ তুলসী মালাক।
যেৱে সেহি বেলাত বংশীত দেন্ত ডাক।। ১৯০
শুনি কৃষ্ণসাৰ হৰিণৰ ভাৰ্যাগণে।
কৃষ্ণৰ সমীপ চাপে উত্ৰাৱল মনে।।
গুণ সমুদয়ক পায়া নয় পুনৰপি।
এড়িলাে গৃহৰ আশা যেন আমি গােপী।। ১৯১
হেন হৰি বিয়ােগে কিমতে প্রাণ ৰৱে।
যশােদাক চাই কতাে গােপী কথা কৱে।।
কুন্দ পুষ্পে ভূষি তনু মলয় চন্দনে।
গােধনে আবৃত হুয়া তােমাৰা নন্দনে।। ১৯২
হৰিষ বঢ়ায়া যেৱে ক্রীড়ে যমুনাত।
গাৱে গীত গন্ধৰ্ব্বে মলয় বহে বাত।।
পুষ্পচয় সিঞ্চে শিৰে কৰিয়া সন্মান।
হেন হৰি বিৰহে কিমতে ধৰাে প্ৰাণ।। ১৯৩
আনন্দে কহৱে কৃষ্ণ আসিবাৰ দেখি।
আমাৰ সুহৃদ হৰি হেৰা আইল সখী।।
গােধূলি গােধন সৱে কৰি একে ঠাই।
আইল প্রাণ গােৱিন্দ বংশীত গীত গাই।। ১৯৪
পথত প্রণামে ব্রহ্মা আদি দেৱজাক।
আমাক হিংসায়ে নেদে শীঘ্ৰে আসিৱাক।।
জুৰুৱাইবে লাগি পাছে আমাৰ হৃদয়।
দৈৱকী নন্দন চন্দ্র ভৈলন্ত উদয়।। ১৯৫
কতাে আথে বেথে বােলে গােপিকা বচন।
দেখা গােৱিন্দৰ মদে চঞ্চল লােচন।।
কুণ্ডলৰ কান্তি জ্বলে বদন পাণ্ডুৰ।
যেন সন্ধ্যা সময়ে উদিত শশধৰ।। ১৯৬
আমাৰ দিনৰ তাপ হৰিবাক প্রতি।
আইল বনমালী গজৰাজ লীলাগতি।।
এহিমতে ব্রজৰ যুৱতী প্রতি নিত।
একান্তে অর্পিলা গােপালতে প্রাণ চিত্ত।। ১৯৭
দিনসৱ বঞ্চে গােৱিন্দৰ গুণ গাই।
তাসম্বাৰ সম ভাগ্যৱতী আউৰ নাই।।
পাইলে মহােদয় কৰ্ম্ম বন্ধ ছেদ ভৈলা।
মহামুনি গুৰু শুকে নৃপতিত কৈলা।। ১৯৮
ইটো ৰাসক্রীড়া কেলি নামে কাম জয়।
কৰিলা ভৃত্যৰ পদে কৃষ্ণ কৃপাময়।।
আক শুনে ভণে যিটোজন অবিশ্রাম।
বাঢ়িবে ভকতি আতি জিনিবেক কাম।। ১৯৯
কৃষ্ণৰ কিঙ্কৰে কহে শুনা নিৰন্তৰ।
কলি যুগে ভাগ্যে ভাৰতত ভৈলা নৰ।।
হৰি ভকতিত যেৱে কৰা দৃঢ় মতি।
ইজন্মত নিছয়ে পৰম পাইবা গতি।। ২০০
ভকতিত পৰে ধৰ্ম্ম নাহি সংসাৰত।
চাৰিও বেদৰ জানা এহি সাৰতত্ত্ব।।
ৰাম নাম অমৃত সততে কৰা পান।
বােলা হৰি হৰি কেতিক্ষণে পৰে প্রাণ।। ২০১
ঘােষাঃ যাদৱ জগমােহন ৰাম।
ভকত-বৎসল তােমাৰ নাম।। ১৮
পদঃ শৰত কালে চন্দ্ৰাৱলী ৰাতি।
দিব্য ৰাস ক্রীড়া কৰিলা আতি।।
পঞ্চম ৰাগে গীত গাইলা হৰি।
শুনি মােহ ভৈলা গােপ সুন্দৰী।। ২০২
ঘৰ বাৰী এড়ি লৱড়ে ভােলে।
স্তন হলফল কুণ্ডল দোলে।।
বাইলাহা বংশী পশি বৃন্দাবনে।
চৌপাশে বেঢ়ি নাচে গােপীগণে।। ২০৩
