কীৰ্ত্তন ঘােষা
নাম অপৰাধ
৷ ৷ প্রথম কীৰ্ত্তন।।
ঘােষাঃ কৰিয়াে হৰিৰ চৰণে ৰতি।
কলিত হৰিৰ নামেসে গতি ৷ ৷ ১
পদঃ পদ্ম পুৰাণৰ স্বৰ্গ খণ্ডত।
নিৰূপি আছে কলি ধৰ্ম্ম যত।।
তাক শুনা আৱে একান্ত চিতে।
যাৰ ইচ্ছা আছে ভৱ তৰিতে।। ১
আছে চাৰি সিদ্ধ জ্ঞানী পৰম।
ব্ৰহ্মাৰ চাৰিও পুত্র প্রথম।।
তাসম্বাক পায়া নাৰদ ঋষি।
পুছিলা সংশয় কথা হৰিষি।। ২
ঈশ্বৰ ভগৱন্ত কৃপাময়।
কহিছা যিটো মহা পাপচয়।।
কেনমতে হােৱে বিনাশ তাৰ।
কলিত কোন পুণ্যে পাৱে পাৰ।। ৩
কহিয়া ছেদিয়ে সংশয় যত।
চাৰিও তােৰা মহাভাগৱত।।
শুনিয়া সনতকুমাৰ মুনি।
দিলন্ত উত্তৰ মনত গুণি।। ৪
গােৱিন্দৰ প্রিয় নাৰদ শুনা।
ভাগৱত ধৰ্ম্ম আপুনি জানা।।
হৌক মােক্ষ বুলি সৱে লােকৰ।
কৰিলা প্রশ্ন সংসাৰতে সাৰ।। ৫
যেন মতে পাৱে সংসাৰ পাৰ।
শুনা সাৱধানে উত্তৰ তাৰ।।
সদায়ে এড়িলে আচাৰ ধৰ্ম্ম।
নভৈল যাৰ কিছু জাত কৰ্ম্ম।। ৬
শঠ বুদ্ধি যিটো জগতে বঞ্চে।
দম্ভ অহঙ্কাৰ সদা নুগুচে।।
সুৰাপায়ী চাটুকাৰ চাণ্ডাল।
নিষ্ঠুৰ বাক্য বােলে সৰ্ব্বকাল।। ৭
পুত্র দাৰা ধন আতেসে ৰতি।
সৱাতাে অধম যি পাপমতি।।
সি সৱাে পাপত হােৱে তৰণ।
যদি হৰি পদে লৱে শৰণ।। ৮
দেৱতাে উত্তম কৰুণাকৰ।
মুকুতি পাৱে যত চৰাচৰ।।
যিটো থাকে তান দ্রোহ আচৰি।
ভজিলে তাকে নিস্তাৰ হৰি।। ৯
যিটো মন্দমতি অধম নৰে।
হৰিৰাে মহা অপৰাধ কৰে।।
নামত শৰণ লৱে বাৰেক।
নামে হৰে তাৰ সৱে পাতেক।। ১০
সুহৃদ হৰি নাম সমস্তৰে।
তাৰে অপৰাধ যি নৰে কৰে।।
তাহাৰ ৰক্ষাৰ নাহি উপায়।
অৱশ্যে সিটো অধােগতি যায়।। ১১
হৰিও ৰাখিবে নৱাৰে তাক।
শুনিয়া নাৰদে বুলিলা বাক।
নামৰ কোন অপৰাধগণ।
লােকৰ যিটো পুণ্য কৰে ছন্ন।। ১২
পাপক সঞ্চি যায় অধােগতি।
কহিয়াে নামৰ দ্রোহ সম্প্রতি।।
শুনি মুনি বাক্য বুলিলা তথা।
পুছিলা পৰম ৰহস্য কথা।। ১৩
পূৰ্ব্বতে কহিলা মােত শঙ্কৰে।
প্রকাশিবাে আক তােহ্মাৰ তৰে।।
শুনা যেন যেন দ্রোহ নামৰ।
হৰি হৰি বােলা সমস্ত নৰ।। ১৪
কলিত হৰিৰ নামেসে গতি ৷ ৷ ১
পদঃ পদ্ম পুৰাণৰ স্বৰ্গ খণ্ডত।
নিৰূপি আছে কলি ধৰ্ম্ম যত।।
তাক শুনা আৱে একান্ত চিতে।
