সৰস্বতী পূজা ৰচনা

সৰস্বতী পূজা

সৰস্বতী বন্দনা


যা কুন্দেন্দু তুষাৰহাৰা ধবলা যা শ্বেত পদ্মাসনা।
যা বীণা বৰদণ্ডমণ্ডিত কৰা যা শুভ্ৰবস্ত্ৰাবৃতা।।
যা ব্ৰহ্মাচ্যুত-শঙ্কৰ প্ৰভৃতিভিদেৱৈঃ সদা বন্দিতা।
সামাং পাতু সৰস্বতী ভগৱতী নিঃশেষজাড্যাপহা।।

            প্ৰতিবছৰে বসন্ত পঞ্চমী দিনটো অৰ্থাৎ মাঘমাহৰ শুক্লা পঞ্চমী তিথিত আই সৰস্বতীৰ জন্মদিন উপলক্ষ্যে সমগ্ৰ দেশতে সৰস্বতী পূজা হিচাপে পালন কৰা হয়। ব্ৰহ্মাৰ ভাৰ্যা সৰস্বতী দেৱীক বাগ্দেৱী, বীণাপাণি আদি নামেৰেও জনা যায়।

            সৰস্বতী পূজা শিক্ষা বা জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী দেৱীৰ বন্দনা কৰিবৰ কাৰণে অনুষ্ঠিত কৰা এটা ধৰ্মীয় উৎসৱ। বিশেষকৈ, এই পূজা শিক্ষানুষ্ঠানসমূহত অনুষ্ঠিত কৰা হয় যদিও, আজিকালি পুথিভঁৰাল, সংঘ আদিতো এই উৎসৱ পালন কৰা দেখা যায়।

            সিদিনা দেৱী পূজন, সাংস্কৃতিক অনুষ্ঠান আদি বিভিন্ন কাৰ্যসূচীৰে দিনটীয়াকৈ এই উৎসৱ পালন কৰা হয়। আগবেলা পূজা, নাম-প্ৰসঙ্গ কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰ সাজপাৰ পিন্ধি পূজাত অংশগ্ৰহণ কৰে। সাধাৰণতে, পুস্পাঞ্জলি নিদিয়া পৰ্যন্ত সিদিনা ছাত্ৰ-ছাত্ৰীসকল উপবাসে থাকে। পূজাৰ অন্তত মাহ-প্ৰসাদ বিলোৱা হয়। তাৰপাছতে অতিথিসকলক চাহ, লুচি আদিৰে আপ্যায়ন কৰা হয়। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে একেলগে প্ৰীতিভোজন কৰে। নিশাৰ ফালে ছাত্ৰ-ছাত্ৰীসকলে নাটক, ভাওনা, বিচিত্ৰানুষ্ঠান, সঙ্গীতানুষ্ঠান আদিৰ জৰিয়তে নিজৰ নিজৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰিবলৈ সুবিধা পায়। ইয়াৰ যোগেদি তেওঁলোকৰ সুকুমাৰ কলা বিকাশৰ সুবিধা হয়।

সৰস্বতী বন্দনা

যা কুন্দেন্দু তুষাৰহাৰা ধবলা যা শ্বেত পদ্মাসনা।
যা বীণা বৰদণ্ডমণ্ডিত কৰা যা শুভ্ৰবস্ত্ৰাবৃতা।।
যা ব্ৰহ্মাচ্যুত-শঙ্কৰ প্ৰভৃতিভিদেৱৈঃ সদা বন্দিতা।
সামাং পাতু সৰস্বতী ভগৱতী নিঃশেষজাড্যাপহা।।


সৰস্বতী স্তোত্ৰ

শ্বেতপদ্মাসনা দেৱী শ্বেতপুষ্পোপশোভিতা।
শ্বেতাম্বৰাধৰা নিত্যা শ্বেতগন্ধানুলেপনা।।
শ্বেতাক্ষ সূত্ৰহস্তা চ শ্বেত চন্দন চৰ্চ্চিতা।
শ্বেতবীণাধৰা শুভ্ৰা শ্বেতালঙ্কাৰ ভূষিতা।।
বন্দিতা সিদ্ধগন্ধৱৈৰৰ্চ্চিতা সুৰদানবৈঃ।
পূজিতা মুনিভিঃ সৰ্বৈঋষিভিঃ স্তুয়তে সদা।।
স্তোত্ৰেণানেন তাং দেৱীং জগদ্ধাত্ৰীং সৰস্বতীম্।
যে স্মৰন্তি ত্ৰিসন্ধ্যায়াং সৰ্ব্বধাং বিদ্যাং লভন্তি তে।।

[ ইতি পদ্মপুৰাণে সৰস্বতী স্তোত্ৰং সম্পূৰ্ণম ]

            প্ৰটিটো উৎসৱে পৰস্পৰ ভাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়া কৰাত বিশেষ ভূমিকা পালন কৰে। সৰস্বতী পূজাও কোনো কাৰণতেই তাৰ ব্যতিক্ৰম নহয়!

Post a Comment

0 Comments