জয় কৃষ্ণ বুলি বাৱে চাপৰি।
গােপীৰ মধ্যে প্রকাশন্ত হৰি।।
যেহেন সুৱৰ্ণ মণি মাজত।
প্রকাশি আছে মহা মৰকত।। ২০৪
দুয়াে গােপী মাজে এক গােপাল।
নূপুৰে বাদ্য ভৰি কৰতাল।।
হাতত হাতে ধৰি গােপ নাৰী।
নাচিলা অনঙ্গ ৰঙ্গে মুৰাৰি।। ২০৫
সজল মেঘ মাধৱৰ কায়।
গােপীগণ ভৈলা বিজুলি প্রায়।।
অলঙ্কাৰে কৰে মধুৰ ঘােষ।
শুনিয়া মনত মিলে সন্তোষ।। ২০৬
গােপীৰ গলে ধৰি বাহু মেলি।
কৰিলা অনেক অনঙ্গ কেলি।।
শ্রম দেখি কতাে আঞ্চলে বিঞ্চে।
যমুনা জলে নামি জল সিঞ্চে।। ২০৭
পূৰিলা গােপীগণ মনােৰথ।
ক্রীড়া দেখি চন্দ্রো ৰাখিলা ৰথ।।
মােহিত ভৈলা যত দিব্য নাৰী।
ৰাখিলা গােপীক যক্ষক মাৰি।। ২০৮
ধায়া আসিলেক অৰিষ্ট বীৰে।
মেদিনী নসহে খুৰাৰ ভিৰে।।
দেখি আস্ফালিলা শিঙ্গত ধৰি।
তাৰাে প্ৰাণ লৈলা ঘাৰ মুচৰি।। ২০৯
খেদি আসিলেক কেশী অসুৰ।
হ্ৰেষণি শুনি কাম্পে গােপপুৰ।।
লাঞ্জৰ ছাটিত মেঘ উড়াই।
দেখিয়া প্রভু তাঙ্ক গৈলা ধাই।। ২১০
পাছে চণ্ড বেগে অসুৰে আসি।
হানিলেক লাঠি ভৰি উল্লাসি।।
এড়াইলা তাঙ্ক শ্ৰম কৰি হৰি।
অঞ্জাৰি পেলাইলা পাৱত ধৰি।। ২১১
আসিল কেশী দুনাই বেন্ত বাই।
বাম বাহু তাৰ মুখে ভৰাই।।
বঢ়াইলা প্রভু আতি বৰ বেগে।
ভেণ্টিল গল যেন গর্ভৰােগে।। ২১২
ভূমিত পড়িল চেতন হৰি।
চক্ষু ওলােটায়া আছাৰে ভৰি।।
মৰিল অসুৰ ছাদি ৰুধিৰ।
বাজ ভৈলা বাহু ফাটি শৰীৰ।। ২১৩
কেশী বধ দেখি হাসি হৰিষে।
ব্রহ্মা আদি দেৱে পুষ্প বৰিষে।।
কংসৰ বােলে যত দৈত্য আসে।
সৱে অগনিত পতঙ্গ জাসে।। ২১৪
এহিমতে সৱে অসুৰ মাৰি।
ফুৰিলা বৃন্দাবনে গৰু চাৰি।।
গাে ধূলি পড়ি ৰঞ্জে মুখ আখি।
মাথাত পিন্ধিলা মৈৰাৰ পাখি।। ২১৫
গুঞ্জাৰ থােপা কর্ণত আৰি।
কাষত লৈয়া শিঙ্গা বেত বাড়ি।।
মােহন বংশী বেৰটিত থই।
ব্যঞ্জন ভাত বাম হাতে লই।। ২১৬
ভােজন কৰা তুমি যদুৰাজে।
বসিয়া ৰঙ্গে গােপ শিশু মাজে।।
কোনে বুজিবেক তােমাৰ লীলা।
কটাক্ষে ভূমিৰ ভাৰ হৰিলা।। ২১৭
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
গােপাল কেলি শুনা সৰ্ব্বজনে।।
মােক্ষ পাইবা যেৱে সংসাৰ তৰি।
সঘনে ডাকি বােলা হৰি হৰি।। ২১৮
।। ৰাস-ক্রীড়া সমাপ্ত।।
------------------------------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.