যাৰ ইচ্ছা আছে ভৱ তৰিতে।। ১
আছে চাৰি সিদ্ধ জ্ঞানী পৰম।
ব্ৰহ্মাৰ চাৰিও পুত্র প্রথম।।
তাসম্বাক পায়া নাৰদ ঋষি।
পুছিলা সংশয় কথা হৰিষি।। ২
ঈশ্বৰ ভগৱন্ত কৃপাময়।
কহিছা যিটো মহা পাপচয়।।
কেনমতে হােৱে বিনাশ তাৰ।
কলিত কোন পুণ্যে পাৱে পাৰ।। ৩
কহিয়া ছেদিয়ে সংশয় যত।
চাৰিও তােৰা মহাভাগৱত।।
শুনিয়া সনতকুমাৰ মুনি।
দিলন্ত উত্তৰ মনত গুণি।। ৪
গােৱিন্দৰ প্রিয় নাৰদ শুনা।
ভাগৱত ধৰ্ম্ম আপুনি জানা।।
হৌক মােক্ষ বুলি সৱে লােকৰ।
কৰিলা প্রশ্ন সংসাৰতে সাৰ।। ৫
যেন মতে পাৱে সংসাৰ পাৰ।
শুনা সাৱধানে উত্তৰ তাৰ।।
সদায়ে এড়িলে আচাৰ ধৰ্ম্ম।
নভৈল যাৰ কিছু জাত কৰ্ম্ম।। ৬
শঠ বুদ্ধি যিটো জগতে বঞ্চে।
দম্ভ অহঙ্কাৰ সদা নুগুচে।।
সুৰাপায়ী চাটুকাৰ চাণ্ডাল।
নিষ্ঠুৰ বাক্য বােলে সৰ্ব্বকাল।। ৭
পুত্র দাৰা ধন আতেসে ৰতি।
সৱাতাে অধম যি পাপমতি।।
সি সৱাে পাপত হােৱে তৰণ।
যদি হৰি পদে লৱে শৰণ।। ৮
দেৱতাে উত্তম কৰুণাকৰ।
মুকুতি পাৱে যত চৰাচৰ।।
যিটো থাকে তান দ্রোহ আচৰি।
ভজিলে তাকে নিস্তাৰ হৰি।। ৯
যিটো মন্দমতি অধম নৰে।
হৰিৰাে মহা অপৰাধ কৰে।।
নামত শৰণ লৱে বাৰেক।
নামে হৰে তাৰ সৱে পাতেক।। ১০
সুহৃদ হৰি নাম সমস্তৰে।
তাৰে অপৰাধ যি নৰে কৰে।।
তাহাৰ ৰক্ষাৰ নাহি উপায়।
অৱশ্যে সিটো অধােগতি যায়।। ১১
হৰিও ৰাখিবে নৱাৰে তাক।
শুনিয়া নাৰদে বুলিলা বাক।
নামৰ কোন অপৰাধগণ।
লােকৰ যিটো পুণ্য কৰে ছন্ন।। ১২
পাপক সঞ্চি যায় অধােগতি।
কহিয়াে নামৰ দ্রোহ সম্প্রতি।।
শুনি মুনি বাক্য বুলিলা তথা।
পুছিলা পৰম ৰহস্য কথা।। ১৩
পূৰ্ব্বতে কহিলা মােত শঙ্কৰে।
প্রকাশিবাে আক তােহ্মাৰ তৰে।।
শুনা যেন যেন দ্রোহ নামৰ।
হৰি হৰি বােলা সমস্ত নৰ।। ১৪
৷ ৷ দ্বিতীয় কীৰ্ত্তন।।
ঘােষাঃ ঘুষিয়াে হৰি হৃদি ৰূপ ধৰি ঘুষিয়াে হৰি।
নাহি আন পুণ্য নামক সৰি।। ২
পদঃ ভকতক নিন্দা কৰে অধম।
জানিবা নামৰ দ্রোহী পৰম।।
যাত হন্তে ভৈল নামৰ খ্যাতি।
তাৰ কি নিন্দা নামে সহে আতি।। ১৫
গুণ নাম যিটো বিষ্ণু শিৱৰ।
তাক ভিন্ন বুধি কৰে যি নৰ।।
নামৰ সিও মহা অপৰাধী।
নৰকত পৰে দৈৱে নবাধি।। ১৬
যিটো পাপী কৰে গুৰুক হেলা।
বেদকো যদি নিন্দে কোনাে বেলা।।
নামৰ ইও দুয়াে অপৰাধ।
ভুঞ্জিবে যাতনা নাহিকে বাধ।। ১৭
হৰিৰ নামে কল্পে অর্থবাদ।
নামৰ মহিমা কৰে উচ্ছাদ।।
সিজন নামৰ দ্রোহী পৰম।
নৰকে পচে নাহি তাৰ জন্ম।। ১৮
নামৰ বলে কৰে পাপ বুদ্ধি।
অষ্টাঙ্গযােগে তাৰ নাহি শুদ্ধি।
নাহি আন পুণ্য নামক সৰি।। ২
পদঃ ভকতক নিন্দা কৰে অধম।
জানিবা নামৰ দ্রোহী পৰম।।
যাত হন্তে ভৈল নামৰ খ্যাতি।
তাৰ কি নিন্দা নামে সহে আতি।। ১৫
গুণ নাম যিটো বিষ্ণু শিৱৰ।
তাক ভিন্ন বুধি কৰে যি নৰ।।
নামৰ সিও মহা অপৰাধী।
নৰকত পৰে দৈৱে নবাধি।। ১৬
যিটো পাপী কৰে গুৰুক হেলা।
বেদকো যদি নিন্দে কোনাে বেলা।।
নামৰ ইও দুয়াে অপৰাধ।
ভুঞ্জিবে যাতনা নাহিকে বাধ।। ১৭
হৰিৰ নামে কল্পে অর্থবাদ।
নামৰ মহিমা কৰে উচ্ছাদ।।
সিজন নামৰ দ্রোহী পৰম।
নৰকে পচে নাহি তাৰ জন্ম।। ১৮
নামৰ বলে কৰে পাপ বুদ্ধি।
অষ্টাঙ্গযােগে তাৰ নাহি শুদ্ধি।
নাম অপৰাধী সিও পৰম।।
ভুঞ্জিবে যাতনা অনেক জনম।। ১৯
ধৰ্ম্ম হােম ব্রত তীর্থত স্নান।
যতেক আছে মহাযজ্ঞ দান।
আকেয়েৰে কৰে নামক সৰি।
কতনাে যাতনা ভুঞ্জিবে মৰি।। ২০
নামক কীৰ্ত্তন কৰন্তে আনে।
আন মন কৰি নুশুনে কাণে।।
অর্ধক যাইবে সিও হৈবে কলা।
বাহিবে কাণত তপত শলা।। ২১
নাহিকে শ্রদ্ধা নপাতেই কাণ।
তাক যিটো দেয় নামক দান।।
নামৰ দ্রোহী নাহি তাত পৰে।
ভুঞ্জাইবে যাতনা যম কিঙ্কৰে।। ২২
শুনিয়া নামৰ মহিমা নীতি।
তথাপি নামত নকৰে প্রীতি।।
নামৰ দ্রোহী সিও অহঙ্কাৰী।
ভুঞ্জিবেক কাকে চিহ্বা উভাৰি।। ২৩
ভুঞ্জিবে যাতনা অনেক জনম।। ১৯
ধৰ্ম্ম হােম ব্রত তীর্থত স্নান।
যতেক আছে মহাযজ্ঞ দান।
আকেয়েৰে কৰে নামক সৰি।
কতনাে যাতনা ভুঞ্জিবে মৰি।। ২০
নামক কীৰ্ত্তন কৰন্তে আনে।
আন মন কৰি নুশুনে কাণে।।
অর্ধক যাইবে সিও হৈবে কলা।
বাহিবে কাণত তপত শলা।। ২১
নাহিকে শ্রদ্ধা নপাতেই কাণ।
তাক যিটো দেয় নামক দান।।
নামৰ দ্রোহী নাহি তাত পৰে।
ভুঞ্জাইবে যাতনা যম কিঙ্কৰে।। ২২
শুনিয়া নামৰ মহিমা নীতি।
তথাপি নামত নকৰে প্রীতি।।
নামৰ দ্রোহী সিও অহঙ্কাৰী।
ভুঞ্জিবেক কাকে চিহ্বা উভাৰি।। ২৩
এহি দশ অপৰাধ নামৰে।
আহ্মত কৃপায়ে কহিলা হৰে।।
পূৰ্ব্বত সমস্ত মুনিৰ আগে।
তােমাত আবে কৈলাে অনুৰাগে।। ২৪
নামৰ দ্রোহ নেৰে যিটো জানি।
পাপতে পচে সিটো মন্দ প্রাণী।।
মাতৃক ক্রোধে ত্যজি যেন অন্ন।
দুখ মাত্র পাৱে বালকগণ।। ২৫
এৰিয়া অপৰাধ দেৱ ঋষি।
নামত যতন কৰা হৰিষি।।
নামেসে কৰিবে পৰম সিদ্ধি।
হৰিৰ নাম জগতৰ নিধি।। ২৬
পুছিলা নাৰদ মুনি দুনাই।
যাহাৰ ইজ্ঞান বৈৰাগ্য নাই।।
সদায় মজি আছ বিষয়তে।
এৰাইবে নামৰ দ্রোহ কিমতে।। ২৭
সনতকুমাৰে দিলে উত্তৰ।
নামৰ দ্রোহী যিটো পাপী নৰ।।
সততে ফুৰে হৰি নাম গাই।
তেৱেসে নামৰ দ্রোহ এড়াই।। ২৮
স্বৰূপ শুনা ঋষি উদাসীন।
যিজন নাম অপৰাধ হীন।।
হৰিৰ তেৱে একে নামে তৰে।
শুনে বা ভণে বা মনত স্মৰে।। ২৯
কহিলা ৰহস্য মােত শঙ্কৰে।
আক যিটো জনে কীৰ্ত্তন কৰে।।
মুকুতি পাইবে এড়াই অপৰাধ।
কহিলাে নাৰদ নাহিকে বাধ।। ৩০
পৰম বান্ধৱ হৰিৰ নাম।
যিজনে আক লৱে অবিশ্রাম।।
তাৰ সাত কাৰ্য্য সাধিবে দেখা।
প্রতি প্রতি লৱা সাতৰাে লেখা।। ৩১
প্রথমে দহিবে পাতেকচয়।
কৰিবে মহাপুণ্য অভ্যুদয়।।
কৰাইবে বিষয়ত বিৰকতি।
কৃষ্ণত কৰাইবে প্রেম ভকতি।। ৩২
উপজাইবে আতি বৈষ্ণৱ জ্ঞান।
মায়াকো কৰিবে দহি নিৰ্য্যাণ।।
চৈতন্য ময় পূর্ণানন্দ হৰি।
থৈবক তেন্তে এৰে এককৰি।। ৩৩
তেৱেসে নাম হৈবে উপশান্ত।
কহিলাে পৰম তত্ত্ব একান্ত।।
নাম বিনে নাহি কলিত গতি।
কলিৰ লােক হৈবে পাপমতি।। ৩৪
অন্যত্র ধৰ্ম্মে নাহি অধিকাৰ।
জানিবা কলিত নামেসে সাৰ।।
কলিত সদা নুসুমৰে হৰি।
হেলাত মৰে আত্মঘাত কৰি ৷ ৷ ৩৫
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
মনুষ্য জন্ম নপায় সেন্থৰে।।
আক ব্যর্থ কৰা কিনাে অভাগী।
মাণিক্যক বিকা কাচক লাগি।। ৩৬
কেতিক্ষণে কিবা মিলে বিঘাত।
তথাপি চেতন নাহিকে গাত।।
আজি কালি কিবা মিলে মৰণ।
হৰিৰ নামত লৈয়াে শৰণ।। ৩৭
নকৰিবা নিন্দা মােক মহন্তে।
আসিল শাস্ত্র বাৰাণসী হন্তে।।
তাহাকে চাই নিবন্ধিলাে পদ।
হৰি হৰি বুলি তৰা আপদ।। ৩৮
আহ্মত কৃপায়ে কহিলা হৰে।।
পূৰ্ব্বত সমস্ত মুনিৰ আগে।
তােমাত আবে কৈলাে অনুৰাগে।। ২৪
নামৰ দ্রোহ নেৰে যিটো জানি।
পাপতে পচে সিটো মন্দ প্রাণী।।
মাতৃক ক্রোধে ত্যজি যেন অন্ন।
দুখ মাত্র পাৱে বালকগণ।। ২৫
এৰিয়া অপৰাধ দেৱ ঋষি।
নামত যতন কৰা হৰিষি।।
নামেসে কৰিবে পৰম সিদ্ধি।
হৰিৰ নাম জগতৰ নিধি।। ২৬
পুছিলা নাৰদ মুনি দুনাই।
যাহাৰ ইজ্ঞান বৈৰাগ্য নাই।।
সদায় মজি আছ বিষয়তে।
এৰাইবে নামৰ দ্রোহ কিমতে।। ২৭
সনতকুমাৰে দিলে উত্তৰ।
নামৰ দ্রোহী যিটো পাপী নৰ।।
সততে ফুৰে হৰি নাম গাই।
তেৱেসে নামৰ দ্রোহ এড়াই।। ২৮
স্বৰূপ শুনা ঋষি উদাসীন।
যিজন নাম অপৰাধ হীন।।
হৰিৰ তেৱে একে নামে তৰে।
শুনে বা ভণে বা মনত স্মৰে।। ২৯
কহিলা ৰহস্য মােত শঙ্কৰে।
আক যিটো জনে কীৰ্ত্তন কৰে।।
মুকুতি পাইবে এড়াই অপৰাধ।
কহিলাে নাৰদ নাহিকে বাধ।। ৩০
পৰম বান্ধৱ হৰিৰ নাম।
যিজনে আক লৱে অবিশ্রাম।।
তাৰ সাত কাৰ্য্য সাধিবে দেখা।
প্রতি প্রতি লৱা সাতৰাে লেখা।। ৩১
প্রথমে দহিবে পাতেকচয়।
কৰিবে মহাপুণ্য অভ্যুদয়।।
কৰাইবে বিষয়ত বিৰকতি।
কৃষ্ণত কৰাইবে প্রেম ভকতি।। ৩২
উপজাইবে আতি বৈষ্ণৱ জ্ঞান।
মায়াকো কৰিবে দহি নিৰ্য্যাণ।।
চৈতন্য ময় পূর্ণানন্দ হৰি।
থৈবক তেন্তে এৰে এককৰি।। ৩৩
তেৱেসে নাম হৈবে উপশান্ত।
কহিলাে পৰম তত্ত্ব একান্ত।।
নাম বিনে নাহি কলিত গতি।
কলিৰ লােক হৈবে পাপমতি।। ৩৪
অন্যত্র ধৰ্ম্মে নাহি অধিকাৰ।
জানিবা কলিত নামেসে সাৰ।।
কলিত সদা নুসুমৰে হৰি।
হেলাত মৰে আত্মঘাত কৰি ৷ ৷ ৩৫
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
মনুষ্য জন্ম নপায় সেন্থৰে।।
আক ব্যর্থ কৰা কিনাে অভাগী।
মাণিক্যক বিকা কাচক লাগি।। ৩৬
কেতিক্ষণে কিবা মিলে বিঘাত।
তথাপি চেতন নাহিকে গাত।।
আজি কালি কিবা মিলে মৰণ।
হৰিৰ নামত লৈয়াে শৰণ।। ৩৭
নকৰিবা নিন্দা মােক মহন্তে।
আসিল শাস্ত্র বাৰাণসী হন্তে।।
তাহাকে চাই নিবন্ধিলাে পদ।
হৰি হৰি বুলি তৰা আপদ।। ৩৮
।। নাম অপৰাধ সমাপ্ত ।।
------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.